ETV Bharat / bharat

Omicron varient in India : ভাৰতত দিনে 13.29 শতাংশ হাৰত বৃদ্ধি ক'ভিডত আক্ৰান্তৰ সংখ্যা

author img

By

Published : Jan 10, 2022, 10:07 AM IST

Updated : Jan 10, 2022, 10:14 AM IST

ভাৰতত অ’মিক্ৰণত আক্ৰান্তৰ সমখ্যা অতি ভয়াবহ হাৰত বৃদ্ধি পাইছে । বৰ্তমানলৈকে দেশৰ 27 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ৰণা ভাইৰাছৰ এই নতুন প্ৰকাৰ অ’মিক্ৰণত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ 4,033 গৰাকী ।

india-records-over-1-dot-79-lakh-new-covid-cases-metros-driving-surge
দিনে 13.29 শতাংশ হাৰত বৃদ্ধি দেশত ক'ভিডত আক্ৰান্তৰ সংখ্যা

নেশ্যনেল ডেস্ক, 10 জানুৱাৰী : ভাৰতত ভয়াৱহ হাৰত বৃদ্ধি পাইছে অ’মিক্ৰণত আক্ৰান্তৰ ঘটনা । বৰ্তমানলৈকে দেশৰ 27 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ৰণা ভাইৰাছৰ এই নতুন প্ৰকাৰ অ’মিক্ৰণত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ 4,033 গৰাকী । মহাৰাষ্ট্ৰ আৰু ৰাজস্থানত সৰ্বাধিক 1,216 আৰু 529 টা অ’মিক্ৰণৰ ঘটনা পোহৰলৈ আহিছে । অৱশ্যে অ’মিক্ৰণত আক্ৰান্ত 4,033 গৰাকী ৰোগীৰ ভিতৰত, 1,552 গৰাকী ৰোগীক ডিচচাৰ্জ কৰা হৈছে চিকিৎসালয়ৰ পৰা । সোমবাৰে প্ৰকাশ পোৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্যত পোহৰলৈ আহিছে এই সংখ্যা ।

মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি, ভাৰতত যোৱা 24 ঘণ্টাত ক’ৰণাত আক্ৰান্ত হৈছে 1,79,723 গৰাকী ব্যক্তি, যি হৈছে যোৱা 225 দিনৰ ভিতৰত সৰ্বাধিক আক্ৰান্তৰ ঘটনা । ইফালে সমগ্ৰ দেশত ক’ভিডৰ সংক্ৰমণৰ সংখ্যা হৈছেগৈ 3,57,07,727 টা । আনহাতে, ক’ৰণাত নতুনকৈ আক্ৰান্ত হৈ যোৱা 24 ঘণ্টাত ১৪৬ গৰাকী লোকৰ মৃত্যু হৈছে ৷ ইয়াকে ধৰি ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা হ’লগৈ ৪,৮৩,৯৩৬ গৰাকী ৷

লগতে পঢ়ক : Unutilized COVID vaccine : এতিয়াও ৰাজ্যসমূহত মজুত আছে অব্যৱহৃত ১৭ কোটি ক'ভিড প্ৰতিষেধক

Last Updated :Jan 10, 2022, 10:14 AM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.