ETV Bharat / bharat

Section 144 Imposed in Nagaland : আজি সম্পন্ন হ’ব মৃতকৰ শেষকৃত্য

author img

By

Published : Dec 6, 2021, 2:17 PM IST

Section 144 issued in Mon district of Nagaland
উত্তপ্ত নাগালেণ্ড : মন জিলাত 144 ধাৰা জাৰি

নাগালেণ্ডৰ মন জিলাত জাৰি কৰা হৈছে 144 ধাৰা (Section 144 Imposed in Nagaland) ৷ কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা ৷ ৰাজপথত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ ৷ নাগালেণ্ডত আছাম ৰাইফলছৰ গুলীত নিহতসকলৰ শেষকৃত্য সম্পন্ন কৰা হ’ব সোমবাৰে ৷

তেজপুৰ, 6 ডিচেম্বৰ : উত্তপ্ত হৈ আছে নাগালেণ্ড ৷ শনিবাৰে সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ পাছত পাহাৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত সৃষ্টি হয় অশান্ত পৰিস্থিতি (Tension grips Nagaland)৷ কেইবাজনো নিৰ্দোষী লোক উগ্ৰপন্থী বিৰোধী অভিযানত নিহত(Ambush on civilians in Nagaland)হয় ৷

উত্তপ্ত নাগালেণ্ড : মন জিলাত 144 ধাৰা জাৰি
উত্তপ্ত নাগালেণ্ড

শনিবাৰৰ এই আক্ৰমণৰ পিছতে মন জিলাত থকা আছাম ৰাইফলছৰ ২৭ নং শিবিৰত কেইবা শতাধিক নগা লোকে অগ্নিসংযোগ কৰে ৷ উত্তেজিত জনতাই ভাঙি লণ্ড-ভণ্ড কৰে কন্যাক ছাত্ৰ সংগঠনৰ কাৰ্যালয়ৰ আচবাব ৷ কেৱল এয়াই নহয় উত্তেজিত জনতাই অসম ৰাইফলছৰ কেম্পত অগ্নিসংযোগ কৰে ৷

সোমবাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব নাগালেণ্ডত আছাম ৰাইফলছৰ গুলীত নিহতসকলৰ ৷ এই অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'(Nagaland cm Neiphiu Rio) ৷ শেষকৃত্য অনুষ্ঠানত মুখ্যমন্ত্ৰী ৰিঅ'ৰ উপৰিও উপ মুখ্যমন্ত্ৰী ৱাই পেট্টনো উপস্থিত থাকিব ।

উত্তপ্ত নাগালেণ্ড : মন জিলাত 144 ধাৰা জাৰি
মন জিলাত জাৰি কৰা হৈছে 144 ধাৰা

উল্লেখ্য যে, নিহতসকলৰ পৰিয়াললৈ এককালীনভাৱে 5 লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে চৰকাৰে ।

ইফালে মৃত্যু হোৱা লোকসকলৰ আত্মাৰ শান্তিৰ কামনাৰে কন্যাক ছাত্ৰ সংগঠনে হাতে হাতে মমবাতি লৈ শান্তি সমদল উলিয়াই উক্ত ঘটনাৰ গৰিহণা দিয়ে ৷ বিভিন্ন দল-সংগঠনৰ হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ শ্বিলঙত থকা নাগালেণ্ডৰ ছাত্ৰ সংগঠনেও এই ঘটনাৰ গৰিহণা দি মম জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ সমান্তৰালকৈ স্থগিত ৰখা হৈছে নাগালেণ্ডত চলি থকা হৰ্ণবিল ফেষ্টিভেল ৷

উত্তপ্ত নাগালেণ্ড : মন জিলাত 144 ধাৰা জাৰি
শ্বিলঙত প্ৰতিবাদ

উত্তপ্ত পৰিস্থিতিৰ বাবে নাগালেণ্ড বন্ধৰ আহ্বান জনোৱাৰ লগতে মন জিলাত জাৰি কৰা হৈছে 144 ধাৰা ৷ ইপিনে নিৰীহ লোকৰ মৃত্যুৰ ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ বাবে মহাপৰিদৰ্শক এল জমিৰৰ নেতৃত্বত SIT গঠন কৰিছে চৰকাৰে(Union announced inquiry on Nagaland situation)। নাগালেণ্ড চৰকাৰে গঠন কৰিলে এল জমিৰৰ নেতৃত্বত পাঁচজনীয়া SIT ৷

লগতে পঢ়ক : Tension grips Nagaland : উত্তপ্ত পৰিস্থিতি নগালেণ্ডৰ মন জিলাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.