ETV Bharat / bharat

Accident in Karnataka:কৰ্ণাটকত পথ দুৰ্ঘটনাত 9 গৰাকী নিহত

author img

By

Published : Jun 26, 2022, 2:27 PM IST

Updated : Jun 26, 2022, 3:21 PM IST

কৰ্ণাটকৰ বেলাগাইত দেওবাৰে পুৱা অঘটন । বেলাগাভিলৈ এখন ক্ৰুইজাৰ বাহনত কাম কৰিবলৈ যোৱাৰ সময়ত প্ৰাণ হেৰুৱালে 9 গৰাকীয়ে ।

Accident in Karnataka
Accident in Karnataka

নেচনেল ডেস্ক,২৬ জুন :কৰ্ণাটকৰ বেলাগাইত দেওবাৰে ৰাতিপুৱা অঘটন । কৰ্ণাটকৰ বেলাগাইৰ ওচৰত এখন বাহন দৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত কমেও 9 গৰাকী লোকৰ মৃত্যু হয় ( Accident at Belagavi in Karnataka )। এই ঘটনাটোত আন ১১ গৰাকী লোকো আহত হোৱা বুলি জানিব পৰা গৈছে ।

ঘটনাৰ বিৱৰণি অনুসৰি গোকাকা তালুকুৰ আক্কাটাংগিয়াৰাহাল্লা গাঁৱৰ পৰা বেলাগাভি অভিমুখে যোৱা বাহনখন দুৰ্ঘটনাত পতিত হয় । বেলাগাভিলৈ এখন ক্ৰুইজাৰ বাহনত কাম কৰিবলৈ যোৱাৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি বেলাগাভি মহানগৰ আৰক্ষী আয়ুক্ত ড৹ বোৰালিঙ্গাই সদৰি কৰিছে (Belagavi City Police Commissioner Dr Boralingaiya)।

মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে উল্লেখ কৰা মতে, এই বাহনখনত ১৮ গৰাকী লোকে যাত্ৰা কৰাৰ পাছতে দৰ্ঘটনাটো সংঘটিত হয় । উক্ত ভয়াৱহ দুৰ্ঘটনাটোত আদিভেপ্পা চিলাবাভি (২৭),বাসবৰাজ দালাভি (৩০),বাসবৰাজ হানামান্নাভাৰ(৫১),আকাশ গাষ্টি(২২), ফেকেৰাপ্পা হৰিজন(৫৫),মল্লাপ্পা দাচানাট্টি (৩০), বাসবৰাজ সনাদীৰ মৃত্য়ু হয় । আনহাতে, আঘাতপ্ৰাপ্তসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলিও তেওঁ কয়।

লগতে পঢ়ক: Bypoll Results 2022: ত্ৰিপুৰাত কোনে মাৰিব শেষ হাঁহি?

Last Updated : Jun 26, 2022, 3:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.