ETV Bharat / state

Tension grips Nagaland : নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 13 জনকৈ নগা যুৱক

author img

By

Published : Dec 5, 2021, 10:50 AM IST

Updated : Dec 5, 2021, 6:00 PM IST

tension grips nagaland
নাগালেণ্ডত উত্তপ্ত পৰিস্থিতি

নাগালেণ্ডত শনিবাৰে মাজনিশা উত্তপ্ত পৰিস্থিতি(Tension grips Nagaland) । নিৰাপত্তাৰক্ষীৰ গুলীচালনা(Security forces firing in Nagalnad) ত নিহত হয় 13 জনকৈ নগা যুৱক(13 civilians dead in firing incident in Nagaland) ৷ ঘটনাৰ প্ৰতিবাদস্বৰূপে গাঁওবাসীয়ে জ্বলাই দিয়ে নিৰাপত্তাৰক্ষীৰ বাহন ৷ অগ্নি সংযোগৰ ফলত এজন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ সন্দেহ ৷ ইফালে বহিৰ্জগতৰ পৰা সংযোগ বিচ্ছিন্ন ৰাখিবলৈ মন জিলাত ইণ্টাৰনেট সেৱা বন্ধ(Internet shutdown in Mon district) ৰাখিছে প্ৰশাসনে ৷

তেজপুৰ/শিৱসাগৰ, 5 ডিচেম্বৰ : শনিবাৰে মাজনিশা চুবুৰীয়া ৰাজ্য নাগালেণ্ডত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিৱেশৰ(Tension grips Nagaland) ৷ নাগালেণ্ডত নিৰাপত্তাৰক্ষীৰ গুলী(Security forces firing in Nagalnad) ত নিহত হয় 13 জনকৈ নগা যুৱকৰ(13 civilians dead in firing incident in Nagaland) ৷ চুবুৰীয়া ৰাজ্যখনৰ মন জিলাৰ তিৰু আৰু অ’টিং বস্তিৰ সীমাত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ।

মন জিলাৰ তিৰু গাঁৱত নিৰাপত্তাৰক্ষীয়ে যুৱক কেইজনক এনএছচিএন(NSCN)ৰ উগ্ৰপন্থী বুলি সন্দেহ কৰি অতৰ্কিতে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷ প্ৰথমাৱস্থাত গুলীচালনাত 7 জন নগা যুৱকৰ থিতাতে মৃত্যু হয় ৷ ইয়াৰ পাচতে ঘটনাস্থলী পুনৰ উত্তপ্ত হৈ পৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তাৰক্ষীয়ে পুনৰ গুলীচালনা কৰে ৷

tension grips nagaland
নাগালেণ্ডত উত্তপ্ত পৰিস্থিতি

নিৰাপত্তাৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা দ্বিতীয়টো গুলীচালনাত পুনৰ মৃত্যুক সাৱটিবলগীয়া হয় 6 জনকৈ নগা যুৱকে ৷ এই ঘটনাৰ প্ৰতিবাদস্বৰূপে স্থানীয় ৰাইজ ওলাই আহি সৃষ্টি কৰে উত্তেজনাময় পৰিৱেশৰ ৷ গাঁওবাসীয়ে জনোৱা মতে, নিহত যুৱক কেইজন নিৰ্দোষী আৰু তেওঁলোকে সেই সময়ত সমীপৰ কয়লা পথাৰৰ পৰা উভতি আহিছিল ৷

ইয়াৰ পাচতে গাঁওবাসীয়ে উত্তেজিত হৈ নিৰাপত্তাৰক্ষীৰ কেইবাখনো বাহন জ্বলাই দিয়ে ৷ উত্তেজিত নগা জনসাধাৰণে অগ্নি সংযোগ কৰাৰ ফলত এজন নিৰাপত্তাৰক্ষী নিহত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ আনহাতে, আহত হৈছে কেইবাজনো নিৰাপত্তাৰক্ষী ৷ সেনাৰ থ্ৰী ক’ৰৰ কহিমাৰ পৰা এই বিবৃতি জাৰি কৰিছে ৷ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও অব্যাহত আছে তীব্ৰ উত্তেজনা ৷

tension grips nagaland
হৰ্ণবিল ফেষ্টিভেল

ইফালে ঘটনাটো নিশ্চিত কৰি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই(Nagaland CM Neiphiu Rio on firing incident)কয় যে, অ’টিঙত সাধাৰণ লোককেইজনৰ মৃত্যু অতি দুৰ্ভাগ্যজনক, এয়া এক নিন্দনীয় কাৰ্য ৷ নিহত লোক কেইজনৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা আৰু আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে মুখ্যমন্ত্ৰী ৰিঅ’ই । সমগ্ৰ ঘটনা সন্দৰ্ভত তেওঁ এক উচ্চস্তৰীয় SIT টীম গঠন কৰি তদন্ত কৰাৰ লগতে নিহত লোক কেইজনক ন্যায় প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ৷

  • The unfortunate incident leading to killing of civilians at Oting, Mon is highly condemnable.Condolences to the bereaved families & speedy recovery of those injured. High level SIT will investigate & justice delivered as per the law of the land.Appeal for peace from all sections

    — Neiphiu Rio (@Neiphiu_Rio) December 5, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

সম্প্ৰতি উত্তেজনা ৰোধ কৰিবৰ বাবে মন জিলাত ইণ্টাৰনেট সেৱা বন্ধ(Internet suspended in Mon district) ৰাখিছে প্ৰশাসনে । ইফালে 1 ডিচেম্বৰৰ পৰা নাগালেণ্ডত অনুষ্ঠিত হোৱা হৰ্ণবিল মহোৎসৱ(Hornbill Festival 2021)টো গুলীচালনাৰ ব্যাপক প্ৰভাৱ পৰিছে । দেওবাৰে পুৱাৰ ভাগত উক্ত ঘটনাত নিহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি হৰ্ণবিল উৎসৱথলীৰ পৰাই মৌন প্ৰাৰ্থনা জনোৱা হয় ।

লগতে পঢ়ক : IAF Air Show : শ্বিলঙৰ উৰিয়াম হ্ৰদত সূৰ্য্য কিৰণ এৰোবেটিক টীমৰ এয়াৰ শ্ব’

Last Updated :Dec 5, 2021, 6:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.