ETV Bharat / sports

প্ৰতিটো ফৰমেটত ৫০ খন আন্তঃৰাষ্ট্ৰীয় মেচ বিজয়ী প্ৰথমগৰাকী ক্ৰিকেটাৰ বিৰাট কোহলি

author img

By

Published : Dec 6, 2021, 1:46 PM IST

Kohli becomes first player to win 50 international matches in each format
৫০ খন আন্তঃৰাষ্ট্ৰীয় মেচ বিজয়ী প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলি

সোমবাৰে ক্ৰিকেটৰ প্ৰতিটো ফৰমেটতে ৫০ খন আন্তঃৰাষ্ট্ৰীয় মেচ জয় কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ'ল ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি (Virat Kohli sets New Record) । ভাৰত-নিউজিলেণ্ডৰ মাজৰ দুখন খেলৰ শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচত ভাৰতে নিউজিলেণ্ডক ৩৭২ ৰাণত পৰাস্ত কৰে(India defeated New Zealand by 372 runs) ।

স্পৰ্টছ ডেস্ক, ৬ ডিচেম্বৰ : সোমবাৰে ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত বনাম নিউজিলেণ্ডৰ দ্বিতীয়খন টেষ্ট মেছত ভাৰতে নিউজিলেণ্ডক পৰাস্ত কৰাৰ পাচতে বিৰাট কোহলীয়ে গঢ়িলে এক নতুন ৰেকৰ্ড ৷ ক্ৰিকেটৰ প্ৰতিটো ফৰমেটতে ৫০ খন আন্তঃৰাষ্ট্ৰীয় মেচ জয় কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে এই অভিলেখ গঢ়িবলৈ সক্ষম হয় ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে (Virat Kohli sets New Record) ।

সোমবাৰে ভাৰত-নিউজিলেণ্ডৰ মাজৰ দুখন খেলৰ শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচত ভাৰতে নিউজিলেণ্ডক ৩৭২ ৰাণৰ ব্যৱধানত পৰাজিত কৰে । এই জয়ৰ পাচতে ভাৰতীয় দলটো আইচিচি টেষ্ট ৰেংকিঙৰ প্ৰথন স্থান দখল কৰিবলৈ সক্ষম হৈছে । নিউজিলেণ্ডৰ বিৰুদ্ধে দুখন খেলৰ শৃংখলাত ১-০ত ভাৰতে জয় নিশ্চিত কৰিছে ।

এতিয়া কোহলিৰ নেতৃত্বত ভাৰতীয় দলটোৱে ২৬ ডিচেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ'বলগীয়া তিনিখন টেষ্ট আৰু তিনিখন এদিনীয়া খেলত অংশগ্ৰহণ কৰিব । খেলৰ প্ৰতিটো ফৰ্মেটতে খেলি ৫০ খন আন্তঃৰাষ্ট্ৰীয় মেচত জয় লাভ কৰা প্ৰথমজন খেলুৱৈগৰাকীক বিচিচিআইয়ে টুইটযোগে শুভেচ্ছা জনায় ।

দ্বিতীয় টেষ্ট মেচৰ চতুৰ্থ দিনটোত ৫টা উইকেট আৰু ১৪০ ৰাণৰ পৰা নিউজিলেণ্ডে আৰম্ভণি কৰে । চতুৰ্থ দিনটোত নিউজিলেণ্ড ১৬৭ ৰাণত অলআউট হয় । ভাৰতে ৩৭২ ৰাণৰ ব্যৱধানত জয় লাভ কৰে ।

ভাৰতৰ জয়ন্ত যাদৱে উইকেট লোৱাৰ পূৰ্বে নিউজিলেণ্ডৰ ৰাচিন ৰবীন্দ্ৰ আৰু আৰু হেনৰী নিকোলছে যুটীয়াভাৱে মাথোঁ ২২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী অভাৰত জয়ন্ত যাদৱে কাইল জামেইছন আৰু টিম ছাউথীৰ উইকেট লয় আৰু মুঠ ৪টা উইকেট লাভ কৰে ।

লগতে পঢ়ক:Jaspreet Bumrah Birthday : পত্নী সঞ্জনাৰ দ্বাৰা Bowled হ’ল বিশ্বৰ অন্যতম শীৰ্ষ বলাৰগৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.