কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ; নিৰ্বিকাৰ স্থিতিত বন বিভাগ - Elephant terror in kaliabor

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 1:27 PM IST

thumbnail
কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ (Etv bharat assam)

কলিয়াবৰ, 5 জুন: কলিয়াবৰত অব্যাহত হাতী-মানুহৰ সংঘাত । মংগলবাৰৰ নিশাও কলিয়াবৰত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই দুটাকৈ বাসগৃহ ধ্বংস কৰে । কলিয়াবৰৰ নাম কামাখ্যা গাঁৱত সংঘটিত হয় এই ঘটনা ।

বনৰীয়া হাতীয়ে ক্ষতিসাধন কৰে দীপক ভূঞা নামৰ লোকজনৰ বাসগৃহ । ইয়াৰ লগতে, নিশা শুই থকা অৱস্থাতে বনৰীয়া হাতীয়ে ভাঙি পেলায় মঞ্জলী ভূঞাৰ বাসগৃহটো । জানিব পৰা মতে কথমপি প্ৰাণ ৰক্ষা পৰে মঞ্জলীৰ লগতে তেওঁৰ তিনিজনীয়া পৰিয়ালটোৰ জীৱন । হাতীয়ে ঘৰটোত উপদ্ৰৱ চলোৱাৰ সময়ত ঘৰৰ ভিতৰতে আছিল স্বামী-কন্যাসহ মঞ্জলী ভূঞা ।

সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় বন বিভাগৰ নিৰ্বিকাৰ ভূমিকাত ক্ষোভিত হৈ পৰিছে কলিয়াবৰৰ জনসাধাৰণ । বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত সত্বেও বন বিভাগে সঠিক ব্যৱস্থাপনা গ্ৰহণ নকৰাৰ ফলত স্থানীয় লোকে নিৰাপত্তাহীনতাত দিন কটাবলগীয়াত পৰিছে বুলি সংবাদ মাধ্যমৰ আগত আক্ষেপ প্ৰকাশ কৰে ৷

লগতে পঢ়ক: হোজাইত বন্যহস্তীৰ তাণ্ডৱ: ঘৰ-দুৱাৰ ভঙাৰ লগতে আহত কৰে এজন লোকক - Human elephant conflict

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.