ETV Bharat / state

Assam Cabinet: ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

author img

By

Published : Jun 25, 2022, 10:57 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত শনিবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় (Assam Cabinet)। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে মন্ত্ৰী কেশৱ মহন্তই ।

Assam Cabinet
ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

গুৱাহাটী, ২৫ জুন: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত শনিবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় (Assam Cabinet)। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta)।

কেবিনেটত ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতি সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় । বানত ১৪৬ টা ৰাজহ চক্ৰৰ ৯,০০২ খন গাঁৱৰ ৭৩,৪৬০০ লোক প্ৰভাৱিত হৈছে । ইতিমধ্যে ৩,৩১৭ টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে । শনিবাৰৰ কেবিনেটে বানত ক্ষতিগ্ৰস্ত লোকসকলক তৎকালে সাহাৰ্য দিয়াৰ বাবে প্ৰতিজন মন্ত্ৰীক একোখন নাইবা তাতোধিক জিলাৰ দায়িত্ব প্ৰদান কৰিছে । প্ৰতিজন মন্ত্ৰীৰ সৈতে এজন সচিব থাকিব আৰু তেওঁলোকে বানাক্ৰান্ত অঞ্চলত শিবিৰ কৰি থাকিব ।

২৮ জুনৰ পৰা তেওঁলোকে কাম আৰম্ভ কৰিব লাগিব আৰু ১০ জুলাইৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব । সেই প্ৰতিবেদনৰ ভিত্তিত ক্ষতিগ্ৰস্তক সাহায্য প্ৰদান কৰা হ'ব । সেইদৰে এছ ডি আৰ এফৰ পুঁজি মোকলাই দিয়াৰ ব্যৱস্থাটোত যথেষ্ট সৰলীকৰণ কৰা হৈছে । জলসম্পদ বিভাগে যাতে সময়মতে মেৰামতিৰ কাম কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । কেবিনেটত আজি 'আছাম ৰে'ল ইনফ্ৰাষ্ট্ৰাক্সাৰ ডেভলপমেন্ট কৰ্পৰেশ্যন লিমিটেড' গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

বিভিন্ন ক্ষেত্ৰত ইয়াৰ যোগেদি অসম চৰকাৰ আৰু ৰে'ল কৰ্তৃপক্ষই কাম কৰিব । আনহাতে 'অৰুণোদয়' আঁচনিত অতিৰিক্ত আৰু ৭.৫৬ লাখ হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব । কেবিনেটে এইক্ষেত্ৰত অনুমোদন জনায় । সেইদৰে অৰুণোদয় আঁচনিৰ ধন অক্টোবৰ মাহৰ পৰা ১২৫০ টকাকৈ লাভ কৰিব হিতাধিকাৰীসকলে । এহাজাৰ টকাৰ পৰা ১২৫০ টকালৈ এই ধন বৃদ্ধি কৰা হৈছে । ৰাজ্যৰ শিপিনীসকলক উপকৃত কৰাৰ বাবে আজিৰ কেবিনেটে 'স্ব-নিৰ্ভৰশীল নাৰী' নামৰ এটা নতুন পৰ্টেল মুকলিৰ ব্যৱস্থা কৰিছে । এই পৰ্টেলৰ জৰিয়তে শিপিনীসকলে নিৰ্ধাৰিত মূল্যত চৰকাৰক নিৰ্দিষ্ট কৰি দিয়া সামগ্ৰী বিক্ৰী কৰিব পাৰিব । ইয়াৰ ফলত শিপিনীয়ে নিজৰ সামগ্ৰীৰ উচিত মূল্য পাব আৰু মধ্যভোগী নোহোৱা হ'ব ।

আজিৰ কেবিনেটত এই মাহৰ ভিতৰতে কাগজ কলৰ কৰ্মচাৰীৰ বাবে ১২৬.৭৫ কোটি টকা মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । আনহাতে 'আৰোহণ' আঁচনিৰ জৰিয়তে মেধাবী ছাত্ৰ-ছাত্ৰীক বিশেষ সুবিধা প্ৰদানৰ ব্যৱস্থা কেবিনেটত লোৱা হয় । কেবিনেটে হাজো, মাজুলী আৰু টিংখং পলিটেকনিকৰ বাবে ১৫০ কোটি টকা মোকলাই দিয়ে । সেইদৰে আজিৰ কেবিনেটে 'দ্য আসাম এলিমেণ্টৰী এণ্ড ছেকেণ্ডেৰী স্কুল টিচাৰ্ছ ৰেগুলেটিং অৱ পোষ্টিং এণ্ড ট্ৰান্সপাৰ্চ-২০২২' বিধিৰ অনুমোদন জনায় । ইয়াৰ যোগেদি জিলাৰ ভিতৰত তথা আন্তঃজিলা বদলিকৰণ আদি হ'ব ।

আনহাতে বুজাবুজি বদলিকৰণ সকলো সময়তে মুকলি থাকিব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক: 2030 চনৰ ভিতৰত 140 মেট্ৰিক টন কয়লা উৎপাদনৰ লক্ষ্য কয়লা মন্ত্ৰালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.