ETV Bharat / state

আজি আন্তঃজাতিক ড্ৰাগছ বিৰোধী দিৱস: জব্দকৃত ড্ৰাগছ দাহন আৰক্ষীৰ

author img

By

Published : Jun 26, 2022, 2:27 PM IST

আজি আন্তঃজাতিক ড্ৰাগছ বিৰোধী দিৱস(International Anti Drug Day) । ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ভিন্ন কাৰ্যসূচী । অন্যান্য প্ৰান্তৰ লগতে নলবাৰীৰ আৰক্ষীৰো বিশেষ পদক্ষেপ । দাহন কৰিলে জব্দকৃত ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী((Drug burning seized by Nalbari police)) ।

burning of narcotics in nabari
আজি আন্তঃজাতিক ড্ৰাগছ বিৰোধী দিৱস: নলবাৰীত জব্দকৃত ড্ৰাগছ দাহন আৰক্ষীৰ

নিউজ ডেস্ক,২৬ জুন: আন্তঃজাতিক ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্ত আয়োজন কৰা হৈছে বিশেষ বিশেষ কাৰ্যসূচী(International Anti Drug Day) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নলবাৰীত আন্তঃজাতিক ড্ৰাগছবিৰোধী দিৱসৰ লগত সংগতি ৰাখি আৰক্ষীয়ে দাহন কৰিলে ভিন্ন সময়ত জব্দ কৰা ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী(Drug burning seized by Nalbari police) ।

জিলাখনৰ বলাকুছিৰ পাগলদিয়াৰ পাৰত জিলা প্ৰশাসনে দাহন কৰিলে আনুমানিক প্ৰায় ৮ কোটি টকাৰ হিৰোইন,ব্ৰাউন চুগাৰ,গাঞ্জা,লগতে নিচাজাতীয় টেৱলেট আৰু কফ চিৰাপ । ড্ৰাগছ দাহন কাৰ্য্যসূচীত উপস্থিত থাকি নলবাৰী জিলাক ড্ৰাগছ মুক্ত কৰাৰ সংকল্প জিলা আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথৰ । ড্ৰাগছ মুক্ত এখন সুস্থ সমাজ গঢ়িবলৈ জনসাধাৰণে আৰক্ষীক সহযোগ কৰিবলৈ আহ্বান জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে ।

আজি আন্তঃজাতিক ড্ৰাগছ বিৰোধী দিৱস: নলবাৰীত জব্দকৃত ড্ৰাগছ দাহন আৰক্ষীৰ

সমান্তৰালভাৱে আমিনগাঁৱত ড্ৰাগছ দাহন অভিযান কামৰূপ আৰক্ষীৰ । ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে কামৰূপ আৰক্ষীৰ উদ্যোগত জব্দকৃত নিচাযুক্ত দ্ৰব্যখিনি দাহন কৰা হয় । জুইত দাহন কৰা হয় কামৰূপ আৰক্ষীয়ে জব্দ কৰা প্ৰায় ১২ কৌটি টকা মূল্যৰ ড্ৰাগছ । কামৰূপ জিলা আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰয়ৰ নেতৃত্বত দাহন কৰা হয় বৃহৎ পৰিমানৰ ড্ৰাগছ খিনি ।

অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, কামৰূপ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদ, স্বাস্থ্য বিষয়া ডাঃ যুগল দাস, আবকাৰী অধীক্ষক নিয়ৰ দত্ত বৰুৱাৰ লগতে কামৰূপ জিলাৰ শীৰ্ষ আৰক্ষী বিষয়া সকল ।

লগতে পঢ়ক: মহাৰাষ্ট্ৰৰ হোটেল ৰাজনীতি : ৰেডিশ্বন ব্লুৰ বুকিং আৰু তিনিদিনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.