ETV Bharat / bharat

জৰুৰীকালীনভাৱে অৱতৰণ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ হেলিকপ্টাৰৰ

author img

By

Published : Jun 26, 2022, 12:39 PM IST

Updated : Jun 26, 2022, 2:31 PM IST

বাৰাণসীত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ (Emergency landing of CM Yogi helicopter)। বাৰাণসীৰ পৰা লক্ষ্ণৌ অভিমুখে ৰাওনা হৈছিল হেলিকপ্টাৰখন । কিন্তু উৰণৰ ৪ মিনিটৰ পিছতে হেলিকপ্টাৰখন পুনৰ জৰুৰীভাৱে অৱতৰণ কৰে হেলিপেডত ।

Yogi helicopter
যোগী আদিত্যনাথৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ

নেশ্যনেল ডেস্ক,২৬ জুন : উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ হেলিকপ্টাৰৰ কাৰিকৰী বিজুতি । কাৰিকৰী বিজুতিৰ বাবে জৰুৰীকালীন অৱতৰণ হেলিকপ্টাৰখনৰ । বাৰাণসীৰ পৰা লক্ষ্ণৌ অভিমুখে গৈ আছিল যোগী আদিত্য নাথ । ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

Yogi helicopter
যোগী আদিত্যনাথৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ

দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে বাৰাণসীত উপস্থিত হৈছিল মুখ্যমন্ত্ৰীগৰাকী (CM Yogi visits Varanasi)। তাত তেওঁ পৰ্যালোচনা সভাত উপস্থিত আছিল । লগতে কেইবাটাও প্ৰকল্প পৰিদৰ্শন কৰিছিল । ইয়াৰ পাছত, দেওবাৰে পুৱা ৯ বজাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ লক্ষ্ণৌলৈ ৰাওনা হয় ।

পুলিচ লাইনৰ হেলিপেডৰ পৰা উৰা মাৰিছিল মুখ্যমন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰ । কিন্তু উৰণৰ প্ৰায় ৪ মিনিট মান পিছতে হেলিকপ্টাৰখন পুনৰ হেলিপেডত অৱতৰণ কৰে । লগে লগে প্ৰশাসন অতি সষ্টম হৈ পৰে ।

জৰুৰীকালীনভাৱে অৱতৰণ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ হেলিকপ্টাৰৰ

ঘটনা সম্পৰ্কত জিলা দণ্ডাধীশ কৌশল ৰাজ শৰ্মাই কয় যে, উৰণৰ সময়ত পক্ষীয়ে হেলিকপ্টাৰত আঘাত কৰিছিল । যাৰবাবে সুৰক্ষাজনিত কাৰণত হেলিকপ্টাৰখনে জৰুৰী অৱতৰণ কৰিবলগীয়া হয় । ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে চাৰ্কিট হাউচত জিৰণি লৈছে বুলি জানিব পৰা গৈছে । অৱশ্যে তেওঁ বাবতপুৰ বিমানবন্দৰৰ পৰা ৰাজ্যিক বিমানেৰে লক্ষ্ণৌলৈ ৰাওনা হ'ব ।

লগতে পঢ়ক :অমৰনাথ যাত্ৰাই এই বছৰ অধিক ভাবুকিৰ সৃষ্টি কৰিছে : জ্যেষ্ঠ সেনা বিষয়া

Last Updated :Jun 26, 2022, 2:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.