ETV Bharat / bharat

Ambush in Nagaland : নাগালেণ্ডত আসাম ৰাইফলছৰ গুলীত পুনৰ এজনৰ মৃত্যু

author img

By

Published : Dec 5, 2021, 10:21 PM IST

again one people died in Nagaland by armed forces
নাগালেণ্ডত আসাম ৰাইফলছৰ গুলীত পুনৰ এজনৰ মৃত্যু

আছাম ৰাইফলছৰ কেম্পত হাজাৰ হাজাৰ উত্তেজিত লোকৰ আক্ৰমণ(Attack on Assam rifles camp)। নিৰাপত্তাৰক্ষীৰ গুলীচালনা । আছাম ৰাইফলছৰ কেম্পত অগ্নিসংযোগৰ চেষ্টা চলোৱাৰ বাবে গুলীচালনা কৰাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হোৱা বুলি জানিব পৰা গৈছে । উগ্ৰমূৰ্তি ধাৰণ কৰিছে নগা ৰাইজৰ একাংশই ৷

গুৱাহাটী, ৫ ডিচেম্বৰ : ক্ৰমাৎ অধিক বেয়ালৈ গতি কৰিছে নগালেণ্ডৰ পৰিস্থিতি । তিৰুৰ ঘটনাকলৈ জ্বলিছে নগালেণ্ড । পুনৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে নগালেণ্ডত। আছাম ৰাইফলছৰ কেম্পত অগ্নিসংযোগৰ চেষ্টা চলোৱাৰ বাবে গুলীচালনা কৰাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হোৱা বুলি জানিব পৰা গৈছে । উগ্ৰমূৰ্তি ধাৰণ কৰিছে নগা লোক সকলে(Tension grips Nagaland)। আছাম ৰাইফলছৰ শিবিৰত আক্ৰমণ কৰিছে জনতাই ।

নগালেণ্ডৰ মন জিলাত অসম ৰাইফলচৰ কেম্পৰ ভিতৰত হাজাৰ হাজাৰ উত্তেজিত লোকে প্ৰৱেশ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে ঠায়ে ঠায়ে অগ্নিসংযোগ কৰে । পৰিস্থিতিৰ দ্ৰুত অৱনতি হোৱাত অসম ৰাইফলচৰ জোৱানে গুলীচালনা কৰে(Assam rifles gun fires at protestors) । এই গুলীচালনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে বহু কেইজন লোক আহত হয় । পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে । ৰুদ্ৰমূৰ্তি ধাৰণ কৰি ওলাই আহিছে হাজাৰ হাজাৰ নগা লোক ।

উল্লেখ্য যে, অসমৰ ৰাইফলচৰ হাতত ১৩ গৰকী নিৰীহ নগা যুৱকৰ মৃত্যুৰ পিছতে ক্ষোভত ফাটি পৰিছে নগা লোক(Ambush on civilians in Nagaland)। পৰিস্থিতিলৈ লক্ষ্য কৰি ইতিমধ্যে ইণ্টাৰনেট সেৱাও বাতিল কৰা হৈছে নাগালেণ্ডৰ মন জিলাত(Internet ban in Mon Nagaland) ।

শনিবাৰে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাৰ টিজিত আৰক্ষী থানাৰ অন্তৰ্গত তিৰু আৰু অ’টিং বস্তিৰ সীমাত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । নাগালেণ্ডত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় ১৩ জনকৈ নিৰীহ নগা লোকৰ ৷ গোপন সূত্ৰৰ পম খেদি নিৰাপত্তাৰক্ষীয়ে মন জিলাৰ তিৰু গাঁৱত যুৱককেইজনক এন এছ চি এন(NSCN)ৰ সদস্য বুলি সন্দেহ কৰি অতৰ্কিতে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাৰ পাছতেই নাগালেণ্ডৰ মন জিলাত সেনা আৰু সাধাৰণ জনতাৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ সূত্ৰপাত ঘটে ।

উত্তেজিত ৰাইজে সেনাৰ ২খনকৈ বাহনত অগ্নি সংযোগ কৰে । সেনাৰ পেৰা ৰেজিমেন্টৰ তহলদাৰী এটা দলে তিনিজন নগা লোকক উগ্ৰপন্থীৰ সন্দেহত ৰ’বলৈ কয় কিন্তু লোক কেইজনে পলাবলৈ লোৱাত সেনাৰ দলটোৱে নগা লোক তিনিজনলৈ লক্ষ্য কৰি গুলি চালনা কৰে । ইয়াৰ পাছতে নীৰিহ তিনি যুৱক মৃত্যুৰ প্ৰতিবাদ জনাই সেনা বাহিনীৰ দুখন বাহনত অগ্নি সংযোগ কৰি সেনাৰ দলটোৰ ওপৰত দা-লাঠি-খাজা বন্দুকেৰে আক্ৰমণ কৰে । প্ৰত্যুত্তৰত সেনাৰ গুলিত পুনৰ বহকেইজন আহত হয় । ইফালে ৰাইজৰ আক্ৰমণত গৌতম লাল নামৰ উত্তৰাখণ্ডৰ এজন সেনা জোৱান নিহত হয় । ঘটনাত ১০ জনৰো অধিক সেনাৰ জোৱান আহত হয়।

লগতে পঢ়ক : Tension grips Nagaland : প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই সদৰি কৰিলে হতাহতৰ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.