অনুসূচীত জাতিৰ প্ৰমাণপত্ৰ প্ৰদানত জালিয়তিৰ অভিযোগ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ - AJYCP Press meet
AJYCP Press meet : শিৱসাগৰত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল । জাতিৰ প্ৰমাণপত্ৰ প্ৰদান কৰা সন্দৰ্ভতো জালিয়তি হৈছে বুলি অভিযোগ তুলি এই আঁচনি বন্ধ কৰিবৰ বাবে দাবী জনায় সংগঠনটোৱে ।

Published : May 19, 2024 at 11:01 AM IST
শিৱসাগৰ, 19 মে’ : "চল্লিশ লাখ অনুসূচীত জাতিৰ লোক অসমত আছে আৰু এই লোকসকলৰ সমস্যা সমাধানৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আগ্ৰহী নহয় ৷ বৰঞ্চ তেওঁৰ কাৰ্যকালত অনুসূচীত জাতিৰ লোকসকলৰ সমস্যা চৰকাৰখনে বৃদ্ধিহে কৰিলে ৷" শুকুৰবাৰে শিৱসাগৰত আয়োজন কৰা এক সংবাদমেলত এনেদৰে ক্ষোভ উজাৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে ৷
সভাপতিগৰাকীয়ে লগতে কয়, "বিগত সময়ত অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে স্কুল তথা কলেজ পৰ্যায়ত যি জলপানি দিয়াৰ ব্যৱস্থা আছিল হিমন্ত চৰকাৰে সেয়া অনিয়মীয়া কৰিলে । লগতে কৰ্মচাৰী পদোন্নতিৰ ক্ষেত্ৰত অনুসূচিত জাতিৰ লোকসকলৰ বাবে থকা সংৰক্ষণ ব্যৱস্থাকো চৰকাৰখনে বন্ধ কৰিলে ।"
বৰ্তমান অনুসূচীত জাতিৰ লোকসকল সুৰক্ষিত নহয় বুলি অভিযোগ তুলি সংগঠনটোৰ সভাপতিগৰাকীয়ে কয়, "এচ চি লোকসকলৰ সমস্যাসমূহ সমাধান কৰিবৰ বাবে বিগত বছৰতে পাঁচবাৰকৈ স্মাৰকপত্ৰ দিয়া হৈছে, আন্দোলন কৰা হৈছে, কিন্তু কোনোধৰণৰ সমস্যাৰ সমাধান নহ'ল । হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বেই এচ চি সকলৰ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰিছিল যদিও পিছত এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ।"
সকলো দিশ সামৰি জুন মাহত দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক সংগঠনটোৱে অভিযোগ দিব বুলি জানিবলৈ দিয়ে । আনহাতে, সংগঠন বিৰোধী কাম কাজত লিপ্ত হোৱাৰ বাবে কেইবাজনো সদস্যক সংগঠনৰ মজিয়াৰ পৰা অব্যাহতি দিয়াৰ কথা ঘোষণা কৰে সংগঠনটোৰ নেতৃত্বই । ইফালে, মিছন ভূমিপুত্ৰ আঁচনিৰ জৰিয়তে এচ চি জাতিৰ প্ৰমাণপত্ৰ প্ৰদান কৰা সন্দৰ্ভতো জালিয়তি হৈছে বুলি অভিযোগ কৰি এই আঁচনি বন্ধ কৰিবৰ বাবে দাবী জনায় সংগঠনটোৱে ।
তদুপৰি, বিধানসভাত বৰপেটা আৰু নাওবৈচা সমষ্টি এচ চি লোকৰ বাবে সংৰক্ষণ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া আগবঢ়ায় সভাপতি ৰুবুল দাসে । পমুৱা মুছলমান, সন্দেহযুক্ত বাংলাদেশীৰ আধিপত্য থকা এই দুটা সমষ্টিত ভোটযুদ্ধ কৰিবলৈ এচ চি সকলত এৰি দিয়া হৈছে বুলি মন্তব্য কৰি সভাপতি ৰুবুল দাসে কয় যে ইমানখিনি সহ্য কৰাৰ পাছতো অনুসূচীত জাতিৰ লোকসকলৰ উন্নয়নৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক ।
লগতে পঢ়ক: Scam in SC certificate: অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰৰ নামত জালিয়াতিৰ অভিযোগ

