Jal Jeevan Mission : ২০২৩ ৰ ভিতৰত সম্পূর্ণ হ’ব জল জীৱন মিছনৰ কাম

author img

By

Published : Dec 6, 2021, 11:51 AM IST

Jal Jeevan Mission

২০২৩ চনৰ ভিতৰতে সম্পূর্ণ হ’ব কেন্দ্ৰীয় জল জীৱন আঁচনি(Jal Jeevan Mission)ৰ কাম ৷ এই ঘোষণা কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ ইতিমধ্যে ১৬ লাখ পৰিয়ালত জল সংযোগ দিয়াৰ তথ্যও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷

লখিমপুৰ, 6 ডিচেম্বৰ : ৰাজ্যত ২০২৩ চনৰ ভিতৰতে সম্পূর্ণ হ’ব কেন্দ্ৰীয় জল জীৱন মিছন আঁচনিৰ কাম । লখিমপুৰত এই ঘোষণা কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

লখিমপুৰৰ ঘাৰমৰাত চাৰিখনকৈ পানী যোগান আঁচনি উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে । ২০২৪ চনত জল জীৱন মিছন আঁচনিৰ কাম সম্পূর্ণ কৰাৰ লক্ষ্য আছিল যদিও অসম চৰকাৰে ২০২৩ তে কাম সম্পূর্ণ কৰাৰ সিদ্ধান্ত লৈছে বুলি মন্ত্ৰী দাসে জানিবলৈ দিয়ে ।

অসমত প্ৰায় ৬৩ লাখ পৰিয়ালক এই আঁচনিয়ে সামৰি ল’ব ৷ ইতিমধ্যে প্ৰায় ১৬ লাখ পৰিয়ালক এই আঁচনিয়ে সংযোগ কৰিছে ৷ লখিমপুৰত জল জীৱন মিছন আঁচনি(Jal Jeevan Mission in Lakhimpur)ৰ অধীনত ২ লাখ ১৬ হেজাৰ পৰিয়ালক সংযোগ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ তদুপৰি জিলাখনত ৪৬ হেজাৰ পৰিয়ালক পানীৰ সংযোগ দিয়াৰ কাম সম্পূর্ণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷

মন্ত্ৰীগৰাকীৰ সৈতে এই কাৰ্যসূচীত উপস্থিত থাকে লখিমপুৰৰ বিধায়ক মানৱ ডেকা, বিহপুৰীয়াৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাৰ লগতে জিলা উপায়ুক্ত সুমিত সত্তৱান ।

লগতে পঢ়ক: Literary Pension announced: শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিলে সাহিত্যিক পেঞ্চনাৰৰ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.