Tripura by election 2022: ত্ৰিপুৰাত উপ-নিৰ্বাচনৰ প্ৰচাৰত উঠি পৰি লাগিছে বিজেপি

author img

By

Published : Jun 12, 2022, 1:01 PM IST

Tripura BJP intensify poll campaign for by election

ত্ৰিপুৰাৰ চাৰিটাকৈ সমষ্টিত চলিছে উপ নিৰ্বাচনৰ প্ৰচাৰ (By election campaign in Tripura)। শাসকীয় বিজেপিয়ে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে । আগৰতলা আৰু বৰদোৱালী সমষ্টিত দলৰ শীৰ্ষ নেতাই ঘৰে ঘৰে প্ৰচাৰ আৰম্ভ কৰিছে । মুখ্যমন্ত্ৰী ড০ মানিক সাহাইও নিজৰ সমষ্টিত ব্যাপকভাৱে প্ৰচাৰ চলাইছে ।

আগৰতলা,১২ জুন : অহা ২৩ জুনত ত্ৰিপুৰাৰ চাৰিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন (Tripura by election 2022)। ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে বিজেপিয়ে । বিজেপিয়ে ঘৰে ঘৰে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ (Door to door campaign of BJP in Tripura)।

উল্লেখ্য যে ২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই উপ-নিৰ্বাচন বিজেপিৰ বাবে এক অগ্নি পৰীক্ষাতকৈও কম নহয় । বিশেষকৈ দুটা সমষ্টি ক্ৰমে আগৰতলা আৰু টাউন বৰদোৱালীত বিজেপিয়ে সকলো শক্তি প্ৰয়োগ কৰিছে (By election campaign of BJP in Tripura)। কিয়নো এই সমষ্টি দুটাত বহু কেইগৰাকী প্ৰভাৱশালী নেতাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

বিজেপিৰ প্ৰাক্তন মন্ত্ৰী সুদীপ ৰয় বৰ্মনকে ধৰি দুগৰাকী প্ৰভাৱশালী নেতা ক্ৰমে প্ৰাক্তন বিধায়ক আশীষ কুমাৰ সাহা আৰু মুখ্যমন্ত্ৰী ড০ মানিক সাহাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে । অৱশ্যে, বাকী আসনসমূহতো বিজেপি জয়ী হ'ব বুলি যথেষ্ট আত্মবিশ্বাসী দলটো । পুৱাই বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ মানিক সাহাই টাউন বৰদোৱালী সমষ্টিত ঘৰে ঘৰে প্ৰচাৰ চলাইছে (By election campaign of Tripura CM)। যিহেতু এই সমষ্টিৰ পৰাই তেওঁ প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে টাউন বৰদোৱালী বিধানসভা সমষ্টিৰ লোকসকলে শীঘ্ৰেই এক নতুন অভিভাৱক পাব । যিহেতু তেওঁ এগৰাকী চিকিৎসক সেয়ে সমষ্টিটোৰ লোকসকলৰ সৈতে তেওঁ এক ঘনিষ্ঠ সম্পৰ্ক আছে বুলি সাহাই দাবী কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ৰাইজে তেওঁক সমৰ্থন কৰি আছে আৰু তেওঁক আশ্বাস দিছে যে ৰাইজে তেওঁৰ পক্ষতে ভোট দিব ।

ড০ সাহাৰ মতে বিজেপিয়ে সদায় সাধাৰণ মানুহৰ কথা চিন্তা কৰে । বিজেপিৰ মূল লক্ষ্য হৈছে উন্নয়ন । আনহাতে সমষ্টিটোত দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যা আছিল । যিবোৰ তেওঁ সমাধান কৰিব বুলিও আশ্বাস প্ৰদান কৰে । বিজেপিয়ে আটাইকেইখন আসনতে বিপুল ভোটত জয়ী হ'ব বুলি আশাবাদী মুখ্যমন্ত্ৰীগৰাকী ।

আনহাতে আগৰতলা সমষ্টিত ঘৰে ঘৰে প্ৰচাৰ চলাইছে বিজেপি প্ৰাৰ্থী ড০ অশোক সিনহাই । মুঠতে প্ৰতিটো সমষ্টিতে বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰত উঠি পৰি লাগিছে । শাসকীয় বিধায়ক-মন্ত্ৰী সকলো বিজেপি প্ৰাৰ্থীৰ প্ৰচাৰ নামিছে ।

লগতে পঢ়ক :Tripura bye election 2022 : ১৬ গৰাকী বিজেপি কৰ্মীৰ বিৰুদ্ধে কংগ্ৰেছৰ এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.