Vicky-Katrina Wedding : উখল-মাখল পৰিবেশত ৰাজস্থানৰ এক ৰাজকীয় দুৰ্গত বিকী-কেটৰিণাৰ বিবাহ পৰ্ব

author img

By

Published : Dec 6, 2021, 3:39 PM IST

Katrina Kaif Vicky Kaushal Wedding

ৰাজস্থানৰ চৱাই মাধোপুৰস্থিত ছয় ইন্দ্ৰিয় দুৰ্গ বাৰৱাৰা(Six Senses Fort Barwara)ত বিবাহপাশত আৱদ্ধ হ’ব বলীউডৰ আটাইতকৈ চৰ্চিত যুটি কেটৰিণা কাইফ আৰু বিকী কৌশলে(Vicky Katrina wedding) ৷ সেইমৰ্মে সোমবাৰে দুপৰীয়া প্ৰায় 12 বজাত মুম্বাইৰ পৰা ৰাজস্থানলৈ প্ৰস্থান কৰি সন্ধিয়া 6 বজাৰ ভিতৰত জয়পুৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে বিকী-কেটৰিণাই । বিবাহৰ প্ৰাকমূহুৰ্তত বাৰৱাৰা দুৰ্গত এক বিশাল আদৰণি অনুষ্ঠানৰ আয়োজন(Grand welcome ceremony at Fort Barwara) কৰা বুলি জানিব পৰা গৈছে ৷

চিটাৰা ডেস্ক, 6 ডিচেম্বৰ : ৰাজস্থানৰ বাৰৱাৰা দুৰ্গ(Barwara Fort)ত আৰম্ভ হৈছে বিকী-কেটৰিণাৰ বিবাহ পৰ্ব ৷ উখল-মাখল হৈ পৰিছে ৰাজকীয় দুৰ্গটো ৷ বিবাহৰ প্ৰাকমূহুৰ্তত দুৰ্গটোত এক উষ্ম আদৰণি অনুষ্ঠানৰ আয়োজন(Grand welcome ceremony at Fort Barwara) কৰা বুলি জানিব পৰা গৈছে ৷

সোমবাৰে বিবাহৰ বাবে বাৰৱাৰাত উপস্থিত হ’ব যুটিটো ৷ দুয়োৰে আগমণক লৈ আয়োজন কৰা হৈছে এক পৰম্পৰাগত আদৰণি অনুষ্ঠানৰ ৷ সম্প্ৰতি বিকী আৰু কেটৰিণাৰ চৰ্চিত বিবাহে(Vicky Katrina wedding) বাতৰিৰ শিৰোনাম দখল কৰি আছে আৰু অনুৰাগীসকলো উৎফুল্লিত হৈ পৰিছে দুয়োৰে বিবাহক লৈ ৷

আন এক সূত্ৰই জনোৱা মতে, নিশা 9 বাৰৱাৰা দুৰ্গত উপস্থিত হ’ব বিকী-কেটৰিণা ৷ বিলাসী হোটেলখনৰ ভিতৰত দুটা বৃহৎ স্থান আছে, য’ত খাদ্য আৰু স্বাগতমৰ ব্যৱস্থা কৰা হৈছে ৷ বিকী-কেটৰিণাৰ বিবাহ পৰ্বত চলচ্চিত্ৰ নিৰ্মাতা কবীৰ খান, প্ৰযোজক অমৃতপাল সিং বিন্দ্ৰা আৰু পৰিচালক আনন্দ তিৱাৰী উপস্থিত থকাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : Vicky-Katrina Wedding : বিয়াৰ পূৰ্বে বিকী কৌশলৰ বাসগৃহত উপস্থিত কেটৰিণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.