ETV Bharat / state

KAAC election Result 2022: কাৰ হাতলৈ যাব শাসনৰ বাঘজৰী ?

author img

By

Published : Jun 12, 2022, 9:53 AM IST

Updated : Jun 12, 2022, 3:13 PM IST

দেওবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা(Karbi Anglong Autonomous Council votes counting begins) ৷ কোন দলে অগ্ৰগতি লাভ কৰিছে আৰু কোন দল পিছ পৰি আছে, এই সকলো ঘটনাৰ প্ৰতিটো পলৰ খবৰ ইটিভি ভাৰতৰ দৰ্শকসকলক দিবলৈ আমি চেষ্টা কৰিম...

Counting Of Votes For KAAC Elections Underway
কোনে মাৰিব শেষ হাঁহি

ডিফু, ১২ জুন: আজি অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা(Karbi Anglong Autonomous Council poll) ৷ ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰত অনুষ্ঠিত হৈছে এই ভোটগণনা ৷ আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ডিফু, হামৰেণ আৰু বোকাজানত মুঠ ২৬ টা পৰিষদীয় সমষ্টিৰ বাবে ভোট গণনা অনুষ্ঠিত হৈছে ৷ ইয়াৰে হামৰেণত ৯ টা, ডিফুত আৰু বোকাজানত ৭ টা পৰিষদীয় সমষ্টিৰ বাবে ভোট গণনা কৰা হ’ব ৷

বিক্ষিপ্ত হিংসা আৰু তীব্ৰ উত্তেজনাৰ মাজত এইবাৰ সামৰণি পৰিছিল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ ইয়াৰ পিছত আজি অনুষ্ঠিত ২৬ টা পৰিষদীয় সমষ্টিৰ পষ্টেল বেলট পেপাৰৰ ভোট গণনাত বিজেপি দলে ৬ খন আসনত অগ্ৰগতি লাভ কৰিছে ৷ হাওৰাঘাটত অজিত দে’, আমৰিত ডি উফিং মাছলাই, লাংফেৰত মধুৰাম লেকথে, সিংহাসনত অমৰছিং তিচ', দুৱাৰ আমলাত প্ৰভাত চন্দ্ৰ তাৰঙে অগ্ৰগতি লাভ কৰিছে ৷

কোনে মাৰিব শেষ হাঁহি

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰথম ৰাউণ্ডৰ ভোট গণনা

প্ৰথম ৰাউণ্ডৰ ভোট গণনাত লাংহিন পৰিষদীয় সমষ্টিত বিজেপি দলে অগ্ৰগতি লাভ কৰিছে ৷ বিজেপিৰ প্ৰাৰ্থী বিলিমোহন খাকলাৰীয়ে ৪,৬০৭ টা ভোটৰ অগ্ৰগতি লাভ কৰিছে ৷ ইয়াৰ বিপৰীতে এপিএইছ(এলচি)ৰ প্ৰাৰ্থী ছাৰমুন ৰংফাৰে লাভ কৰিছে ১,৪৭১ টা ভোট ৷

মহামায়া সমষ্টিত বিজেপিৰ প্ৰাৰ্থী লুণছিং টেৰণে ৩,১৫১ টা ভোটত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী বিদ্যাছিং ৰংপিয়ে ১,৬১৭টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে ৷ সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী ৰবিছিং ৰংহাঙে লাভ কৰিছে ১,৫২২ টা ভোট ৷

লগতে পঢ়ক : KAAC election 2022: তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে কাইলৈ ভোট গণনা

Last Updated : Jun 12, 2022, 3:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.