হোজাইত বন্যহস্তীৰ তাণ্ডৱ: ঘৰ-দুৱাৰ ভঙাৰ লগতে আহত কৰে এজন লোকক - Human elephant conflict

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 2:00 PM IST

thumbnail
হোজাইত বন্যহস্তীৰ তাণ্ডৱ (ETV Bharat Assam)

হোজাই, 3 জুন: হোজাই জিলাৰ কাকীত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ সোমবাৰে পুৱা প্ৰায় চাৰি বজাত এটা বনৰীয়া হাতীয়ে 3 নং কাকী দুহেজাৰ বিঘাৰ বিহাৰীবস্তিত উপদ্ৰৱ চলাই পাঁচজনকৈ লোকৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে । বনৰীয়া হাতীটোৰ আক্ৰমণত নন্দ কিশোৰৰ ৰবিদাস নামৰ লোকজনৰ এটা হাত ভাগি যায় ।

হাতীটোৰ উপদ্ৰৱত ৰবীন্দ্ৰ চৌহান, কেশৱ চৌহান, সুন্দৰ ৰবিদাস আৰু হৰিপ্ৰসাদ চৌহান নামৰ লোককেইজন কথমপি ৰক্ষা পৰে । তদুপৰি এটা কোঠাত শুই থকা মাতৃসহ পাঁচগৰাকী লোকৰ জীৱনো কথমপি ৰক্ষা পৰে বুলি ভুক্তভোগীয়ে জানিবলৈ দিয়ে ৷ তদুপৰি হাতীয়ে ভঁৰাল ভাঙি ধান আদি নষ্ট কৰা বুলিও জানিবলৈ দিছে স্থানীয় লোকে ৷

ইফালে খবৰ দিয়াৰ পিচতো ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত নোহোৱা অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ।

লগতে পঢ়ক: কলিয়াবৰৰ শিলঘাটত বন্যহস্তীৰ উপদ্ৰৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.