ETV Bharat / city

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Dec 6, 2021, 7:07 PM IST

TOP 10 AT 7PM
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Armed Forces Special Powers Act নালাগে শান্তিপূৰ্ণ নগালেণ্ডত :নেফিউ ৰিঅ’

নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই ৰাজ্যখনৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন উঠাই দিয়াৰ আহ্বান জনাইছে (CM Rio demands removal of AFSPA from Nagaland) ৷ নিৰীহ নগা লোকক সেনাই কৰা আক্ৰমণ (Ambush on civilians in Nagaland) সম্পৰ্কত মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷

Nagaland Civilians Deaths : নাগালেণ্ডৰ সেনা আক্ৰমণক দুৰ্ভাগ্যজনক আখ্যা অমিত শ্বাহৰ

নাগালেণ্ডত সেনাবাহিনীৰ অভিযানৰ সময়ত 14 জন সাধাৰণ লোক নিহত হোৱা ঘটনাক লৈ লোকসভাত দুখ প্ৰকাশ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবেও সেনা বাহিনীক সতৰ্ক হ’বলৈ আহ্বান জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

NSCN Peace Talks: ম'ন জিলাৰ ঘটনাই প্ৰভাৱ পেলাব নগা শান্তি আলোচনাত

শনিবাৰে নিশা নাগালেণ্ডৰ ম'ন জিলাত নিৰাপত্তাৰক্ষীৰ গুলিয়াগুলীৰ ঘটনাত (Security forces firing in Nagalnad) প্ৰাণ হেৰুৱাবলগীয়া হয় 16 গৰাকী নগা ক’ন্যাক (Konyak) জনজাতিৰ লোকে ৷ এই অনাকাংক্ষিত ঘটনাই ৰাজ্যখনৰ দীৰ্ঘদিন ধৰি চিল থকা নগা শান্তি চুক্তিক যথেষ্ট ভাবে প্ৰভাৱিত কৰাৰ সম্ভাৱনাই দেখা দিছে ৷

কোকঝাৰত উপস্থিত হৈ প্ৰাক্তন এনডিএফবিৰ সদস্যক চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কোকৰাঝাৰত উপস্থিত হৈ ১৬৬৯ গৰাকী প্ৰাক্তন এনডিএফবিৰ সদস্যক চাৰি লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰে(CM distributes cheque to ex NDFB members) ৷

Jal Jeevan Mission : ২০২৩ ৰ ভিতৰত সম্পূর্ণ হ’ব জল জীৱন মিছনৰ কাম

২০২৩ চনৰ ভিতৰতে সম্পূর্ণ হ’ব কেন্দ্ৰীয় জল জীৱন আঁচনি(Jal Jeevan Mission)ৰ কাম ৷ এই ঘোষণা কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ ইতিমধ্যে ১৬ লাখ পৰিয়ালত জল সংযোগ দিয়াৰ তথ্যও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷

ভাৰতীয় নৌ সেনাৰ তৎপৰতাত কলকাতাত মুকলি Sandhayak

দেওবাৰে কলকাতাত মুকলি কৰা হ'ল চাৰিখন নতুন সুবিশাল জৰীপ জাহাজৰ ভিতৰত প্ৰথমখন জাহাজ 'সন্ধায়ক'(Navy launches 'Sandhayak' in Kolkata) । ভাৰতীয় নৌ সেনাই মুকলি কৰা এই নতুন জাহাজখন সামুদ্ৰিক আৰু ভূ-ভৌতিক তথ্য সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা হ'ব । 'সন্ধায়ক' জাহাজ অত্যাধুনিক হাইড্ৰ'গ্ৰাফিক সঁজুলিৰে সু-সজ্জিত ।

ভাৰত-পাক সীমান্তত পাকিস্তানী মাতৃয়ে জন্ম দিলে ব’ৰ্ডাৰক

ভাৰত-পাকিস্তান সীমান্তত এগৰাকী মাতৃয়ে জন্ম দিলে এটি পুত্ৰ সন্তান (Mother delivers baby in Indo Pak border)৷ নাম ৰাখিলে ব’ৰ্ডাৰ ৷ সদ্যোজাত শিশুটিৰ পিতৃ-মাতৃ পাকিস্তানী ৷ এতিয়া ভাৰত-পাকিস্তান উভয়েই গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে ব’ৰ্ডাৰ আৰু পিতৃ-মাতৃক ৷

Ind Vs Nz Test : নিউজিলেণ্ডক 372 ৰাণত পৰাস্ত কৰিলে ভাৰতে, 1 0ৰ ব্যৱধানত শৃংখলা জয়

সোমবাৰে 372 ৰাণৰ বৃহৎ ৰাণৰ ব্যৱধানত নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত জয়লাভ ভাৰতৰ ৷ আজিৰ খেলখনত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে ৰবিচন্দ্ৰন অশ্বিনে ৷

প্ৰতিটো ফৰমেটত ৫০ খন আন্তঃৰাষ্ট্ৰীয় মেচ বিজয়ী প্ৰথমগৰাকী ক্ৰিকেটাৰ বিৰাট কোহলি

সোমবাৰে ক্ৰিকেটৰ প্ৰতিটো ফৰমেটতে ৫০ খন আন্তঃৰাষ্ট্ৰীয় মেচ জয় কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ'ল ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি (Virat Kohli sets New Record) । ভাৰত-নিউজিলেণ্ডৰ মাজৰ দুখন খেলৰ শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচত ভাৰতে নিউজিলেণ্ডক ৩৭২ ৰাণত পৰাস্ত কৰে(India defeated New Zealand by 372 runs) ।

Vicky Katrina Wedding : উখল মাখল পৰিবেশত ৰাজস্থানৰ এক ৰাজকীয় দুৰ্গত বিকী কেটৰিণাৰ বিবাহ পৰ্ব

ৰাজস্থানৰ চৱাই মাধোপুৰস্থিত ছয় ইন্দ্ৰিয় দুৰ্গ বাৰৱাৰা(Six Senses Fort Barwara)ত বিবাহপাশত আৱদ্ধ হ’ব বলীউডৰ আটাইতকৈ চৰ্চিত যুটি কেটৰিণা কাইফ আৰু বিকী কৌশলে(Vicky Katrina wedding) ৷ সেইমৰ্মে সোমবাৰে দুপৰীয়া প্ৰায় 12 বজাত মুম্বাইৰ পৰা ৰাজস্থানলৈ প্ৰস্থান কৰি সন্ধিয়া 6 বজাৰ ভিতৰত জয়পুৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে বিকী-কেটৰিণাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.