পথাৰলৈ যাওঁতেই বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু বৃদ্ধৰ - Man Elephant Conflict

By ETV Bharat Assamese Team

Published : May 16, 2024, 3:57 PM IST

thumbnail
বনৰীয়া হাতীৰ আক্ৰমণত চামগুৰিত এজনৰ মৃত্যু (ETV Bharat)

চামগুৰি,১৬ মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তত হস্তী-মানুহৰ সংঘাত অব্যাহত আছে । নগাঁও জিলাৰ কিছু কিছু প্ৰান্ততো এনে ঘটনা সঘনাই হোৱা দেখা গৈছে । বন্যহস্তীৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে । ইয়াৰ মাজতে চামগুৰিৰ লাওখোৱাত হস্তী-মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতি । বৃহস্পতিবাৰে পুৱাই বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হয় এজন বৃদ্ধৰ ।

বৃহস্পতিবাৰে পুৱা আমবাগান তহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত টোপোকি জাৰণিত হাতীৰ আক্ৰমণত ৬৫ বছৰীয়া লোকজনৰ মৃত্যু হয় । নিহত লোকজন টোপোকি জাৰণিৰ যতীন্দ্ৰ মণ্ডল বুলি জানিব পৰা গৈছে । পুৱা ঘৰৰ পৰা খেতিপথাৰলৈ যোৱাৰ সময়তে ৰাজপথৰ কাষতে হাতীৰ আক্ৰমণত নিহত হয় লোকজন । ঘটনাস্থলীত লাওখোৱা বন বিভাগৰ লোকৰ লগতে আমবাগান আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

জানিব পৰা মতে খাদ্যৰ সন্ধানত লাওখোৱা বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে প্ৰায়ে উপদ্ৰৱ চলাই আহিছে । লাওখোৱা অভয়াৰণ্যৰ আশে-পাশে জনাঞ্চলত চলিত বৰ্ষতে বনৰীয়া হাতীৰ আক্ৰমণত কেইবাজনো লোক নিহত হৈছে ।

লগতে পঢ়ক:অন কেমেৰা সৰ্প দংশনত গোলাঘাটৰ ব্যক্তিৰ মৃত্যু - MAN DIES FROM SNAKE BITE

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.