ETV Bharat / state

Maharashtra political crisis: শিৱসেনাৰ বিসম্বাদী বিধায়কৰে পুনৰ বৈঠক একনাথ সিন্দেৰ

author img

By

Published : Jun 26, 2022, 2:23 PM IST

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক মহাসংকটকৰ আজিও অন্ত পৰা নাই । ইয়াৰ মাজতে পুনৰ শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ বৈঠক । আনহাতে,৩০ জুলাইলৈ বিসম্বাদী গোটে বৃদ্ধি কৰিছে ৰেডিশ্বন ব্লুৰ বুকিং (Radission Blue booking)।

guwahati
Maharashtra political crisis: পুণৰ শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ বৈঠক

গুৱাহাটী, ২৬ জুন: মহাৰাষ্ট্ৰৰ ৰাজনৈতিক মহা সংকটকৰ আজিও অন্ত পৰা নাই। দেশবাসীৰ দৃষ্টি এতিয়াও একনাথ সিন্দেৰ নিৱদ্ধ হৈ আছে ( Maharashtra political crisis)। বিসম্বাদী বিধায়কসকলে মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰেৰ চৰকাৰ ভঙাৰ বাবে কূটকৌশল ৰচনা কৰিছে যদিও এতিয়ালৈকে কোনো সমাধানসূত্র ওলোৱা নাই(Rebel MLA of Shiv Sena meeting at Radission Blue)। অৱশ্য়ে ইয়াৰ মাজতে পুণৰ শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ বিসম্বাদী বিধায়কৰ সৈতে বৈঠক (Eknath Shinde )। মহানগৰীৰ ৰেডিশ্বন ব্লুত বাহৰ পাতি থকা শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেই পুণৰ দেওবাৰে বিসম্বাদী বিধায়কৰ সৈতে বৈঠকত মিলিত হৈছে । দুপৰীয়া ১২ বজাৰ পৰা এই বৈঠক আৰম্ভ হৈছে ।

আনহাতে,৩০ জুলাইলৈ বিসম্বাদী গোটে ৰেডিশ্বন ব্লুৰ বুকিং বৃদ্ধি কৰিছে । এতিয়ালৈ ৰেডিশ্বন ব্লুত বিসম্বাদী বিধায়কৰ মুঠ সংখ্যা হৈছে 47গৰাকী । ইয়াৰে শিৱসেনাৰ 38গৰাকী আৰু 9 গৰাকী নিৰ্দলীয়। উল্লেখ যে বুধবাৰে পুৱাৰে পৰা বিসম্বাদী বিধায়ক সকলে দেওবাৰলৈকে ৰেডিশ্বন ব্লুত বাহৰ পাতি আছে । শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ নেতৃত্বত বিধায়ককসকলে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পাতি থকাত এতিয়া ইয়াকে লৈ ৰাজনৈতিক মহলৰ লগতে সাধাৰণ জনতাৰো উৎকন্ঠাৰ অন্ত নাই।

ইপিনে,মহাৰাষ্ট্ৰত শিৱসেনাৰ ৩৮ গৰাকী বিসম্বাদী বিধায়কৰ বাসগৃহত অৰ্ধসামৰিক বাহিনীৰ সেনা মোতায়েন কৰা হৈছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক:মহাৰাষ্ট্ৰৰ হোটেল ৰাজনীতি : ৰেডিশ্বন ব্লুৰ বুকিং আৰু তিনিদিনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.