Vicky-Katrina Wedding : বিয়াৰ পূৰ্বে বিকী কৌশলৰ বাসগৃহত উপস্থিত কেটৰিণা

By

Published : Dec 6, 2021, 12:25 PM IST

Updated : Dec 6, 2021, 12:34 PM IST

thumbnail

দেওবাৰে নিশা বিকী কৌশলৰ বাসগৃহত উপস্থিত হয় কেটৰিণা কাঈফ আৰু মাতৃ(Katrina Kaif spotted at Vicky Kaushal's residence) ৷ বিবাহ উপলক্ষে কেটৰিণাক এখন শাৰী, মাতৃ চুজেন টাৰকোটে(Suzanne Turquotte)ক সেউজীয়া ৰঙৰ কুৰ্তা আৰু দুপত্তা পৰিধান কৰা দেখা যায় ৷ 7 ডিচেম্বৰৰ পৰা 9 ডিচেম্বৰলৈ ৰাজকীয় পদ্ধতিৰে যুগ্ম জীৱনৰ পাতনি মেলিব বিকী কৌশল আৰু কেটৰিণা কাঈফে(Vicky-Katrina Wedding) । চলচ্চিত্ৰ নিৰ্মাতা কবীৰ খান, প্ৰযোজক অমৃতপাল সিং বিন্দ্ৰা আৰু পৰিচালক আনন্দ তিৱাৰীয়ে দুয়োৰে বিবাহৰ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে । যদিও কেটৰিণা আৰু বিকীৰ চৰ্চিত বিবাহে বাতৰিৰ শিৰোনাম দখল কৰি আছে, কিন্তু বৰ্তমানেও দুয়োগৰাকী তাৰকাই তেওঁলোকৰ মাজত থকা সম্পৰ্ক ৰাজহুৱা কৰা নাই ৷

Last Updated : Dec 6, 2021, 12:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.