ETV Bharat / bharat

ত্ৰিপুৰাত উপ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ TMCৰ দাবী

author img

By

Published : Jun 11, 2022, 12:08 PM IST

ত্ৰিপুৰাৰ বিধানসভা উপ নিৰ্বাচনৰ (Tripura bye election 2022) প্ৰাকক্ষণত বিভিন্ন ধৰণৰ হিংসাত্মক কাৰ্যকলাপ সংঘটিত হোৱা দেখা গৈছে । টিএমচিয়ে এইবাৰ বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । টিএমচিৰ নেতা-কৰ্মীক আক্ৰমণ কৰিছে বিজেপিৰ গুণ্ডা বাহিনীয়ে । নিৰ্বাচন আয়োগে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে নল'লে ৰাজপথত আন্দোলনত নামিব টিএমচি দলটো ।

TMC calls on ECI to hold by polls peacefully in Tripura
ত্ৰিপুৰাত উপনিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ TMCৰ দাবী

আগৰতলা,১১ জুন : অহা ২৩ জুনত ত্ৰিপুৰাত অনুষ্ঠিত হ'ব বিধানসভাৰ উপ-নিৰ্বাচন (Tripura bye election 2022)। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ বিভিন্ন স্থানত হিংসাত্মক কাৰ্যকলাপ দেখিবলৈ পোৱা গৈছে । আনহাতে শাসকীয় বিজেপি আৰু বাকী বিৰোধী দলসমূহৰ মাজত সংঘাতৰো সৃষ্টি হৈছে (Clash between BJP and opposition in Tripura)। ইয়াৰ মাজতে অখিল ভাৰতীয় তৃণমূল কংগ্ৰেছ (TMC) আৰু বিজেপিৰ মাজত আৰম্ভ হৈছে সংঘাত (Clash between BJP and TMC in Tripura)।

তৃণমূল কংগ্ৰেছে অভিযোগ কৰা মতে বিজেপিয়ে তেওঁলোকৰ দলৰ কৰ্মী আৰু প্ৰাৰ্থীক আক্ৰমণ কৰিছে । দলীয় কৰ্মী আৰু প্ৰাৰ্থীক আনকি বিভিন্ন ধৰণৰ ভাবুকিও প্ৰদান কৰিছে বিজেপিৰ গুণ্ডাবাহিনী (Bjp goonda attack TMC workers in Tripura)। কেৱল এয়াই নহয় টিএমচিয়ে অভিযোগ কৰা মতে তেওঁলোকৰ দলীয় পতাকা আৰু বেনাৰ আদি নষ্টও কৰিছে বিজেপিৰ কৰ্মীসকলে । সেয়ে এই ক্ষেত্ৰত নিৰ্বাচন আয়োগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে তৃণমূল কংগ্ৰেছে ।

শুকুৰবাৰে আগৰতলা প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি তৃণমূলৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত বিষয়া ৰাজিব বেনাৰ্জীয়ে কয় যে সুৰমা সমষ্টিত টিএমচিৰ পতাকা, বেনাৰ আদি বিজেপি কৰ্মীয়ে নষ্ট কৰিছে । সেয়ে সমগ্ৰ বিষয়টো দলটোৱে নিৰ্বাচন আয়োগ আৰু ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াক অৱগত কৰিছে । যদি নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত কোনো উচিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে টিএমচি দলে ৰাজপথত আন্দোলন আৰম্ভ কৰিব বুলিও নেতাগৰাকীয়ে হুংকাৰ দিয়ে (TMC calls on ECI to hold by polls peacefully in Tripura)।

টিএমচি নেতাগৰাকীয়ে অভিযোগ কৰা মতে বিজেপিৰ নেতৃত্বত ৰাজ্যখনত বাইকত অহা দুৰ্বৃত্তই সন্ত্ৰাসৰ সৃষ্টি কৰিছে । এনে পৰিস্থিতিত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন সম্ভৱ নহয় বুলি টিএমচিয়ে ধাৰণা কৰিছে । এনে কাৰ্য টিএমচি দলে সহ্য নকৰে আৰু নীৰৱ হৈ নাথাকে বুলি হুংকাৰ দিয়ে ।

ইফালে তৃণমূল নেতাসকলৰ ওপৰত বিজেপিৰ নিৰন্তৰ আক্ৰমণ আৰু দলৰ বিভিন্ন সামগ্ৰী ধ্বংস কৰা সন্দৰ্ভত টিএমচি ত্ৰিপুৰাৰ সভাপতি সুবল ভৌমিকে শুকুৰবাৰে নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে । নিৰ্বাচন আয়োগৰ বিষয়াসকলেও ইতিমধ্যে সকলো প্ৰাৰ্থীৰ সৈতে বৈঠকত মিলিত হৈছে । সেই বৈঠকতো টিএমচিয়ে বিষয়টো উত্থাপন কৰিছে । এনে পৰিস্থিতিত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন সম্ভৱ নহয় বুলিও সুবল ভৌমিকে অভিযোগ কৰে ।

লগতে পঢ়ক :Rajya Sabha election 2022 : ভোট দিব নোৱাৰিলে এনচিপিৰ নেতা নৱাব মালিকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.