Jaspreet Bumrah Birthday : পত্নী সঞ্জনাৰ দ্বাৰা Bowled হ’ল বিশ্বৰ অন্যতম শীৰ্ষ বলাৰগৰাকী

author img

By

Published : Dec 6, 2021, 12:34 PM IST

jaspreet bumrah birthady

আজি ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ তাৰকা বলাৰ যশপ্ৰীত বুমৰাহৰ জন্মদিন ৷ বিগত বছৰবোৰত বুমৰাহ ভাৰতীয় দলটোৰ লগতে মুম্বাই ইণ্ডিয়ানছৰ বাবেও শ্ৰেষ্ঠ সিদ্ধান্ত হিচাপে বিবেচিত হৈ আহিছে ৷ ইটিভি ভাৰতৰ তৰফৰ পৰা খেলুৱৈগৰাকীলৈ আন্তৰিক শুভেচ্ছা ৷

স্প’ৰ্টছ ডেস্ক, 6 ডিচেম্বৰ : আজি 28 বছৰত ভৰি দিলে ভাৰতীয় ষ্টাৰ পেচাৰ যশপ্ৰীত বুমৰাহে ৷ গুজৰাটত জন্মগ্ৰহণ কৰা বুমৰাহক তেওঁৰ ভয়ংকৰ toe-crusher য়ৰ্কাৰে বেটছমেনক বিপদত পেলোৱাৰ বাবে জনা যায় ৷ বিগত বছৰবোৰত বুমৰাহ ভাৰতীয় দলটোৰ লগতে মুম্বাই ইণ্ডিয়ানছৰ বাবেও শ্ৰেষ্ঠ সিদ্ধান্ত হিচাপে বিবেচিত হৈ আহিছে ৷

jaspreet bumrah birthady
ফটো সৌজন্য Instagram

বুমৰাহে 2016 চনত ভাৰতীয় দলটোৰ হৈ সীমিত অভাৰৰ ক্ৰিকেটত অভিষেক ঘটাইছিল ৷ 2018 চনত টেষ্ট ক্ৰিকেটত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অভিষেক ঘটাইছিল বুমৰাহে ৷ আৰু প্ৰথম টেষ্টতে সৰহ সংখ্যক উইকেট দখল কৰি নিজৰ চাপ ৰাখিবলৈ সক্ষম হৈছিল বলাৰ গৰাকীয়ে ৷

jaspreet bumrah birthady
ফটো সৌজন্য Instagram

বিৰাট কোহলী, ৰোহিত শৰ্মা, জশ বাটলাৰৰ দৰে শীৰ্ষ পৰ্যায়ৰ বেটছমেনে এই কথাত সন্মতি প্ৰদান কৰিছে যে, অন্তিম অভাৰসমূহত যশপ্ৰীত বুমৰাহৰ বলিঙৰ সন্মুখীন হোৱাটো যথেষ্ট প্ৰত্যাহ্বানজনক ৷ তেওঁৰ শেষ অভাৰৰ বলিঙৰ দ্বাৰাই তেওঁ ভাৰতীয় দলটোৰ লগতে মুম্বাই ইণ্ডিয়ানছকো বহু মেচ জিকাত সহায় কৰিছিল ৷

বেটছমেনসকলে শেষৰ অভাৰত বুমৰাহৰ বলিঙৰ সন্মুখীন হ’বলৈ ভয় কৰে ৷ কিন্তু বুমৰাহে পত্নী সঞ্জনা গণেশনৰ দ্বাৰা Bowled হ’বলগীয়া হৈছে ৷ সঞ্জনা নিজেই এগৰাকী মডেল, টিভি হ’ষ্ট, match প্ৰেজেণ্টাৰ ৷

jaspreet bumrah birthady
ফটো সৌজন্য Instagram

এটি সাক্ষৎকাৰৰ সময়ত বুমৰাহে কৈছিল যে, তেওঁ সঞ্জনাক এখন IPL খেলৰ সময়ত লগ পাইছিল আৰু তেতিয়াৰ পৰাই তেওঁলোক একেলগে আছে ৷ প্ৰায় 2 বছৰ প্ৰেমৰ সম্পৰ্কত থকাৰ পিছত 2021 চনৰ মাৰ্চ মাহত দুয়ো বিবাহপাশত আৱদ্ধ হয় ৷

লগতে পঢ়ক : Unmukt Chand Marriage : ছিমৰণ খোছলাৰে বিবাহ পাশত আবদ্ধ উন্মুক্ত চান্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.