Shiv Sena crisis : স্বামীৰ দলৰ সংকট মোচনৰ চেষ্টা ৰশ্মি ঠাকৰেৰ

author img

By

Published : Jun 26, 2022, 1:39 PM IST

Shiv Sena crisis
স্বামীৰ দলৰ সংকট মোচনৰ চেষ্টা ৰশ্মি ঠাকৰেৰ ()

মহাৰাষ্ট্ৰৰ শাসনাধিষ্ঠ শিৱসেনা চৰকাৰ তথা দল সংকটত (Maharashtra Shiv Sena crisis)। দলক এই সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ ৰণক্ষেত্ৰত নামিছে মুখ্যমন্ত্ৰীৰ পত্নী ৰশ্মি ঠাকৰে । বিদ্ৰোহী বিধায়কৰ পত্নীসকলৰ সৈতে সঘনাই সংযোগ স্থাপন কৰিছে ৰশ্মি ঠাকৰেয়ে । একাংশ বিধায়কৰ পত্নীসকলে ৰশ্মি ঠাকৰেৰ আৱেগিক আবেদনৰ প্ৰতি সঁহাৰি জনাইছে ।

নেশ্যনেল ডেস্ক,২৬ জুন : শেহতীয়াকৈ মহাৰাষ্ট্ৰত বিসম্বাদৰ ৰাজনীতি আৰম্ভ হৈছে (Maharashtra political crisis)। মহাৰাষ্ট্ৰত শাসন চলাই থকা শিৱসেনাৰ এই বিসম্বাদে দেশৰ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিসম্বাদে এনে ৰূপ ধাৰণ কৰিছে যে একপ্ৰকাৰ শিৱসেনা দল বিভাজন হোৱাৰ উপক্ৰম হৈছে ।

বিসম্বাদী বিধায়কসকলে নতুন দল খোলাৰ যো-জা চলোৱা বুলিও এক চৰ্চা চলিছে । অৱশ্যে শিৱসেনা দলটোক এনেদৰে ভাগ ভাগ হ'বলৈ দিব বিচৰা নাই একাংশ শিৱসেনাৰ সমৰ্থক আৰু শুভাকাংক্ষীয়ে । দলৰ নেতাসকলে শিৱসেনা দল আৰু চৰকাৰক ৰক্ষা কৰিবলৈ অহৰহ চেষ্টা চলাইছে । সম্প্ৰতি দলৰ এই পৰিস্থিতিক লৈ কিছু পৰিমাণে চিন্তিত হৈছে দলৰ সভাপতি তথা মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে ।

স্বামীৰ চৰকাৰ তথা দলৰ এনে সংকট দেখি হাত সাৱটি বহি থাকিব পৰা নাই পত্নী ৰশ্মি ঠাকৰে । যাৰ বাবে দলক উদ্ধাৰৰ চেষ্টাত নামিছে মুখ্যমন্ত্ৰীৰ পত্নীগৰাকী (CM Uddhav Thackerays Wife Rashmi in Action)। জানিব পৰা মতে একাংশ বিসম্বাদী বিধায়কৰ পত্নীসকলৰ সৈতে যোগাযোগ স্থাপন কৰিছে মুখ্যমন্ত্ৰীৰ পত্নী ৰশ্মি ঠাকৰেয়ে । দলত সেই বিধায়কসকলৰ গুৰুত্ব আৰু শিৱসেনাৰ পৰা এতিয়ালৈকে তেওঁলোকে লাভ কৰা সহায়ৰ বিষয়ে বিদ্ৰোহী বিধায়কৰ পত্নীসকলক বুজাবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ।

লগতে দলটো বিপদত পৰিলে তেওঁলোকে দলটোৰ সৈতে কেনেদৰে থাকিব লাগে সেই সন্দৰ্ভতো বিধায়কসকলৰ পত্নীৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰি আছে । সূত্ৰৰ মতে কিছুমান বিধায়কৰ পত্নীয়ে ৰশ্মি ঠাকৰেৰ আৱেগিক আবেদনৰ প্ৰতি সঁহাৰি জনাইছে । অৱশ্যে একনাথ সিন্দেৰ লগতে বিদ্ৰোহৰ আৰম্ভণি কৰা বিধায়কৰ পত্নীক যোগাযোগ কৰা নাই মুখ্যমন্ত্ৰীৰ পত্নীয়ে । মুঠতে স্বামীৰ দলটোক বচাবলৈ যথাসাধ্য চেষ্টা অব্যাহত ৰাখিছে উদ্ধৱ ঠাকৰেৰ পত্নী ৰশ্মি ঠাকৰেয়ে (Rashmi Thackeray tries to resolve crisis of Shiv Sena)।

ইফালে দলৰ একাংশ নেতাইও একেই চেষ্টা চলাইছে । কৰ্মীসকলক দলৰ প্ৰতি আকৰ্ষিত কৰি ৰাখিবলৈ আৱেগিক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে ৰেলীৰো আয়োজন কৰা হৈছে ৰাজ্যখনত । দলটো যাতে ভাঙি নাযায় তাৰ বাবে বিদ্ৰোহী নেতাসকলক বিভিন্ন ধৰণৰ আহ্বান জনোৱাৰ লগতে সতৰ্কবাণীও প্ৰেৰণ কৰিছে শীৰ্ষ নেতৃত্বই । অৱশ্যে এতিয়ালৈ কোনো বিধায়ককে দলৰ পৰা বহিষ্কাৰ কৰা হোৱা নাই ।

লগতে পঢ়ক :শিৱসেনাৰ বিসম্বাদী বিধায়কক টুইটযোগে কটাক্ষ সঞ্জয় ৰাউটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.