ETV Bharat / bharat

অমৰনাথ যাত্ৰাই এই বছৰ অধিক ভাবুকিৰ সৃষ্টি কৰিছে : জ্যেষ্ঠ সেনা বিষয়া

author img

By

Published : Jun 25, 2022, 7:27 PM IST

নাম উল্লেখ কৰিব নিবিচৰা এজন জ্যেষ্ঠ সেনা বিষয়াই শ্ৰীনগৰত কয় এই বছৰ অমৰনাথ যাত্ৰাৰ প্ৰতি ভাবুকিৰ আগতীয়া অনুমান বৃদ্ধি পাইছে (senior Army officer said in Srinagar) । বিষয়াজনে কয়, "এই যাত্ৰাৰ প্ৰতি নিৰাপত্তাৰ ভাবুকিৰ বিষয়টো বৃদ্ধি পোৱাৰ বাবে আমি নিৰাপত্তা ব্যৱস্থা পূৰ্বৰ বছৰবোৰতকৈ তিনিগুণ অধিক বৃদ্ধি কৰিছোঁ (security arrangements increased three times more) ।

Amarnath Yatra
Amarnath Yatra

নিউজ ডেস্ক, ২৫ জুন : চৰকাৰে আগন্তুক অমৰনাথ যাত্ৰাৰ (Amarnath Yatra) বাবে অধিক নিৰাপত্তাৰ ব্যৱস্থা কৰিছে । কিয়নো এই বাৰ্ষিক তীৰ্থযাত্ৰাত পূৰ্বৰ বছৰবোৰতকৈ অধিক সুৰক্ষাৰ ভাবুকি আনিছে (annual pilgrimage more security threats) । নাম উল্লেখ কৰিব নিবিচৰা এজন জ্যেষ্ঠ সেনা বিষয়াই শ্ৰীনগৰত কয়, এই বছৰ অমৰনাথ যাত্ৰাৰ প্ৰতি ভাবুকিৰ আগতীয়া অনুমান বৃদ্ধি পাইছে (senior Army officer said in Srinagar) । বিষয়াজনে কয়, "এই যাত্ৰাৰ প্ৰতি নিৰাপত্তাৰ ভাবুকিৰ বিষয়টো বৃদ্ধি পোৱাৰ বাবে আমি নিৰাপত্তা ব্যৱস্থা পূৰ্বৰ বছৰবোৰতকৈ তিনিগুণ অধিক বৃদ্ধি কৰিছোঁ (security arrangements increased three times more) ।"

উল্লেখ্য, কোভিড-১৯ৰ (COVID-19) বাবে দুবছৰৰ বাবে স্থগিত ৰখা বাৰ্ষিক অমৰনাথ যাত্ৰা ৩০ জুনৰ পৰা আৰম্ভ হ'ব । চৰকাৰে প্ৰকাশ কৰা মতে, এইবাৰ ৬-৮ লাখ যাত্ৰীয়ে তীৰ্থযাত্ৰাৰ বাবে কাশ্মীৰত (Kashmir) উপস্থিত হোৱাৰ সম্ভাৱনা আছে । আহাতে, গৃহ মন্ত্ৰালয়ে (home ministry) ইতিমধ্যে নিৰাপত্তা বাহিনী, আৰক্ষী আৰু সেনা জোৱানৰ (security forces, police and army personnel) উপৰি যাত্ৰাত নিয়োজিত কৰাবৰ বাবে ৩০০ অতিৰিক্ত সৈন্য প্ৰেৰণ কৰিছে ।

বিষয়াজনে লগতে কয় যে শেহতীয়া মাহবোৰত লক্ষ্য কৰা হত্যাকাণ্ড সত্ত্বেও নিৰাপত্তা পৰিস্থিতি অধিক ভাল । তেওঁ কয় যে সুৰক্ষা বাহিনীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাই আছে । তাৰ ফলশ্ৰুতিতেই এনকাউণ্টাৰত কেইবাজনো উগ্ৰপন্থী নিহত হৈছে (militants killed in encounters) । লক্ষ্য নিৰ্ধাৰিত হত্যাকাণ্ড সন্দৰ্ভত বিষয়াজনে কয় যে এই হত্যাকাণ্ডৰ উদ্দেশ্য হৈছে ভয় জাগ্ৰত কৰা আৰু উগ্ৰপন্থীৰ দ্বাৰা অধিক প্ৰভাৱ সৃষ্টি কৰা ।

তেওঁ কয়, "লক্ষ্য নিৰ্ধাৰিত হত্যাকাণ্ডই অধিক প্ৰভাৱ পেলায় আৰু এনে ঘটনাই কেন্দ্ৰ আৰু ৰাজ্যৰ প্ৰশাসনক জোকাৰি যায় (Centre and the state administration) ।" বিষয়াজনে প্ৰকাশ কৰা মতে, কাশ্মীৰ উপত্যকাৰ নিয়ন্ত্ৰণৰেখাত (LoC in the Kashmir Valley) অনুপ্ৰৱেশ প্ৰায় শূন্যলৈ হ্ৰাস পাইছে আৰু উগ্ৰপন্থীবোৰে এতিয়া ৰাজৌৰী-পুঞ্চ (Rajouri-Poonch) পথ আৰু পীৰ পাঞ্জালৰ দক্ষিণৰ অঞ্চলৰ দৰে বিকল্প পথৰ চেষ্টা কৰি আছে । "অনুপ্ৰৱেশৰ (infiltration) গুৰুত্ব এতিয়া পীৰ পাঞ্জালৰ দক্ষিণলৈ স্থানান্তৰিত হৈছে আৰু দৰাচলতে কিছুমান লোক নেপাল (Nepal) হৈ ওলাই আহিছে বুলি তথ্য পোৱা গৈছে ।" বিষয়াজনৰ সংযোজন ।

"সামাজিক পৰ্যায়ত সমৰ্থন থকালৈকে কম সংখ্যক উগ্ৰপন্থী থাকিব । কিন্তু এবাৰ সমাজে তেওঁলোকক আঁতৰাই ৰাখিলে, তেতিয়া তেওঁলোকৰ ওচৰলৈ যোৱাৰ কোনো উপায় নাথাকিব । তেতিয়া আপুনি স্বয়ংক্ৰিয়ভাৱে এই সমগ্ৰ ধাৰণাটো আঁতৰি যোৱা বা সংখ্যা হ্ৰাস হোৱা দেখিব ।" তেওঁ কয় । লঞ্চপেডত উগ্ৰপন্থীৰ উপস্থিতি সম্পৰ্কে বিষয়াজনে কয় যে নিয়ন্ত্ৰণৰেখাৰ মানছেৰা, কোটলী আৰু মুজাফ্ফৰাবাদৰ ১১ টা প্ৰশিক্ষণ শিবিৰত প্ৰায় ৫০০-৭০০ জন লোক আছে । তেওঁ কয়, "লঞ্চপেডত উপত্যকাটোৰ বিপৰীতে প্ৰায় ১৫০ জন লোক অনুপ্ৰৱেশ কৰিবলৈ সাজু হৈ আছে ।"

লগতে পঢ়ক :জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ বিশ্বৰ ১২ গৰাকী নেতাৰে বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.