ETV Bharat / bharat

শ্বপিয়ানত সন্ত্ৰাসবাদীৰ গুলীত নিহত দলীয় নেতা, বিজেপিৰ তীব্ৰ গৰিহণা - BJP leader killed

author img

By ANI

Published : May 19, 2024, 11:01 AM IST

Updated : May 19, 2024, 2:12 PM IST

BJP leader killed: জম্মু-কাশ্মীৰৰ শ্বপিয়ানত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰাক্তন চৰপঞ্চ তথা বিজেপিৰ নেতা । এই আক্ৰমণক গৰিহণা বিজেপিৰ । সন্ত্ৰাসবাদীৰ আক্ৰমণত অনন্তনাগৰ ইয়ান্নাৰত জয়পুৰৰ এক দম্পতী আহত ।

BJP leader killed
শ্বপিয়ানত সন্ত্ৰাসবাদীৰ গুলীত নিহত দলীয় নেতা (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৯ মে' : জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ অব্যাহত আছে । ইয়াৰ মাজতে শনিবাৰে শ্বপিয়ান জিলাত পুনৰ সন্ত্ৰাসবাদীয়ে বিজেপিৰ এগৰাকী নেতা তথা প্ৰাক্তন চৰপঞ্চক হত্যা কৰে । এই আক্ৰমণৰ পিচতে ভাৰতীয় জনতা পাৰ্টীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । দলৰ নেতাক হত্যা কৰা ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে মৃতকৰ পৰিয়ালৰ সৈতে বিজেপিয়ে একাত্মতা প্ৰকাশ কৰিছে ।

জম্মু-কাশ্মীৰৰ বিজেপি মিডিয়া চেলৰ ভাৰপ্ৰাপ্ত চাজিদ ইউছুফ শ্বাহে এক্সৰ এটা পোষ্টত কয় যে শ্বপিয়ানৰ হিৰপোৰাত প্ৰাক্তন চৰপঞ্চ আইজাজ আহমেদ শ্বেখক সন্ত্ৰাসবাদীয়ে হত্যা কৰাৰ বাবে দলটোৱে তীব্ৰ গৰিহণা দিছে । পোষ্টটোত তেওঁ উল্লেখ কৰিছে যে নিহত লোকজন জম্মু-কাশ্মীৰত বিজেপিৰ এগৰাকী সাহসী কৰ্মী আছিল ।

উল্লেখ্য যে আৰক্ষীয়ে জনোৱা মতে শনিবাৰে নিশা শ্বপিয়ান জিলাৰ হিৰপোৰাত সন্ত্ৰাসবাদীয়ে আইজাজ আহমেদ শ্বেখৰ ওপৰত গুলীচালনা কৰে । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্বেখক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তেওঁৰ তাত মৃত্যু হয় ।

ইফালে দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীৰ আন এক আক্ৰমণত শনিবাৰে নিশা ইয়ান্নাৰ অঞ্চলত ৰাজস্থানৰ জয়পুৰৰ এক দম্পতী আহত হয় । আৰক্ষীয়ে জনোৱা মতে সন্ত্ৰাসবাদীয়ে অনন্তনাগৰ ইয়ান্নাৰত জয়পুৰৰ বাসিন্দা ফাৰহা আৰু তেওঁৰ পত্নী তাব্ৰেজৰ ওপৰত গুলীচালনা কৰিছিল । এই আক্ৰমণত দুয়োগৰাকী আহত হয় । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ অৱস্থা এতিয়া সুস্থিৰ বুলি আৰক্ষীয়ে অৱগত কৰিছে ।

লক্ষণীয়ভাৱে শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পুঞ্চত বায়ু সেনাৰ কনভয়ত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল । য'ত এগৰাকী জোৱান শ্বহীদ হৈছিল । ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও অভিযান অব্যাহত ৰাখিছে । নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰত কেইবাটাও সন্ত্ৰাসবাদী নিহত হৈছে ।

লগতে পঢ়ক :ছত্তীশগড়ত সেনাৰ এনকাউণ্টাৰত নিহত নক্সালবাদী - Naxalite Encounter In Chhattisgarh
Last Updated : May 19, 2024, 2:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.