ETV Bharat / bharat

Tripura bye election 2022 : ১৬ গৰাকী বিজেপি কৰ্মীৰ বিৰুদ্ধে কংগ্ৰেছৰ এজাহাৰ

author img

By

Published : Jun 11, 2022, 3:40 PM IST

Tripura bye election 2022
১৬ গৰাকী বিজেপি কৰ্মীৰ বিৰুদ্ধে কংগ্ৰেছৰ এজাহাৰ

উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত ত্ৰিপুৰাত বিজেপি আৰু কংগ্ৰেছৰ মাজত সংঘাত (Clash between BJP and Congress in Tripura)। দলীয় পতাকা ফালি পেলোৱাৰ অভিযোগত বিজেপি কৰ্মীৰ বিৰুদ্ধে কংগ্ৰেছ দলে এজাহাৰ দাখিল কৰিছে । বিজেপি কৰ্মী এনে কাৰ্যকলাপৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল'বলৈ প্ৰাক্তন বিজেপি নেতা তথা আগৰতলাৰ কংগ্ৰেছ প্ৰাৰ্থী সুদীপ ৰয় বৰ্মনৰ আহ্বান ।

আগৰতলা,১১ জুন : ত্ৰিপুৰাত অহা ২৩ জুনত অনুষ্ঠিত হ'ব বিধানসভাৰ উপ নিৰ্বাচন (Tripura bye election 2022)। কিন্তু নিৰ্বাচন চমু চাপি অহাৰ লগে লগে সমষ্টিকেইটাত হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি পাইছে । বিশেষকৈ শাসকীয় বিজেপি আৰু বিৰোধীৰ মাজত সংঘাত বৃদ্ধি পাইছে । বিজেপিৰ একাংশ সমৰ্থকে আনকি বিৰোধীৰ নেতা-কৰ্মীক আক্ৰমণ কৰাৰ লগতে দলীয় পতাকা আৰু বেনাৰ ফালি পেলোৱাৰ অভিযোগ উঠিছে ।

বিজেপিৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা সুদীপ ৰয় বৰ্মনে প্ৰতিদ্বন্দিতা আগবঢ়োৱা আগৰতলা বিধানসভা সমষ্টিত বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে (Clash between BJP and Congress in Tripura)। আনকি বিজেপি কৰ্মীৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে কংগ্ৰেছ দলে (Congress FIR against BJP workers in Tripura)। কংগ্ৰেছ দলৰ বেনাৰ ফালি পেলোৱাৰ লগতে নলাত দলিয়াই দিয়াৰ অভিযোগত ১৬ গৰাকী বিজেপি কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কংগ্ৰেছে নেতাগৰাকীয়ে ।

পশ্চিম আগৰতলা আৰক্ষী থানাত দাখিল কৰা এজাহাৰ কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপি কৰ্মী অত্যাচাৰৰ কথা উল্লেখ কৰাৰ লগতে স্থানীয় আমিৰ হুছেইনৰ দোকান ভাঙি পেলোৱাৰো অভিযোগ কৰিছে । অভিযোগ অনুসৰি সমষ্টিটো কেইবাটাও অঞ্চলত বিজেপি কৰ্মীয়ে কংগ্ৰেছৰ দলীয় পতাকা আৰু বেনাৰ ফালি পেলাইছে । সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক উচিত ব্যৱস্থা গ্ৰহণৰ বাবে কংগ্ৰেছে দাবী জনাইছে ।

লগতে পঢ়ক :ত্ৰিপুৰাত উপ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ TMCৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.