ভাৰতীয় নৌ সেনাৰ তৎপৰতাত কলকাতাত মুকলি Sandhayak

author img

By

Published : Dec 6, 2021, 12:40 PM IST

Navy launches new large survey vessel 'Sandhayak' in Kolkata

দেওবাৰে কলকাতাত মুকলি কৰা হ'ল চাৰিখন নতুন সুবিশাল জৰীপ জাহাজৰ ভিতৰত প্ৰথমখন জাহাজ 'সন্ধায়ক'(Navy launches 'Sandhayak' in Kolkata) । ভাৰতীয় নৌ সেনাই মুকলি কৰা এই নতুন জাহাজখন সামুদ্ৰিক আৰু ভূ-ভৌতিক তথ্য সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা হ'ব । 'সন্ধায়ক' জাহাজ অত্যাধুনিক হাইড্ৰ'গ্ৰাফিক সঁজুলিৰে সু-সজ্জিত ।

নেশ্যনেল ডেস্ক, ৬ ডিচেম্বৰ : ভাৰতীয় নৌ সেনাই দেওবাৰে অত্যাধুনিক জৰীপ জাহাজ 'সন্ধায়ক' মুকলি কৰে(Navy launches new survey vessel Sandhayak) । কলকাতাত আয়োজিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰতিৰক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অজয় ভাটে জাহাজখন মুকলি কৰে । জৰীপৰ কামত ব্যৱহাৰ কৰাৰ বাবে ভাৰতীয় নৌ সেনাই সাজু কৰা ৪ খন সুবিশাল অত্যাধুনিক জৰীপ জাহাজৰ ভিতৰত 'সন্ধায়ক' হৈছে প্ৰথমখন জাহাজ ৷ সন্ধায়কৰ লগতে মুকলি হ'বলগীয়া আন তিনিখন জাহাজে বৰ্তমানৰ সন্ধায়ক শ্ৰেণীৰ জৰীপ জাহাজৰ স্থান ল'ব ।

এই নতুন জাহাজবোৰ অত্যাধুনিক হাইড্ৰ'গ্ৰাফিক সঁজুলিৰে সু-সজ্জিত কৰি তোলা হৈছে । নতুন সন্ধায়ক জাহাজখন ১১০ মিটাৰ দীঘল, ১৬ মিটাৰ বহল আৰু জাহাজখনৰ ওজন হৈছে ৩,৩০০ টন । জাহাজখনত ২৩৫ জন কৰ্মচাৰী নিয়োজিত কৰা হৈছে । জাহাজখনৰ প্ৰপালচন প্ৰণালীত টুইন শ্বাফ্ট কনফিগাৰেশ্যনৰ দুটা মুখ্য ইঞ্জিন আছে ।

জৰীপ কাৰ্যৰ সময়ত কম গতিত জাহাজখন চলাচল কৰাৰ সুবিধা হোৱাকৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰা হৈছে । এই জাহাজখন ষ্টীল অথৰিটি অৱ ইণ্ডিয়া লিমিটেডৰ দ্বাৰা নিৰ্মিত তথা থলুৱাভাৱে বিকশিত ডিএমআৰ 249-এ ষ্টীলৰ পৰা তৈয়াৰ কৰা হৈছে ।

এই জৰীপ জাহাজবোৰৰ প্ৰাথমিক কাম হ'ব উপকূলীয় স্কেল আৰু গভীৰ পানীৰ হাইড্ৰ'গ্ৰাফিক জৰীপ কৰা । লগতে নেভিগেশ্যনেল চেনেল অথবা জলপথ নিৰ্ধাৰণ কৰাৰ বিষয়েও জৰীপ চলাব লাগিব এই জাহাজবোৰে । এই জাহাজবোৰ প্ৰতিৰক্ষাৰ বাবে সামুদ্ৰিক আৰু ভূ-ভৌতিক তথ্য সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰাৰ লগতে অসামৰিক কামৰ বাবেও ব্যৱহাৰ কৰা হ'ব ।

দ্বিতীয়তে, জৰুৰীকালীন সময়ত সীমিত চিকিৎসা সুবিধা থকা জাহাজ হিচাপে কাম কৰাৰ উপৰিও উদ্ধাৰ অভিযান আৰু দুৰ্যোগৰ সময়তো সুন্দৰকৈ সেৱা আগবঢ়াবলৈ সক্ষম হ'ব । ভাৰতীয় নৌ সেনাৰ বাবে কলকাতাৰ গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰছ এণ্ড ইঞ্জিনিয়াৰছে এই জাহাজ নিৰ্মাণ কৰা কৰিছে । ৪৪ বছৰ আগতে ১৯৭৭ চনৰ ৬ এপ্ৰিলত কলকাতাৰ জিআৰএছইত পুৰ্বৰ 'সন্ধায়ক' জাহাজ মুকলি কৰা হৈছিল ।

লগতে পঢ়ক: Russian President Putin to arrive Delhi : ভাৰত-ৰাছিয়াৰ সম্পৰ্কত অনন্য মাত্ৰা প্ৰদান কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ দিল্লী ভ্ৰমণে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.