Nagaland Civilians Deaths : নাগালেণ্ডৰ সেনা আক্ৰমণক দুৰ্ভাগ্যজনক আখ্যা অমিত শ্বাহৰ

author img

By

Published : Dec 6, 2021, 3:59 PM IST

Updated : Dec 6, 2021, 5:22 PM IST

Nagaland Civilians Deaths

নাগালেণ্ডত সেনাবাহিনীৰ অভিযানৰ সময়ত 14 জন সাধাৰণ লোক নিহত হোৱা ঘটনাক লৈ লোকসভাত দুখ প্ৰকাশ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ (Amit Shah on Nagaland issue)৷ ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবেও সেনা বাহিনীক সতৰ্ক হ’বলৈ আহ্বান জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

নিউজ ডেস্ক, 6 ডিচেম্বৰ : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে লোকসভাত নাগালেণ্ডত সেনাবাহিনীৰ অভিযানৰ সময়ত 14 জন সাধাৰণ লোক নিহত হোৱাৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰে (Amit Shah on Nagaland issue) ৷ গৃহমন্ত্ৰী শ্বাহে কয় যে, এটা বিশেষ তদন্তকাৰী দল গঠন কৰি দিয়া হৈছে যি এমাহৰ ভিতৰত এই ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰিব ৷

নাগালেণ্ডৰ পৰিস্থিতি উত্তপ্ত হৈ আছে যদিও নিয়ন্ত্ৰণত আছে বুলি উল্লেখ কৰে অমিত শ্বাহে (Army ambush in Nagaland)৷ ইয়াৰ লগতে ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবেও সেনা বাহিনীক সতৰ্ক হ’বলৈ আহ্বান জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : Ambush on civilians in Nagaland: ইণ্ডো-নাগা যুদ্ধবিৰতিৰ সবাটোকৈ দুৰ্ভাগ্যজনক অধ্যায়

লোকসভাৰ সদনত বিৰোধী দলৰ সাংসদ সকলে অমিত শ্বাহৰ বক্তব্যৰ পাচতে প্ৰতিবাদ কৰি এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰাৰ লগতে এই ঘটনাক লৈ অধিক সময় আলোচনা কৰাৰ বাবে দাবী জনায় (Nagaland issue on Parliament winter session) ৷

প্ৰধান বিৰোধী দল কংগ্ৰেছে এই আলোচনাত প্ৰধানমন্ত্ৰী মোডীয়ে অংশ গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে ৷ কিন্তু দেখা গৈছে যে, সংসদৰ এই অধিবেশনৰ পৰা আঁতৰি আছে প্ৰধানমন্ত্ৰী মোডী ৷

লগতে পঢ়ক : Tension grips Nagaland : উত্তপ্ত পৰিস্থিতি নাগালেণ্ডৰ মন জিলাত

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ ভাষণত কয় যে, চৰকাৰে সূক্ষ্মভাৱে এই সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰি আছে আৰু অঞ্চলটোৰ শান্তি বৰ্তাই ৰখাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব (Centre observed minutely the Nagaland Issue) ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে তাৎক্ষণিকভাৱে উত্তৰ-পূৱৰ দায়িত্বত থকা অতিৰিক্ত সচিবক কহিমালৈ যাবলৈ নিৰ্দেশ দিছে ৷ সোমবাৰে নাগালেণ্ডৰ মুখ্য সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয় ববীয়াৰ সৈতে এক বৈঠকত মিলিত হৈছে অতিৰিক্ত সচিবগৰাকী ৷

সেনা বাহিনীয়ে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে এক তদন্ত আৰম্ভ কৰিছে (Army investigation on Nagaland ambush) ৷ এই হিংসাত্মক ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ বিচাৰি উলিয়াই উচ্চ পৰ্যায়ত আইন অনুযায়ী বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সেনা সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : Ambush in Nagaland : নাগালেণ্ডত আসাম ৰাইফলছৰ গুলীত পুনৰ এজনৰ মৃত্যু

অমিত শ্বাহে কয় যে, ঘটনা সংঘটিত হোৱাৰ পাচতেই তেওঁ নাগালেণ্ডৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰিছে আৰু গৃহমন্ত্ৰণালয়ৰ ফালৰ পৰা ৰাজ্যখনৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতেও যোগাযোগ কৰি থকা হৈছে ৷

কি হৈছিল নাগালেণ্ডত 4 ডিচেম্বৰত ?

নাগালেণ্ডৰ মন জিলাৰ তিৰু অঞ্চলত উগ্ৰপন্থীৰ উপস্থিতিৰ খবৰ লাভ কৰিছিল সেনাই ৷ এই খবৰৰ ভিত্তিত ভাৰতীয় সেনাৰ 21 পেৰা কামাণ্ডোৰ এটা বাহিনীয়ে সন্দেহযুক্ত অঞ্চলটোত অভিযান চলায় ৷ সেই সময়তে এখন বাহন উক্ত স্থানেৰে পাৰ হ’বলৈ খোজাত সেনাই ৰখিবলৈ নিৰ্দেশ দিয়ে ৷ কিন্তু এই নিৰ্দেশ অমান্য কৰি পলাবলৈ চেষ্টা কৰে বাহনত থকা লোক কেইজনে ৷ ফলত গুলী চলাবলৈ বাধ্য হয় সেনাৰ দল (Army ambush in Nagaland)৷

বাহনখনত থকা 8 জন লোকৰ ভিতৰত 6 জনৰ থিতাতে মৃত্যু হয় ৷ পাচত জানিব পৰা যায় যে, এয়া আছিল সেনাৰ দ্বাৰা হৈ যোৱা এটা ভুল আক্ৰমণ ৷ আহত দুয়োজন লোকক সমীপৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় ৷ এই খবৰ বিয়পি পৰাৰ পাচতে স্থানীয় একাংশ লোকে সেনাৰ দলটোক ঘেৰি ধৰে ৷ উত্তেজিত লোকসকলে সেনাৰ দলটোক আক্ৰমণ কৰাৰ লগতে জ্বলাই দিয়ে সেনাৰ দুয়োখন বাহন ৷

লগতে পঢ়ক : Tension grips Nagaland : নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 13 জনকৈ নগা যুৱক

এই আক্ৰমণত এজন সেনা জোৱান শ্বহীদ হয় আৰু কেইবাজনো আহত হয় ৷ সেনাৰ দলটোৱে আত্মৰক্ষা তথা উত্তেজিত লোকক ছত্ৰভংগ দিয়াবৰ বাবে গুলী চলাবলৈ বাধ্য হয় (Army firing in Mon district) ৷ যাৰ ফলত আৰু 7 জন সাধাৰণ নাগৰিকৰ মৃত্যু হয় ৷ এই ঘটনাত আন কেইবাজনো সাধাৰণ লোক আহত হয়৷ উত্তেজনাৰ মাজেৰেই পাৰ হ’ল সেই নিশা ৷

5 ডিচেম্বৰত আন এক হিংসা :

এই হিংসাত্মক ঘটনাৰ পাচত 5 ডিচেম্বৰৰ বিয়লি প্ৰায় 250 জনীয়া এটা উত্তেজিত জনতাৰ দলে আক্ৰমণ চলায় মন চহৰত থকা আছাম ৰাইফলচৰ এটা শিৱিৰত ৷ উত্তেজিত দলটোৱে শিৱিৰ লণ্ড-ভণ্ড কৰাৰ লগতে অগ্নি সংযোগ কৰে ৷ এই উত্তেজনা ৰোধৰ বাবে পুনৰ গুলী চালনা কৰে সেনাই ৷ ফলত মৃত্যু হয় আন এগৰাকী লোকৰ ৷

ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশত এটা বিশেষ অনুসন্ধানকাৰী দলে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ এমাহৰ ভিতৰত এই অনুসন্ধান সম্পূৰ্ণ কৰা হ’ব বুলি গৃহমন্ত্ৰণালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : Section 144 Imposed in Nagaland : আজি সম্পন্ন হ’ব মৃতকৰ শেষকৃত্য

Last Updated :Dec 6, 2021, 5:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.