Police Encounter at chabua : চাবুৱাত আৰক্ষীৰ গুলীত আহত ডকাইত

author img

By

Published : Jan 10, 2022, 11:39 AM IST

Updated : Jan 10, 2022, 1:40 PM IST

dacoit-injured-in-police-encounter-at-chabua-dibrugarh
চাবুৱাত আৰক্ষীৰ গুলীত আহত ডকাইত ()

11:30 January 10

চাবুৱাত ATM-ৰ ভিতৰত এনকাউণ্টাৰ ৷ ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশৰ পৰা বিৰত আৰক্ষী ৷

চাবুৱাত আৰক্ষীৰ গুলীত আহত ডকাইত

মৰাণ, 10 জানুৱাৰী : সোমবাৰে পুৱতি নিশা ডিব্ৰুগড় জিলাৰ চাবুৱাত সংঘটিত হৈছে এক গুলীচালনাৰ (Police Encounter at chabua) ঘটনা ৷ চাবুৱাৰ এম এইচ তিনিআলিত থকা এটা এটিএমৰ ভিতৰত সংঘটিত এই ঘটনাত আহত হৈছে (Dacoit injured in police encounter at Chabua) এটা ডকাইত ৷

প্ৰাপ্ত তথ্য অনুসৰি, ডকাইতটোৱে এটিএমৰ ভিতৰত লুটপাত কৰি থকা অৱস্থাতে মুখামুখি হয় আৰক্ষীৰ দলৰ সৈতে ৷ আৰক্ষীয়ে কৰা গুলীচালনাত বাওঁভৰিত আঘাতপ্ৰাপ্ত হয় ডকাইতটো ৷ আৰক্ষীয়ে ততালিকে ডকাইতটোক প্ৰেৰণ কৰে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ AMC-ৰ অস্থি শৈল্য বিভাগত চিকিৎসাধীন চোৰটো চাবুৱাৰ বিশমাইলৰ বিতু ভূমিজ বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাৰ বাঘজৰী হাতত লোৱাৰ এমাহৰ ভিতৰতেই ৰাজ্যত এনকাউণ্টাৰৰ এটা নতুন ট্ৰেণ্ড আৰম্ভ হয় । চৰকাৰখনৰ প্ৰায় ছমহীয়া কাৰ্যকালত স্মাৰ্ট অসম আৰক্ষীয়ে অৰ্ধ শতাধিক এনকাউণ্টাৰৰ ঘটনা সংঘটিত কৰিছে । যাক লৈ বিভিন্ন সময়ত ভিন্ন প্ৰশ্নৰো অৱতাৰণা হোৱা দেখা গৈছে ৷

লগতে চাওক: 40 দিনত 20 বাৰ গুলীচালনা: অসম আৰক্ষীৰ বিৰুদ্ধে "ভূৱা এনকাউণ্টাৰ" ৰ অভিযোগ

Last Updated :Jan 10, 2022, 1:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.