Bhaona Samaroh at Majuli : মাজুলীত ভাওনা সমাৰোহৰ পূৰ্ণ প্ৰস্তুতি

By

Published : Jan 10, 2022, 9:05 AM IST

thumbnail

19 জানুৱাৰীৰ পৰা 15 দিনীয়াকৈ মাজুলীত অনুষ্ঠিত হ’বলগীয়া ভাওনা সমাৰোহৰ পূৰ্ণ প্ৰস্তুতি (15 days bhaona samaroh in Majuli) ৷ বিভিন্ন বৰ্ণিল কাৰ্যসূচীৰ সমাহাৰ ঘটিব এই ভাওনা সমাৰোহত ৷ উল্লেখযোগ্য যে, মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰই প্ৰত্যেক 2 বছৰৰ অন্তৰে অন্তৰে ভাওনা সমাৰোহ উদযাপন কৰি আহিছে (Aaauniaati bhaona samaroh Majuli) ৷ ২০২২ চনত অষ্টম বাৰৰ বাবে অনুষ্ঠিত হ’ব লগা এই ভাওনা সমাৰোহত মুঠ 30 টাকৈ ভাওনাৰ দলে অংশ গ্ৰহণ কৰিব (30 groups will participate in bhaona samaroh) ৷ চৰকাৰে বান্ধি দিয়া সকলো ক'ভিড নীতি মানি মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত ১৯ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব এই অসম ভাওনা সমাৰোহ । উল্লেখ্য যে, সম্পূৰ্ণ কভিড বিধি মানি ভেকচিনৰ দুটা পালি লোৱা ব্যক্তিসকলে সামাজিক দূৰত্ব মানিহে উপভোগ কৰিব পাৰিব এই ভাওনা সমাৰোহ ৷ ইফালে দিনৰ ২ বজাৰ পৰা ৯ বজাৰ ভিতৰত দুখনকৈ ভাওনাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.