ETV Bharat / state

ৰঙিয়াত বানৰ তাণ্ডৱ: বন্যাৰ্তৰ আৰ্তনাদ

author img

By

Published : Jun 26, 2022, 2:22 PM IST

ৰঙিয়াত কিছুদিন পূৰ্বে পুঠিমাৰী নৈৰ লগতে বৰলীয়া নৈৰ বানে চলাইছিল তাণ্ডৱ(Rangia people terrified after loosing everything in flood) ৷ কোনে শুনিব বানপীড়িতৰ কান্দোন ? কোনে সান্ত্বনা দিব বানত সৰ্বস্বান্ত হোৱা এওঁলোকক ?

Rangia people terrified after loosing everything in flood
ৰঙিয়াত বানৰ তাণ্ডৱ: বন্যাৰ্তৰ আৰ্তনাদ

ৰঙিয়া, 26 জুন: ৰঙিয়াত কিছুদিন পূৰ্বে পুঠিমাৰী নৈৰ লগতে বৰলীয়া নৈয়েও বানৰ তাণ্ডৱ চলাইছিল(Flood in Rangia) । ৰঙিয়াৰ লৰমা গৌৰহাটীত বৰলীয়া নৈৰ মথাউৰি ছিঙি যোৱাৰ লগে লগে নৈৰ বাঢ়নী পানীত উটি গৈছিল কেইবাটাও ঘৰ(Rangia people terrified after loosing everything in flood) । পূৰ্বৰ নদন বদন অঞ্চলটোত বিৰাজ কৰিছে এতিয়া মৰিশালী সদৃশ পৰিৱেশে ।

চাৰিওফালে এক হৃদয় বিদাৰক দৃশ্য ৷ কান্দোনত দিন পাৰ কৰিছে বানাক্ৰান্তই । মানুহ আৰু পোহনীয়া জন্তু সকলো এখন চালিৰ তলত ৷ খাবলৈ, শুবলৈ, থাকিবলৈ এতিয়া একো নাই ৰঙিয়াৰ সমীপৰ লৌৰমা গৌৰহাটীত ৷

১১ দিন পূৰ্বে হঠাৎ অহা বানে থানবান কৰি পেলাইছে বহু লোকৰ জীৱন । মথাউৰি ছিঙাৰ সময়ত প্ৰাণৰ মমতাত সকলো এৰি নিৰাপদ ঠাইলৈ ঢাপলি মেলিছিল অঞ্চলটোৰ ৰাইজে ৷

অঞ্চলটোৰ ভুক্তভোগী ৰাইজে ভগ্ন মথাউৰিৰ ওপৰতেই আজি আশ্ৰয় ল’ব লগাত পৰিছে । আপোন ঘৰখনৰ লগতে খেতি পথাৰ, পুখুৰীৰ মাছ, বাৰীৰ শাক-পাচলি সকলো হেৰুৱাই এতিয়া মথাউৰিৰ ওপৰতে ট্ৰিপালেৰে সজা একোখনকৈ সৰু চালিৰ তলত দিন অতিবাহিত কৰিছে বন্যাৰ্তই ।

ৰঙিয়াত বানৰ তাণ্ডৱ: বন্যাৰ্তৰ আৰ্তনাদ

কোলাত কণ কণ শিশুক লৈ একপ্ৰকাৰ অনাহাৰে অনিদ্ৰাৰে দিন পাৰ কৰিছে অঞ্চলটোৰ বানাক্ৰান্তই । এই পৰ্যন্ত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহাৰ্য লাভ নকৰাৰ অভিযোগ ৰাইজৰ । লগতে স্বাস্থ্য বিভাগৰ পৰাও কোনো ধৰণৰ ঔষধ-পাতি বা তথা আন সেৱা সমূহ যোগান নধৰাৰ অভিযোগ উত্থাপিত হৈছে ।

চকুৰ পলকতে বাঢ়নী পানীয়ে উটুৱাই নিয়া আপোন ঘৰখন আকৌ কেনেদৰে সাজিব, সেই চিন্তাত দিন পাৰ কৰিছে বানাক্ৰান্ত ৰাইজে । এতিয়া অনিশ্চিত ভৱিষ্যতৰ কথা চিন্তা কৰি দুৰ্বিসহ জীৱন কটাবলৈ বাধ্য হৈছে এইসকল বানাক্ৰান্তই ।

লগতে পঢ়ক : Assam Flood 2022: দ্বিতীয়টো বানত 20 সহস্ৰাধিক হেক্টৰ কৃষিভূমি বিনষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.