ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 12, 2022, 3:00 PM IST

news-at-3
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

KAAC election Result 2022: কোনে মাৰিব শেষ হাঁহি

দেওবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা(Karbi Anglong Autonomous Council votes counting begins) ৷ কোন দলে অগ্ৰগতি লাভ কৰিছে আৰু কোন দল পিছ পৰি আছে, এই সকলো ঘটনাৰ প্ৰতিটো পলৰ খবৰ ইটিভি ভাৰতৰ দৰ্শকসকলক দিবলৈ আমি চেষ্টা কৰিম...

নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্য: সংস্থাপনৰ বাবে হাহাকাৰ লাখ লাখ যুৱক-যুৱতীৰ

২৬ হাজাৰ পদৰ বাবে ১২ লাখ আবেদন । নিবনুৱা সমস্যাৰ ভয়াৱহ ছবি (Unemployment problem in Assam)। তৃতীয় বৰ্গৰ ১৩,১৪১টা পদৰ বাবে ৬,৭১,৮০৫ গৰাকী আৰু চতুৰ্থ শ্ৰেণীৰ ১৩,৩০০টা পদৰ বাবে ৪,৪৩,৬৫৫ গৰাকী প্ৰাৰ্থীৰ আবেদন । চালকৰ ১,১২০ টা পদৰ বাবে ৭৭,০৪৯ খন আবেদন ।

সৰভোগত অবৈধ কাঠফলা মিল উচ্ছেদ বন বিভাগৰ

অবৈধ কাঠৰ বেহাত নাম সাঙুৰ খালে স্থানীয় খণ্ড বিষয়াৰ ৷ সৰভোগৰ নেউলাৰভিঠাত বন বিভাগে অভিযান চলাই এটা অবৈধ কাঠফলা কল উচ্ছেদ কৰে (Illegal saw mill seized at Sarbhog) ৷

মাজ আকাশত AirAsia বিমানৰ কাৰিকৰী বিজুতি, আকাশমাৰ্গৰ পৰা ওভতিল দুখনকৈ বিমান

দিল্লীৰ পৰা শ্ৰীনগৰলৈ উৰা মৰা দুখনকৈ এয়াৰএছিয়া বিমানৰ কাৰিকৰী বিজুতি (Technical snag of 2 AirAsia flights)। কাৰিকৰী বিজুতিৰ বাবে উৰণৰ কিছু সময় পাছতে পুনৰ উভতি আহিবলগীয়া হয় বিমান দুখন । প্ৰথম বিমানখনৰ আৱদ্ধ যাত্ৰীসকলক লৈ যোৱা দ্বিতীয় বিমানখনৰো কাৰিকৰী বিজুতি ।

গাহৰি পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন এজন যুৱকৰ

গাহৰি পালনেৰে স্বাৱলম্বী হোৱাৰ নিদৰ্শন দাঙি ধৰিছে বকোৰ এজন যুৱকে(One person of Boko is Self dependent by Piggery)৷গাহৰি পালনেৰে বছৰি ২ৰ পৰা ৩ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে যুৱকজনে ৷

Rahul before ED tomorrow: ৰাহুলৰ লগত সমদল কৰি যাব জ্যেষ্ঠ কংগ্ৰেছী নেতা

ৰাহুল গান্ধীক সোমবাৰে EDৰ সন্মুখত হাজিৰ হ'বলৈ কোৱা হৈছে (Rahul Gandhi to appear before ED on Monday)। ৰাহুল গান্ধীৰ সৈতে EDৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াব দলৰ শীৰ্ষ নেতাসকলে । কংগ্ৰেছৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিশোধ লোৱাৰ অভিযোগ কংগ্ৰেছৰ বিভিন্ন নেতাৰ ।

Tripura by election 2022: ত্ৰিপুৰাত উপ-নিৰ্বাচনৰ প্ৰচাৰত উঠি পৰি লাগিছে বিজেপি

ত্ৰিপুৰাৰ চাৰিটাকৈ সমষ্টিত চলিছে উপ নিৰ্বাচনৰ প্ৰচাৰ (By election campaign in Tripura)। শাসকীয় বিজেপিয়ে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে । আগৰতলা আৰু বৰদোৱালী সমষ্টিত দলৰ শীৰ্ষ নেতাই ঘৰে ঘৰে প্ৰচাৰ আৰম্ভ কৰিছে । মুখ্যমন্ত্ৰী ড০ মানিক সাহাইও নিজৰ সমষ্টিত ব্যাপকভাৱে প্ৰচাৰ চলাইছে ।

ৰাষ্ট্ৰীয় পাঞ্জা খেলত দুটাকৈ সোণৰ পদক আজুৰিলে অসমৰ কৃতিকাই

ৰাষ্ট্ৰীয় ক্ৰীড়া জগতত উজ্বলিল অসম কন্যা ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত পাঞ্জা বডি প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদক আজুৰি আনিলে অসমৰ কৃতিকা দাসে (Kritika Das wins two gold medals )

আয়ুষ খণ্ডক অধিক শক্তিশালী কৰাত গুৰুত্ব কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ

জয়পুৰৰ ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠানত সংযোজিত নতুন প্রকল্প । প্রতিষ্ঠানৰ গুণগত মান উন্নয়নত গুৰুত্ব কেন্দ্ৰীয় মন্ত্রীগৰাকীৰ ।

তেজপুৰ অনুষ্ঠিত উপায়ুক্ত সন্মিলনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

তেজপুৰৰ বাটমাৰীত নৱ-নিৰ্মিত সন্মিলন কক্ষত অসমৰ উপায়ুক্তসকলৰ(DC Conference held at Tezpur) সৈতে অনুষ্ঠিত কৰা হয় এখনি বৈঠক ৷ সন্মিলনখন উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.