ETV Bharat / state

Land Centric Conflict : নগাঁৱত ভূমিকেন্দ্ৰিক সংঘাতত প্ৰাণ গ’ল এজনৰ

author img

By

Published : Jan 10, 2022, 11:04 AM IST

ভূমিক কেন্দ্ৰ কৰি চলি অহা এখন দীৰ্ঘদিনীয়া কাজিয়াৰ পৰিণতিত দেওবাৰে এজনে প্ৰাণ হেৰুৱাব লগীয়া হ’ল নগাঁৱত (One killed in land centric clash at Juria in Nagaon)৷ দুটা ফৈদৰ মাজত থকা ভূমি বিবাদে আক্ৰমণৰ ৰূপ লোৱাত মৃত্যু ঘটে গুলজাৰ হুছেইন নামৰ এজন ব্যক্তিৰ ৷

Land Centric Conflict
ভূমিকেন্দ্ৰিক সংঘাতত নগাঁৱত মৃত্যু এজনৰ

নগাঁও, 10 জানুৱাৰী : নগাঁৱ জুৰীয়াৰ কালিয়াডিঙাত সংঘটিত হয় এক ভয়াৱহ ভূমিকেন্দ্ৰিক সংঘাত (One killed in land centric clash at Juria in Nagaon) ৷ বহুদিনীয়া ভূমি বিবাদৰ বাবেই প্ৰাণ গ’ল এজনৰ ৷ ভূমিক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সৃষ্টি হোৱা সংঘাতৰ পৰিপ্ৰেক্ষিতত দেওবাৰে এটা ফৈদৰ মানুহে হাতত চোকা মাৰাণাস্ত্ৰৰে সু-সজ্জিত হৈ আনটো ফৈদৰ গৃহত অনাধিকাৰে প্ৰৱেশ কৰি আক্ৰমণ কৰে ৷

এই আক্ৰমণৰ ঘটনাত গুলজাৰ হুছেইন নামৰ এজন ব্যক্তিৰ প্ৰাণ যোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় ৷ উল্লেখ্য যে, জুৰীয়াৰ কালিয়াডিঙাৰ কদ্দুছ আলী আৰু গুলজাৰ হুছেইন নামৰ দুই পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি এডৰা ভূমিক লৈ চলি আহিছিল বিবাদ ৷ যাৰ পৰিপ্ৰেক্ষিতত দুই পৰিয়ালে জুৰীয়া আৰক্ষী থানাতো ৰুজু কৰিছিল গোচৰ ৷

ভূমিকেন্দ্ৰিক সংঘাতত নগাঁৱত মৃত্যু এজনৰ

ইমানদিনে মীমাংসা নোহোৱা মাটি-বাৰীৰ এই সংঘাতে অৱশেষত দেওবাৰে ধাৰণ কৰে ভয়ংকৰ ৰূপ ৷ কদ্দুছ আলীৰ ফৈদৰ এটা দলে গুলজাৰ হুছেইনৰ গৃহত অনাধিকাৰে প্ৰৱেশ কৰি ঘৰখনৰ সকলোকে আক্ৰমণ কৰে ৷ এই আক্ৰমণত গুলজাৰ হুছেইন নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় ৰূহুল আমিন ,আব্দুল ৰৌফ আৰু আব্দুল মালেক ৷ আটাইকে বৰ্তমান উন্নত চিকিৎসাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷

লগতে পঢ়ক : Strict action against illegal sale of liquor: মাজুলীত জব্দ বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.