ETV Bharat / state

দেশৰ স্বাস্থ্য ক্ষেত্ৰত নতুন সংযোজন: মাতৃ ঘৰৰ জড়িয়তে দুৰ্গম এলেকাৰ গৰ্ভৱতী মহিলাই পাব স্বাস্থ্যসেৱা

author img

By

Published : Jan 10, 2022, 11:51 AM IST

দেশৰ স্বাস্থ্য ক্ষেত্ৰত নতুন সংযোজন ৷ কাৰ্বি আংলঙৰ দুৰ্গম এলেকাত ভাৰতৰ প্ৰথমটো "মাতৃ ঘৰ" মুকলি (Indias first mother home inaugurate at Karbi Anglong) ৷

মাতৃ ঘৰৰ জড়িয়তে দুৰ্গম এলেকাৰ গৰ্ভৱতী মহিলাই পাব স্বাস্থ্যসেৱা
মাতৃ ঘৰৰ জড়িয়তে দুৰ্গম এলেকাৰ গৰ্ভৱতী মহিলাই পাব স্বাস্থ্যসেৱা

ডিফু, 9 জানুৱাৰী : ভাৰতবৰ্ষৰ স্বাস্থ্যখণ্ডত সংযোজন হ'ল আন এক গুৰুত্বপূৰ্ণ সেৱা ৷ দেওবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ দুৰ্গম অঞ্চল তাৰাপুং-বৰপুং নামৰ ঠাইত মুকলি কৰা হয় ‘মাতৃ গৃহ’ (Matri ghar inaugurate in Karbi Anglong) ৷ এই গৃহত গৰ্ভৱতী মহিলা সকলৰ যত্ন লোৱাৰ লগতে এখন চিকিৎসালয়ত পাব পৰা সকলো সুবিধা এই গৃহতে প্ৰদান কৰা হ’ব গৰ্ভৱৰ্তী মহিলাসকলক ৷

ভাৰত চৰকাৰৰ অনুমোদনৰ পিছতে দুৰ্গম এলেকাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে মুকলি হয় এই ‘মাতৃ ঘৰ’ গৃহটো ৷ কাৰ্বি পাহাৰৰ অতি পিছপৰা দুৰ্গম এলেকা বৰপুং-তাৰাপুঙৰ ছাৰিহুটি বে' গাঁৱত দেওবাৰে মুকলি কৰা হয় ভাৰতৰ প্ৰথমটো 'মাতৃ ঘৰ' (Indias first mother home) । যাক লৈ এতিয়া যথেষ্ট আনন্দিত হৈ পৰিছে পাহাৰীয়া অঞ্চলটোৰ ৰাইজ ৷

Indias first mother home
কাৰ্বি আংলঙত মুকলি ভাৰতৰ প্ৰথমটো ‘মাতৃ ঘৰ’

উল্লেখ্য যে, সৰ্বভাৰতীয় পৰ্যায়ত এই সেৱা উপলব্ধ কৰোৱাৰ বাবে কাৰ্বি পৰিষদৰ স্বাস্থ্য বিভাগৰ ই এম খনছিং ৰংপিয়ে কিছুদিনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰলৈ এখনি পত্ৰও লিখিছিল ৷ পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা সঁহাৰিও লাভ কৰিছিল কাৰ্বি পৰিষদৰ স্বাস্থ্য বিভাগৰ ই এম খনছিং ৰংপিয়ে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে কাৰ্বি পৰিষদৰ স্বাস্থ্য বিভাগৰ ই এম গৰাকীয়ে ৷

কাৰ্বি আংলঙত মুকলি ভাৰতৰ প্ৰথমটো ‘মাতৃ ঘৰ’

প্ৰান্তীয় এলেকাৰ এই ঘৰটোত আছে ছগৰাকী গৰ্ভৱতী মহিলাক একেলগে ৰাখিব পৰাকৈ ছয়খন সুকীয়া বিছনা আৰু স্বাস্থ্য পৰিসেৱাৰ সকলো সুবিধা । প্ৰসৱৰ কমেও এসপ্তাহ পূৰ্বে এই "মাতৃ ঘৰ"ত এগৰাকী গৰ্ভৱতী মহিলাগৰাকীক সযতনে ৰাখি প্ৰসৱৰ সময়ত যাতে অতি সহজে স্বাস্থ্যকৰ্মীসকলে চিকিৎসালয়ত প্ৰসূতিগৰাকীক নিৰাপদ প্ৰসৱ কৰাব পাৰে, তাৰো সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে এই ঘৰত ৷ এগৰাকী প্ৰসূতি মাতৃ আৰু নৱজাতকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে জিলা স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ক'ভিড : বাতিল PGSU ৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.