ETV Bharat / state

উত্তৰণ সাহিত্য-সাংস্কৃতিক গোষ্ঠীৰ বিশেষ সাহিত্যৰ বৈঠক

author img

By

Published : Jun 26, 2022, 2:16 PM IST

গুৱাহাটীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ উদ্য়োগত এক বিশেষ অনুষ্ঠান সম্পন্ন । উত্তৰণ সাহিত্য-সাংস্কৃতিক গোষ্ঠীৰ বিশেষ সাহিত্যৰ বৈঠক কানাড়ী সাহিত্যিক সুধামূৰ্ত্তিৰ বিখ্যাত ইংৰাজী গল্পৰ অসমীয়া সংকলন 'মই গাখীৰ খাবলৈ এৰি দিয়া দিনটো'' উন্মোচন । কবিতা-সাহিত্যৰ মনোজ্ঞ অনুষ্ঠানত ৫খন গ্ৰন্থ উন্মোচন( Five book release at Guwahati)।

guwahati
উত্তৰণ সাহিত্য-সাংস্কৃতিক গোষ্ঠীৰ বিশেষ সাহিত্যৰ বৈঠক

গুৱাহাটী,২৬ জুন:গুৱাহাটীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান উত্তৰণ সাহিত্য-সাংস্কৃতিক গোষ্ঠীৰ ১৫৫ সংখ্যক বিশেষ সাহিত্যৰ বৈঠকখনি শনিবাৰে মহানগৰীৰ চচলস্থিত ফৰচুন কনভেনচন চেণ্টাৰ'ত অনুষ্ঠিত হয় (Fortune Convention Center Guwahati) । উত্তৰণ গোষ্ঠীৰ সভাপতি খগেন কাকতিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত উত্তৰণ গোষ্টীটোৱে প্ৰকাশ কৰা 'গণ উত্তৰণ' বিষ্ণু ৰাভা সংখ্যা উন্মোচন কৰে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান ফটিক দত্ত গোস্বামীয়ে।

উক্ত অনুষ্ঠানত লেখক লবন চন্দ্ৰ দাসৰ অনূদিত গ্রন্থ প্রখ্যাত কানাড়ী সাহিত্যিক সুধামূৰ্ত্তিৰ বিখ্যাত ইংৰাজী গল্পৰ অসমীয়া সংকলন 'মই গাখীৰ খাবলৈ এৰি দিয়া দিনটো'' উন্মোচন কৰে সাহিত্যৰথী সাহিত্য সভা,বতাহঘুলিৰ সভাপতি অতুল তামুলীযে (Noted Kannada writer Sudhamurti )। এই অনুস্থানতে লেখক লবন চন্দ্ৰ দাসৰ আন এখন গ্রন্থ 'জীবন দর্পণ' উন্মোচন কৰে সাহিত্যৰথী সাহিত্য সভা, বতাহঘুলিৰ উপ সভানেত্ৰী ড০পাৰুল গোস্বামীয়ে ।

ইফালে,উত্তৰণ গোষ্ঠীৰ মুখ্য সম্পাদক ভবেশ বৈশ্যৰ উপন্যাস 'জীৱনৰ আন এটা নাম সংগ্রাম' উন্মোচন কৰে বিশিষ্ট লেখক,সমালোচক ৰণজিৎ চৌধুৰীয়ে । ইয়াৰ পিছতে আন এগৰাকী লেখক নগেন চন্দ্র দাসৰ গীতৰ সংকলন 'বাসনাৰ ফুলবোৰ' উন্মোচন কৰে বিশিষ্ট শিল্পী আনন্দ দাসে।

উত্তৰণ গোষ্ঠীৰ মুখ্য সম্পাদক ভবেশ বৈশ্যই আঁত ধৰা এই অনুষ্ঠানটোত কবি-লেখক হিৰণ্য কুমাৰ নাথৰ সঞ্চালনাত এখনি মনোজ্ঞ কবিতা আবৃত্তিৰ কর্মশালাও অনুষ্ঠিত হোৱা বুলি জানিব পৰা গৈছে। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা নিৰ্বাচিত ১৫ গৰাকী কবিয়ে এই কর্মশালাত অংশ গ্ৰহণ কৰাৰ লগতে স্বৰচিত কবিতা আবৃত্তি কৰে।উক্ত অনুষ্ঠানটোত পৰ্যালোচক হিচাপে উপস্থিত থাকে সাংবাদিক মনজিৎ মহন্তই।

লগতে পঢ়ক: বীৰকুছিত 80 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা নাগৰিক সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.