ETV Bharat / bharat

Tension grips Nagaland : উত্তপ্ত পৰিস্থিতি নগালেণ্ডৰ মন জিলাত

author img

By

Published : Dec 5, 2021, 9:32 PM IST

Ambush On Civilians In Nagaland lead Tension
Tension grips Nagaland : উত্তপ্ত পৰিস্থিতি নগালেণ্ডৰ মন জিলাত

উগ্ৰপন্থী বিৰোধী অভিযানত শনিবাৰে নগালেণ্ডত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাৰ পাছত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি(Ambush on civilians in Nagaland) ৷ ইতিমধ্যে, কেন্দ্ৰীয় চৰকাৰে শনিবাৰৰ ঘটনা সন্দৰ্ভত এক তদন্ত ঘোষণা কৰিছে(Union announced inquiry on Nagaland situation) ৷ এই সন্দৰ্ভত তদন্ত পক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ৰাইজক ধৈৰ্য আৰু শান্তি বৰ্তাই ৰখাৰ আহ্বান জনাইছে আছাম ৰাইফলছে ৷

তেজপুৰ, ৫ ডিচেম্বৰ : শনিবাৰে নগালেণ্ডত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাৰ পাছত পাহাৰীয়া ৰাজ্য নগালেণ্ডৰ মন জিলাত পুনৰ অশান্ত পৰিস্থিতি সৃষ্টি হয় (Tension grips Nagaland)৷ কেইবাজনো নিৰ্দোষী লোক উগ্ৰপন্থী বিৰোধী অভিযানত নিহত(Ambush on civilians in Nagaland) হোৱাৰ পাছত ভাৰতীয় সেনাৰ তৃতীয় কৰৰ তৰফৰ পৰা জনায় যে ঘটনাত মুঠ ৬ জন লোক নিহত আৰু দুজন আহত হৈছে ৷ ইয়াৰ বিপৰীতে সেনাৰ ১ জন জোৱান নিহত আৰু ১৩ জনৰ গুৰুতৰভাৱে আহত হোৱাৰ কথা সদৰী কৰে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল সুমিত শৰ্মাই ।

ambush-on-civilians-in-nagaland-lead-tension
Tension grips Nagaland : উত্তপ্ত পৰিস্থিতি নগালেণ্ডৰ মন জিলাত

এক অসমৰ্থিত সূত্ৰৰ মতে, নাগালেণ্ডৰ ঘটনাত মুঠ ১৩ জন নিৰীহ লোক শনিবাৰে নিশা সংঘটিত এই দুৰ্ঘটনাত নিহত হোৱা বুলি জানিব পৰা গৈছে । দেওবাৰে নগালেণ্ডত পুনৰ এক উত্তেজনাময় পৰিবেশ সৃষ্টি হয়(Tension grips Nagaland) ৷ কিয়নো মন জিলাৰ তিৰু গাঁৱত নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক এন এছ চি এন উগ্ৰপন্থী বুলি সন্দেহ কৰি গুলীচালনা কৰাৰ ফলত কিছু নগা যুৱক নিহত হোৱাৰ পিছত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

আছাম ৰাইফলছৰ লেফটেনেন্ট ৰোহন মহাজনেও এই ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে ৷ ইতিমধ্যে, কেন্দ্ৰীয় চৰকাৰেও এই সন্দৰ্ভত এক তদন্ত ঘোষণা কৰি ৰাইজক শান্তি বৰ্তাই ৰখাৰ আহ্বান জনাইছে(Union announced inquiry on Nagaland situation) ৷

ambush-on-civilians-in-nagaland-lead-tension
Tension grips Nagaland : উত্তপ্ত পৰিস্থিতি নগালেণ্ডৰ মন জিলাত

ইফালে, শনিবাৰৰ ঘটনাৰ পিছত 300 ৰো অধিক নগা লোকে আছাম ৰাইফলছৰ মন পোষ্টত আক্ৰমণ কৰে ৷ ঘটনাত আছাম ৰাইফলছৰ কেবাজনো জোৱান আঘাত প্ৰাপ্ত হয়(Assam rifles jawans injured in Nagaland) ৷ সম্প্ৰতি, এই সন্দৰ্ভত তদন্ত পক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ৰাইজক ধৈৰ্য আৰু শান্তি বৰ্তাই ৰখাৰ আহ্বান জনাইছে আছাম ৰাইফলছে ৷

Tension grips Nagaland : উত্তপ্ত পৰিস্থিতি নগালেণ্ডৰ মন জিলাত
ইফালে, মন জিলাৰ উপায়ুক্তই ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক জমা হোৱা, অত্যাৱশ্যকীয় কাৰণ নোহোৱাকৈ যান-বাহন চাল-চলনৰ ক্ষেত্ৰত আৰোপ কৰিছে নিষেধাজ্ঞা ৷ ইয়াৰোপৰি নগালেণ্ড চৰকাৰে ঘটনা সন্দৰ্ভত SIT (Special investigation Team )ৰ তদন্ত ঘোষণা কৰিছে ৷ এই তদন্ত পক্ৰিয়া SIT য়ে এমাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব ৷

লগতে পঢ়ক : Tension grips Nagaland : প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই সদৰি কৰিলে হতাহতৰ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.