ETV Bharat / state

নিশা কইনাধৰাত আছুৰে মুখ্যমন্ত্ৰীৰ গোপন বৈঠকক লৈ ব্যাপক চৰ্চা

author img

By

Published : Jun 26, 2022, 12:09 PM IST

Updated : Jun 26, 2022, 3:29 PM IST

নিশা কইনাধৰাত মুখ্যমন্ত্ৰীৰে আছুৰ গোপন বৈঠকক লৈ ৰহস্য (AASUs discussion with CM Himanta Biswa Sarma)। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সংবাদ মাধ্যমক আঁতৰত ৰাখি গোপন বৈঠক । সকলো পক্ষকে সম্পূৰ্ণৰূপে গোপনে ৰখাক লৈ উত্থাপিত হৈছে প্ৰশ্ন ।

AASUs discussion with CM Himanta Biswa Sarma
নিশা কইনাধৰাত আছুৰে মুখ্যমন্ত্রীৰ গোপন বৈঠকক লৈ ব্য়াপক চৰ্চা

গুৱাহাটী,২৬ জুন: ভয়াৱহ বান পৰিস্থিতিকে ধৰি মহাৰাষ্ট্ৰৰ হোটেল ৰাজনীতিয়ে ৰাজ্যখনক অস্থিৰ কৰি তোলাৰ সময়তে শনিবাৰে নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আছু নেতৃত্বৰে এক গোপন বৈঠকত মিলিত হয় (AASUs discussion with CM Himanta Biswa Sarma)। সম্পূৰ্ণ গোপনীয়তা অৱলম্বন কৰা এই বৈঠকখনে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে ।

ৰাজ্যখনৰ এই জটিল পৰিস্থিতিত হঠাতে শনিবাৰে নিশা কইনাধৰাৰ চৰকাৰী অতিথিশালাত কিহৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰে আছুৰ গোপন বৈঠক অনুষ্ঠিত হ'ল, তাকলৈ উত্থাপন হৈছে প্ৰশ্ন (CM Himanta Biswa Sarma)। লক্ষণীয় বিষয় যে, চৰকাৰৰ লগত যেতিয়াই আলোচনাত মিলিত হয় তেতিয়াই সেই কথা ৰাজহুৱাভাৱে প্ৰকাশ কৰে আছুৱে । কিন্তু এইবাৰ মুখ্যমন্ত্ৰীৰে গোপন বৈঠকত মিলিত হ'ল ছাত্ৰ সংগঠনটোৰ নেতৃত্ব ।

ৰাজ্যখনত বানপানীয়ে ভয়ানক বিপৰ্যয়ৰ সৃষ্টি কৰাৰ সময়ত এনে কি পৰিৱেশ-পৰিস্থিতিৰ উদ্ভৱ হ'ল যে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল ভট্টাচাৰ্যৰ নেতৃত্বত গোপনে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ লগত আছুৰ নেতৃত্বই বৈঠকত মিলিত হ’ব লগা হ'ল । জানিব পৰা মতে, এই বৈঠকত সমুজ্জ্বল ভট্টাচাৰ্যৰ উপৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু প্ৰকাশ দাসো উপস্থিত থাকে । আনহাতে, এই বৈঠকত মুখ্যমন্ত্ৰীৰ লগত আছিল মন্ত্ৰী অতুল বৰা (Minister Atul Bora)।

উল্লেখ্য যে, বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বেই নিশা প্ৰায় ৮.৩০ বজাৰ পৰাই কইনাধৰাৰ অতিথিশালাৰ এক কিলোমিটাৰ এলেকা আৰক্ষী মোতায়েন কৰাৰ লগতে সাংবাদিকৰো প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল (Koinadhara Guest House)। নিশা কেবিনেট বৈঠক সমাপ্ত কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মা কইনাধৰালৈ ওলাই যায় আৰু ইয়াৰ পাছতে আছুৰ নেতৃত্বৰে বৈঠকত মিলিত হয় ।

ইয়াকে লৈ স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে যে মুখ্যমন্ত্ৰীৰ লগত আছুৰ নেতৃত্বৰ এনে কি আলোচনা অনুষ্ঠিত হ'ল যি কথা সংবাদ মাধ্যমৰ লগতে সকলো পক্ষৰ পৰা সম্পূৰ্ণৰূপে গোপনে ৰখা হ'ল ।

লগতে পঢ়ক: Assam Cabinet: ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

Last Updated : Jun 26, 2022, 3:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.