ETV Bharat / state

কোকঝাৰত উপস্থিত হৈ প্ৰাক্তন এনডিএফবিৰ সদস্যক চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

author img

By

Published : Dec 6, 2021, 6:56 PM IST

CM distributes cheque to ex NDFB members in Kokrajhar
কোকঝাৰত উপস্থিত হৈ প্ৰাক্তন এনডিএফবিৰ সদস্যক চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কোকৰাঝাৰত উপস্থিত হৈ ১৬৬৯ গৰাকী প্ৰাক্তন এনডিএফবিৰ সদস্যক চাৰি লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰে(CM distributes cheque to ex NDFB members) ৷

কোকৰাঝাৰ ৬ ডিচেম্বৰ : বড়ো জনগোষ্ঠীৰ ঐতিহাসিক বিটিআৰ চুক্তিৰ দফা মৰ্মে প্ৰাক্তন এন ডি এফ বিৰ পুনঃ সংস্থাপন প্ৰক্ৰিয়াৰ অংশস্বৰূপে সোমবাৰে কোকৰাঝাৰ, চিৰাং আৰু গোৱালপাৰা জিলাৰ ১৬৬৯ গৰাকী প্ৰাক্তন এনডিএফবিৰ সদস্যক চাৰি লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰা হয় ৷ এই উপলক্ষে ৰাজ্য চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত কোকৰাঝাৰৰ নিকটৱৰ্তী চান্দামাৰী বডোফা সাংস্কৃতিক ক্ষেত্ৰত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা প্ৰাক্তন এনডিএফবি সদস্য সকলক আনুষ্ঠানিক ভাৱে চেক সমূহ বিতৰণ কৰে ৷ ইপিনে, অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত মুখ্যমন্ত্ৰীয়ে বড়োভূমিত সকলো জাতি জনগোষ্ঠীয়ে মিলি সমন্বয়ৰ নতুন সাঁকো গঢ়িব লাগিব বুলি মন্তব্য কৰে(CM Himanta asks for peace in Bodoland) ।

কোকঝাৰত উপস্থিত হৈ প্ৰাক্তন এনডিএফবিৰ সদস্যক চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

তেওঁ কয়, উদয়াচল আন্দোলনৰ পৰা আৰম্ভ কৰি বড়ো শান্তি চুক্তি(Bodo peace accord) নোহোৱালৈকে বহু লোক নিহত হ'ল যদিও, এতিয়া আৰু কোনো মাতৃৰ বুকু সুদা হব নালাগে নতুবা কোনো নাৰীৰ শিৰৰ সেন্দুৰ মচ নাখায় । সমাজত এটা চামে অশান্তি বিয়পাবৰ বাবে চেষ্টা কৰি থাকে যদিও এই সকলোবোৰ নেওঁচি আমি বিকাশৰ বাবে কাম কৰিব লাগিব ।

আমি পৰনিৰ্ভৰশীল হৈছো আৰু মিঠাতেল, মাছ, গাখীৰ, গাহৰিৰ পৰা আৰম্ভ কৰি সকলো বস্তুৱে বাহিৰৰ পৰা আহে আৰু তাৰ বিনিময়ত ৰাজ্যৰ পৰা ১৫-২০ হাজাৰ কোটি বাহিৰলৈ ওলাাই যায় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাকৰিৰ আশাত নাথাকি নিজৰ ভৰিৰ ওপৰত থিয় হৈ আন দহজনক কৰ্মসংস্থান দিবলৈ আহ্বান জনায়(CM Himanta about self sufficiency in Assam) ।

বড়ো শাান্তি চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ন কৰা হ’ব আৰু এনডিএফবিৰ বিৰুদ্ধে থকা গোচৰসমূহ প্ৰত্যাহাৰ কৰা হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে আন্দোলনে যিহেতু এতিয়া মৰ্যদা পালে, সেয়েহে সকলোকে শান্তি, উন্নয়ন, সমন্বয় আৰু বিকাশৰ পথত আগবাঢ়ি যাবলৈ আহ্বান জনায় । তদুপৰি তেওঁ সকলো এনডিএফবিৰে জীৱন মঙ্গলময় হোৱাৰো কামনা কৰিছে । উল্লেখ্য যে, দেওবাৰে তামোলপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ ওদালগুৰি আৰু বাগছা জিলাৰ ১১০৫ গৰাকী প্ৰাক্তন এনডিএফবি প্ৰতিজন সদস্যক ৪ লাখ টকাৰ চেক বিতৰণৰ কৰিছিল ৷
লগতে পঢ়ক : Armed Forces Special Powers Act নালাগে শান্তিপূৰ্ণ নগালেণ্ডত :নেফিউ ৰিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.