NSCN Peace Talks: ম'ন জিলাৰ ঘটনাই প্ৰভাৱ পেলাব নগা শান্তি আলোচনাত

author img

By

Published : Dec 6, 2021, 6:19 PM IST

Mon killing snowballs in big jolt to Naga issue

শনিবাৰে নিশা নাগালেণ্ডৰ ম'ন জিলাত নিৰাপত্তাৰক্ষীৰ গুলিয়াগুলীৰ ঘটনাত (Security forces firing in Nagalnad) প্ৰাণ হেৰুৱাবলগীয়া হয় 16 গৰাকী নগা ক’ন্যাক (Konyak) জনজাতিৰ লোকে ৷ এই অনাকাংক্ষিত ঘটনাই ৰাজ্যখনৰ দীৰ্ঘদিন ধৰি চিল থকা নগা শান্তি চুক্তিক যথেষ্ট ভাবে প্ৰভাৱিত কৰাৰ সম্ভাৱনাই দেখা দিছে ৷ এই ঘটনাৰ পিছতে নগা ৰাইজৰ মাজত পুনৰ চৰ্চালৈ আহিছে নগা শান্তি চুক্তিৰ বিষয়টোৰ লগতে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ বিষটোও ৷

নেশ্যনেল ডেস্ক, 6 ডিচেম্বৰ : দুসপ্তাহ পূৰ্বে যেতিয়া অসম ৰাইফলছৰ জোৱান শ্বহীদ খাতনাই ক’ন্যাকৰ গৌৰৱান্বিত বৃদ্ধ পিতৃয়ে নিজ পুত্ৰৰ শেষকৃত্যৰ সময়ত আৱেগিক ভাষণ প্ৰদান কৰি তেওঁলোকৰ জনজাতীয় লোকসকলক ভাৰতক সমৰ্থন কৰি সীমান্তৰ তত্বাৱধান কৰি থাকিবলৈ আহ্বান জনাইছিল, তেতিয়া নিৰাপত্তা বাহিনীৰ প্ৰতি নগাসকলৰ অনুভূতিয়ে এক প্ৰকাৰৰ ইউ টাৰ্ণ লৈছিল ৷

চলিত বৰ্ষৰে 13 নৱেম্বৰত ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী মণিপুৰৰ চুৰচন্দ্ৰপুৰ জিলাত বিদ্ৰোহীৰ আক্ৰমনত প্ৰান হেৰুৱাইছিল অসম ৰাইফলছৰ বীৰ জোৱান খাতনাই ক’ন্যাকে ৷

কিন্তু শনিবাৰে (৪ ডিচেম্বৰ) নিশা নাগালেণ্ডৰ ম'ন জিলাৰ সমীপৰ ওটিং গাঁৱত সেনাৰ 21 পেৰা আৰু অসম ৰাইফলছৰ জোৱানৰ গুলিত 16 গৰাকী ক’ন্যাক নগা (Konyak) জনজাতিৰ লোকে প্ৰাণ হেৰুওৱাৰ লগতে কেইবাগৰাকীয়ো গুৰুতৰভাৱে আহত হোৱা ঘটনাই এতিয়া জোকাৰিছে সমগ্ৰ নগাভূমি আৰু এই ঘটনাই বাৰুকৈয়ে প্ৰভাবিত কৰিব ১৯৯৭ চনৰে পৰা চলি থকা নগা শান্তি আলোচনা প্ৰক্ৰিয়াক । ম'ন জিলাত সংঘটিত হোৱা ঘটনাৰ সময় হয়তো ইয়াতকৈ আৰু বেয়া কেতিয়াও হ'ব নোৱাৰে ৷

উগ্ৰপন্থী সংগঠন এন এছ চি এন (NSCN)ৰ সদস্যৰ সন্দেহত সেনাই গুলিওৱাৰ এই ঘটনা সেই সময়ত পোহৰলৈ আহিছে যি সময়ত 1997 চনতে আৰম্ভ হোৱা নাগা শান্তি চুক্তি (Naga Peace Talks)ৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ আগ্ৰগতি নোহোৱাকে একেটা অৱস্থাতেই ৰৈ আছে ৷ ২০১৫ চনত NSCN (IM) আৰু চৰকাৰৰ মাজত নগা শান্তি চুক্তিৰ ফ্ৰেমৱৰ্ক চুক্তি স্বাক্ষৰ কৰি কিছু প্ৰাৰম্ভিক অগ্ৰগতি কৰা হৈছিল যদিও শন্তি আলোচনা তাতেই স্তব্ধ হৈ আছে ৷

মনকৰিবলগীয়া যে শনিবাৰৰ ঘটনাই সম্প্ৰতি নাগালেণ্ড চৰকাৰ আৰু নাগালেণ্ডৰ বিভিন্ন বিদ্ৰোহী সংগঠনৰ মাজত অ্ব্যাহত থকা যি যুদ্ধবিৰতি প্ৰক্ৰিয়াক সেয়া ও উলংঘা কৰিছে ৷

এই ঘটনাক যে নগাভূমিৰ ৰাইজে সহজে নলব সেয়া খাতাং । কাৰন ডিচেম্বৰ মাহ নাগালেণ্ডৰ ৰাইজৰ বাবে বাবে উৎসৱৰ মাহ ৷ কাৰণ এই সময়তেই নাগালেণ্ডত হৰ্ণবিল মহোৎসৱ, খ্ৰীষ্টমাছ আৰু নতুন বছৰত আদৰিবলৈ প্ৰস্তুতি চলাই নাগালেণ্ডৰ ৰাইজে ৷ কিন্তু শনিবাৰৰ এই ঘটনাই নগাসকলৰ মনত খঙৰ উদ্ৰেক ঘটাইছে লগতে নগাসকলৰ সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন (Armed Forces Special Powers Act) বাতিলৰ যি পূৰনি দাবী তাক যে নতুন মাত্ৰা প্ৰদান কৰিব সেয়া খতাং ৷

সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন এনে এখন আইন যিয়ে সেনাক কোনো ৱাৰেন্ট অবিহনে উত্তৰ-পূৱ আৰু কাশ্মীৰৰ চিহ্নত কিছু এলেকাত যিকোনো ব্যক্তিকে দেখা মাত্ৰেই গুলিওৱা অথবা গ্ৰেপ্তাৰ কৰাৰ অধিকাৰ প্ৰদান কৰে ৷

শনিবাৰৰ ঘটনাৰ পিছতে উত্তপ্ত নগা জনসাধাৰণে ম'ন টাউনত থকা অসম ৰাইফলছৰ এটা পোষ্টত অগ্নিসংযোগ কৰে ৷ বিভিন্ন নাগা জনজাতি আৰু নগা হো'হো (জনজাতীয় জ্যেষ্ঠসকলৰ পৰিষদ) এ এই হত্যাকাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ উপৰিও আৰু তেওঁলোকৰ বহুতে নিজ নিজ জনজাতীয় লোকসকলক কোহিমাত চলি থকা হৰ্ণবিল উৎসৱত অংশগ্ৰহণ নকৰিবলৈয়ো আহ্বান জনায় ৷

এই গুলিয়াগুলীৰ ঘটনাৰ ফলত বিভিন্ন নাগা জনজাতি আৰু বিদ্ৰোহী গোটৰ মাজত একতাৰ এক নতুন অনুভূতি সৃষ্টি হোৱাও পৰিলক্ষিত হোৱা দেখা গৈছে যাৰ ফলত ভাৰত চৰকাৰৰ আলোচনাকাৰী দলে এক কেন্দ্ৰীভূত বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে । নাগাসকলৰ মাজত ক্ষোভৰ অনুভূতিয়ে অধিক যুৱক-যুৱতীক বিদ্ৰোহী সংগঠনত যোগদান কৰিবলৈ ও প্ৰৰোচিত কৰাৰ সম্ভাৱনাই দেখা দিছে ৷

আনহাতে, এই ঘটনাই ২০২২ চনৰ মাৰ্চ মাহত মণিপুৰত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনতো প্ৰভাৱ পেলোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ৷ মণিপুৰৰ ৬০ খন আসনৰ ভিতৰত কমেও ১১খন আসনৰ নিৰ্বাচনী ফলাফলত প্ৰভাৱ পেলাব পাৰে মণিপুৰত থকা নগাসকলে ।

2017 চনৰ নিৰ্বাচনত, শাসকীয় বিজেপিয়ে 21 খন আসন লাভ কৰিছিল আৰু কংগ্ৰেছে 28 খনত জয়লাভ কৰিছিল আৰু ৰাজ্যখনৰ সৰ্ববৃহৎ একক দল হিচাপে শেষ হৈছিল । ফলস্বৰূপে, নতুন দিল্লীৰ কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন ব্যৱস্থাৰ সৈতে নাগাসকলৰ অসন্তুষ্টি মণিপুৰৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ প্ৰতি অসন্তুষ্টিৰ সন্মিলিত হ'ব পাৰে যি এতিয়ালৈকে কংগ্ৰেছৰ বিৰুদ্ধে সূক্ষ্মভাৱে সন্তুলিত হৈ আছে ।

লগতে পঢ়ক : Nagaland Civilians Deaths : নাগালেণ্ডৰ সেনা আক্ৰমণক দুৰ্ভাগ্যজনক আখ্যা অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.