ETV Bharat / bharat

ভাৰত-পাক সীমান্তত পাকিস্তানী মাতৃয়ে জন্ম দিলে ব’ৰ্ডাৰক

author img

By

Published : Dec 6, 2021, 6:47 PM IST

Updated : Dec 6, 2021, 7:05 PM IST

ভাৰত-পাকিস্তান সীমান্তত এগৰাকী মাতৃয়ে জন্ম দিলে এটি পুত্ৰ সন্তান (Mother delivers baby in Indo Pak border)৷ নাম ৰাখিলে ব’ৰ্ডাৰ ৷ সদ্যোজাত শিশুটিৰ পিতৃ-মাতৃ পাকিস্তানী ৷ এতিয়া ভাৰত-পাকিস্তান উভয়েই গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে ব’ৰ্ডাৰ আৰু পিতৃ-মাতৃক ৷

mother delivers baby on indo pak border
mother delivers baby on indo pak border

নিউজ ডেস্ক, 6 ডিচেম্বৰ : ভাৰত-পাক সীমান্তত জন্ম পোৱা এটা শিশু শেহতীয়াকৈ বিশেষ চৰ্চালৈ আহিছে (Baby born in Indo Pak border) ৷ যোৱা 2 ডিচেম্বৰত আটাৰী সীমান্তত জন্ম হৈছিল এই শিশুটি ৷ সীমান্ত অঞ্চলত জন্ম পোৱাৰ বাবে পিতৃ-মাতৃয়ে শিশুটিৰ নাম ৰাখিলে ব’ৰ্ডাৰ ৷

নিম্বু বাই আৰু বালাম ৰাম নামৰ স্বামী-স্ত্ৰী হালৰ এই সদ্যোজাত পুত্ৰ সন্তানৰ নাম ৰখা হৈছে ব’ৰ্ডাৰ ৷ জানিব পৰা মতে, প্ৰায় আঢ়ৈ মাহ ধৰি আটাৰী সীমান্তত প্ৰায় 97 গৰাকী পাকিস্তানী নাগৰিকৰ সৈতে অস্থায়ী শিৱিৰত বাস কৰিছিল নিম্বু বাই আৰু বালাম ৰামে ৷ তাতেই জন্ম লাভ কৰে তেওঁলোকৰ সন্তানে ৷ পঞ্জাৱ প্ৰদেশৰ ৰাজনপুৰ জিলাৰ বাসিন্দা তেওঁলোক ৷

ভাৰতত লক ডাউন আৰম্ভ হোৱাৰ পূৰ্বেই আন 97 গৰাকী পাকিস্তানী নাগৰিকৰ সৈতে তেওঁলোক আহিছিল ভাৰতলৈ (Pakistani entered in Indian border) ৷ আত্মীয়ক লগ কৰাৰ লগতে গৈছিল তীৰ্থ যাত্ৰালৈও ৷

কিন্তু ভাৰতৰ সীমান্তত প্ৰয়োজনীয় নথি-পত্ৰ দেখুৱাব নোৱাৰাৰ বাবেই আটাইকে আটক কৰিছিল ভাৰতীয় সীমান্তৰক্ষী বাহিনীয়ে ৷ যোৱা 2 ডিচেম্বৰত নিম্বু বায়ে প্ৰসৱ বেদনাত চটফটাবলৈ ধৰে ৷ তেতিয়াই সীমান্তৱৰ্তী অঞ্চলটোৰ একাংশ মহিলাই নিম্বু বাইক ওচৰৰে এটি স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ৷ তাতেই জন্ম হয় এটি পুত্ৰ সন্তানৰ ৷ ভাৰত-পাক সীমান্তত জন্মপোৱা হেতুকে সন্তানটিৰ নাম ৰাখে ব’ৰ্ডাৰ ৷

স্থানীয় সূত্ৰই জনোৱা মতে, অস্থায়ী শিৱিৰটোত থকা প্ৰায় 47টি শিশুৰ মাজৰ 6 টি শিশুৰ এই সীমান্ততে জন্ম হৈছে ৷ আটাৰী সীমান্তৰ আশ্ৰয় শিৱিৰত এক অনিশ্চিত ভৱিষ্যতৰ মাজেৰে দিন অতিবাহিত কৰা এই লোক সকলে এতিয়া বাট চাইছে স্ব-দেশলৈ উলটি যোৱাৰ বাবে ৷

কিন্তু ওভতনি পথত আহি পৰিছে হেঙাৰ ৷ কিয়নো পাকিস্তানৰ সেনা বাহিনীয়ে তেওঁলোকক স্ব-দেশলৈ পঠিওৱাত অমান্তি হৈছে ৷ ইফালে ভাৰত চৰকাৰেও গ্ৰহণ কৰিব খোজা নাই এই লোকসকলক ৷ যাৰ বাবে এতিয়া নিজৰ ভৱিষ্যতক লৈ উদ্বিগ্ন হৈ পৰিছে তেওঁলোক ৷

লগতে পঢ়ক : Nagaland Civilians Deaths : নাগালেণ্ডৰ সেনা আক্ৰমণক দুৰ্ভাগ্যজনক আখ্যা অমিত শ্বাহৰ

Last Updated : Dec 6, 2021, 7:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.