ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 26, 2022, 3:04 PM IST

news-at-3
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Maharashtra political crisis: শিৱসেনাৰ বিসম্বাদী বিধায়কৰে পুনৰ বৈঠক একনাথ সিন্দেৰ

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক মহাসংকটকৰ আজিও অন্ত পৰা নাই । ইয়াৰ মাজতে পুনৰ শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ বৈঠক । আনহাতে,৩০ জুলাইলৈ বিসম্বাদী গোটে বৃদ্ধি কৰিছে ৰেডিশ্বন ব্লুৰ বুকিং (Radission Blue booking)।

Tripura By poll Update: মুখ্যমন্ত্ৰী ড৹ মানিক সাহাৰ জয়লাভ

ত্ৰিপুৰাত গেৰুৱা দলৰ সিংহাসন (BJP win 3 seats in Tripura By election)৷8 নং টাউন বৰদোৱালী বিধানসভা সমষ্টিৰ পৰা জয়লাভ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড৹ মানিক সাহাৰ জয়লাভ (CM Dr. Manik Saha wins) ৷

Accident in Karnataka:কৰ্ণাটকত পথ দুৰ্ঘটনাত ৭ গৰাকী নিহত

কৰ্ণাটকৰ বেলাগাইত দেওবাৰে পুৱা অঘটন । বেলাগাভিলৈ এখন ক্ৰুইজাৰ বাহনত কাম কৰিবলৈ যোৱাৰ সময়ত প্ৰাণ হেৰুৱালে ৭ গৰাকীয়ে ।

Shiv Sena crisis : স্বামীৰ দলৰ সংকট মোচনৰ চেষ্টা ৰশ্মি ঠাকৰেৰ

মহাৰাষ্ট্ৰৰ শাসনাধিষ্ঠ শিৱসেনা চৰকাৰ তথা দল সংকটত (Maharashtra Shiv Sena crisis)। দলক এই সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ ৰণক্ষেত্ৰত নামিছে মুখ্যমন্ত্ৰীৰ পত্নী ৰশ্মি ঠাকৰে । বিদ্ৰোহী বিধায়কৰ পত্নীসকলৰ সৈতে সঘনাই সংযোগ স্থাপন কৰিছে ৰশ্মি ঠাকৰেয়ে । একাংশ বিধায়কৰ পত্নীসকলে ৰশ্মি ঠাকৰেৰ আৱেগিক আবেদনৰ প্ৰতি সঁহাৰি জনাইছে ।

আজি আন্তঃজাতিক ড্ৰাগছ বিৰোধী দিৱস: জব্দকৃত ড্ৰাগছ দাহন আৰক্ষীৰ

আজি আন্তঃজাতিক ড্ৰাগছ বিৰোধী দিৱস(International Anti Drug Day) । ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ভিন্ন কাৰ্যসূচী । অন্যান্য প্ৰান্তৰ লগতে নলবাৰীৰ আৰক্ষীৰো বিশেষ পদক্ষেপ । দাহন কৰিলে জব্দকৃত ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী((Drug burning seized by Nalbari police)) ।

জৰুৰীকালীনভাৱে অৱতৰণ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ হেলিকপ্টাৰৰ

বাৰাণসীত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ (Emergency landing of CM Yogi helicopter)। বাৰাণসীৰ পৰা লক্ষ্ণৌ অভিমুখে ৰাওনা হৈছিল হেলিকপ্টাৰখন । কিন্তু উৰণৰ ৪ মিনিটৰ পিছতে হেলিকপ্টাৰখন পুনৰ জৰুৰীভাৱে অৱতৰণ কৰে হেলিপেডত ।

ৰঙিয়াত বানৰ তাণ্ডৱ: বন্যাৰ্তৰ আৰ্তনাদ

ৰঙিয়াত কিছুদিন পূৰ্বে পুঠিমাৰী নৈৰ লগতে বৰলীয়া নৈৰ বানে চলাইছিল তাণ্ডৱ(Rangia people terrified after loosing everything in flood) ৷ কোনে শুনিব বানপীড়িতৰ কান্দোন ? কোনে সান্ত্বনা দিব বানত সৰ্বস্বান্ত হোৱা এওঁলোকক ?

Tripura by poll Update: তিনিটা সমষ্টিত বিজেপি দলৰ অগ্ৰগতি

কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পুৱা 8 বজাৰ পৰা ত্ৰিপুৰাৰৰ চাৰিখন বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ ভোটগণনা চলি আছে (Tripura By election 2022) ৷ তিনিওটা সমষ্টিত বিজেপি দলৰ অগ্ৰগতি (BJP leading)৷

নিশা কইনাধৰাত আছুৰে মুখ্যমন্ত্রীৰ গোপন বৈঠকক লৈ ব্য়াপক চৰ্চা

নিশা কইনাধৰাত মুখ্যমন্ত্ৰীৰে আছুৰ গোপন বৈঠকক লৈ ৰহস্য় (AASUs discussion with CM Himanta Biswa Sarma)। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সংবাদ মাধ্যমক আঁতৰত ৰাখি গোপন বৈঠক। সকলো পক্ষকে সম্পূৰ্ণৰূপে গোপনে ৰখাক লৈ উত্থাপিত হৈছে প্ৰশ্ন।

উত্তৰণ সাহিত্য-সাংস্কৃতিক গোষ্ঠীৰ বিশেষ সাহিত্যৰ বৈঠক

গুৱাহাটীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ উদ্য়োগত এক বিশেষ অনুষ্ঠান সম্পন্ন । উত্তৰণ সাহিত্য-সাংস্কৃতিক গোষ্ঠীৰ বিশেষ সাহিত্যৰ বৈঠক কানাড়ী সাহিত্যিক সুধামূৰ্ত্তিৰ বিখ্যাত ইংৰাজী গল্পৰ অসমীয়া সংকলন 'মই গাখীৰ খাবলৈ এৰি দিয়া দিনটো'' উন্মোচন । কবিতা-সাহিত্যৰ মনোজ্ঞ অনুষ্ঠানত ৫খন গ্ৰন্থ উন্মোচন( Five book release at Guwahati)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.