ETV Bharat / state

নগাঁৱত ২৭ সংখ্যক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক অধিৱেশন

author img

By

Published : Jan 10, 2022, 1:59 PM IST

নগাঁও জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ ২৭ সংখ্যক অধিৱেশন(State conference of ABVP holds in Nagaon) ৷ অধিৱেশনত উপস্থিত অলিম্পিয়ান বক্সাৰ লাভলীনা বৰগোহাঁই(Boxer Lovlina Borgohain attends State conference of ABVP ) ৷

27th Session of ABVP State Committee in Nagaon
নগাঁৱত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক অধিৱেশন

নগাঁও, 10 জানুৱাৰী : দেওবাৰে নগাঁও জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ ২৭ সংখ্যক অধিৱেশন(State conference of ABVP holds in Nagaon) ৷ পৰিষদৰ নৱনিৰ্বাচিত ৰাজ্যিক সভাপতি ৰবীন কাকতিৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় যুটীয়া সাংগঠনিক সম্পাদক শ্ৰীনিবাসে দেশৰ বৰ্তমান পৰিস্থিতিত AVBP য়ে ল’ব লগা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি কয়, AVBPয়ে সৰ্বসাধাৰণ ৰাইজৰ লগতে ছাত্ৰ সমাজৰ উত্তৰণৰ হকে কাম কৰি আহিছে ৷ ছাত্ৰ শক্তি দেশৰ ভবিষ্যৎ ৷ ছাত্ৰ শক্তিক আমি ৰাষ্ট্ৰ নিৰ্মানৰ কামত জড়িত হ’বলৈ অনুপ্ৰাণিত কৰিব লাগিব ৷ সেয়েহে আমি প্ৰতিজন বিদ্যাৰ্থী পৰিষদৰ সদস্যই AVBPৰ সংগঠন শক্তিশালী কৰাৰ মনোনিবেশ কৰিব লাগিব ৷

নগাঁৱত ২৭ সংখ্যক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক অধিৱেশন

ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক সীমান্ত বৈশ্যই উদেশ্য বাখ্যা কৰা সভাখনত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা , আৰ এছ এছ(RSS)ৰ কৰ্মকৰ্তা ব্ৰজেন কাকতি, AVBPৰ উত্তৰ পূৱ প্ৰান্তৰ ক্ষেত্ৰীয় সম্পাদক নীৰৱ ঘিলানী, অসমৰ প্ৰান্তীয় সম্পাদক অৰূপ কুমাৰ, নগাঁও জিলা সমিতিৰ সংযোজক মৃত্যুঞ্জয় মাহতুকে ধৰি ৰাজ্যিক সমিতিৰ সকলো বিষয় ববীয়া, সদস্যই অংশগ্ৰহণ কৰে ৷ উক্ত সভাত অলিম্পিয়ান বক্সাৰ লাভলীনা বৰগোহাঁইক সংগঠনটোয়ে সম্বৰ্ধনা জ্ঞাপন কৰে(Boxer Lovlina Borgohain felicitated by AVBP in Nagaon) ৷ নগাঁও বাসীৰ মৰম-আদৰ লাভ কৰি আপ্লুত হৈ পৰে বক্সাৰগৰাকী ৷

নগাঁৱত ২৭ সংখ্যক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক অধিৱেশন

সভাই ৰাষ্ট্ৰীয় শিক্ষানীতি কাৰ্যকৰীকৰণৰ জৰিয়তে অসমৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৰ্ৱতন সাধন কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনোৱাৰ লগতে অসমৰ ভূমি, সংস্কৃতি, ভাতৃত্ববোধৰ সুৰক্ষাৰ বাবে কাম কৰিবলৈ সংকল্প গ্ৰহণ কৰে ৷ তদুপৰি অসম বালাংদেশ সীমান্ত চীল কৰি অনুপ্ৰবেশ ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সভাই চৰকাৰক আহ্বান জনায় । সভাতেই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নতুন ৰাজ্যিক সমিতিয়ে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে ৷

লগতে পঢ়ক : ABVPয়ে ঘেৰাও কৰিলে ত্ৰিপুৰাৰ শিক্ষা ভৱন : আৰক্ষীৰ লাঠিচালনাত আঘাতপ্ৰাপ্ত শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.