ETV Bharat / bharat

মাজ আকাশত AirAsia বিমানৰ কাৰিকৰী বিজুতি, আকাশমাৰ্গৰ পৰা ওভতিল দুখনকৈ বিমান

author img

By

Published : Jun 12, 2022, 2:05 PM IST

দিল্লীৰ পৰা শ্ৰীনগৰলৈ উৰা মৰা দুখনকৈ এয়াৰএছিয়া বিমানৰ কাৰিকৰী বিজুতি (Technical snag of 2 AirAsia flights)। কাৰিকৰী বিজুতিৰ বাবে উৰণৰ কিছু সময় পাছতে পুনৰ উভতি আহিবলগীয়া হয় বিমান দুখন । প্ৰথম বিমানখনৰ আৱদ্ধ যাত্ৰীসকলক লৈ যোৱা দ্বিতীয় বিমানখনৰো কাৰিকৰী বিজুতি ।

AirAsia
AirAsia বিমানৰ কাৰিকৰী বিজুতি

নেশ্যনেল ডেস্ক,১২ জুন : এয়াৰএছিয়া ইণ্ডিয়াৰ যাত্ৰীসকলৰ বাবে এক উদ্বেগজনক খবৰ । এয়াৰএছিয়া বিমানৰ কাৰিকৰী বিজুতিৰ বাবে গন্তব্য স্থান গৈ নাপালে একাংশ যাত্ৰী । মাজ আকাশৰ পৰাই যাত্ৰা আৰম্ভ কৰা স্থানলৈ উভতিল বিমান । মাত্ৰ ৬ ঘণ্টাৰ ভিতৰত দিল্লীৰ পৰা শ্ৰীনগৰ যাবলগীয়া এয়াৰএছিয়াৰ দুখনকৈ বিমানৰ কাৰিকৰী বিজুতি (Technical snag of 2 AirAsia flights)। যাৰ ফলত এয়াৰএছিয়াৰ A320ৰ দুয়োখন বিমানেই উৰণৰ পাছতে পুনৰ উভতি আহিবলগীয়া হয় দিল্লীলৈ ।

উল্লেখ্য যে শনিবাৰে প্ৰথমে VT-APJ পঞ্জীয়ন নম্বৰৰ I5-712 বিমানখন পুৱা প্ৰায় ১১.৫৫ মিনিটত দিল্লীৰ পৰা শ্ৰীনগৰলৈ উৰা মাৰে । বিমানখনৰ উৰণৰ প্ৰায় ৩০ মিনিট সময় পাছতে পাইলটে ঘোষণা কৰে যে বিমানখন কাৰিকৰী বিজুতিৰ সন্মুখীন হৈছে । সেয়ে সকলো যাত্ৰীৰ সৈতে সুৰক্ষিতভাৱে বিমানখন পুনৰ দিল্লীলৈ উভতি আহে (AirAsia flight return to Delhi due to technical snag)। প্ৰায় ১.৪৫ মিনিটত বিমানখন সফলভাৱে দিল্লী বিমানবন্দৰত অৱতৰণ কৰে ।

আৱদ্ধ যাত্ৰীসকলক শ্ৰীনগৰলৈ লৈ যোৱাৰ বাবে এয়াৰ এছিয়াই এইবাৰ আন এখন A320 বিমানৰ ব্যৱস্থা কৰে । কাৰিকৰী বিজুতি হোৱা I5-712 নম্বৰৰ বিমানখনৰ যাত্ৰীসকলক শ্ৰীনগৰলৈ এইবাৰ VT-RED পঞ্জীয়ন নম্বৰৰ বিমানখনত লৈ যোৱাৰ ব্যৱস্থা কৰা হয় । দ্বিতীয় বিমান শ্ৰীনগৰলৈ উৰা মাৰে যদিও উৰণৰ কিছু সময় পাছত পুনৰ কাৰিকৰী বিজুতিৰ কথা ঘোষণা কৰে পাইলটে (AirAsia A320 aircraft technical snag)। যাৰ বাবে দিল্লীলৈ দ্বিতীয়খন বিমানো উভতি আহিবলগীয়া হয় । সন্ধিয়া প্ৰায় ৫.৩০ বজাত দিল্লী বিমানবন্দৰত সুৰক্ষিতভাৱে বিমানখনে অৱতৰণ কৰে ।

এই ঘটনাৰ পাছতে আতংকিত হৈ পৰিছে যাত্ৰীসকল । কিছু সময়ৰ বাবে দিল্লী বিমানবন্দৰত তীব্ৰ উত্তেজনাই বিৰাজ কৰে । কিয়নো দুখনকৈ বিমান এনেদৰে বায়ুমণ্ডলত কাৰিকৰী বিজুতি হোৱা ঘটনাই যাত্ৰীসকলৰ সুৰক্ষাৰ ওপৰতো বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে ।

ইফালে বিমানসেৱা প্ৰতিষ্ঠানটোৱে যাত্ৰীসকলৰ সুবিধাৰ বাবে কেইবাটাও ব্যৱস্থা কৰিছে । শ্ৰীনগৰলৈ যাব নোৱাৰা যাত্ৰীসকলক টিকট বাতিল কৰিবলৈ কোৱা হৈছে আৰু তেওঁলোকক ধন ঘূৰাই ল'বলৈ অনুৰোধ জনোৱা হৈছে । অথবা সেই ধন ঘূৰাই নোলোৱাকৈ পৰৱৰ্তী ৩০ দিনৰ ভিতৰত আন এখন বিমানৰ টিকট ক্ৰয় কৰিব পাৰিব বুলিও কোৱা হৈছে ।

এই ঘটনা সন্দৰ্ভত এয়াৰএছিয়া ইণ্ডিয়াৰ মুখপাত্ৰই কয় যে যাত্ৰীসকলে সন্মুখীন হোৱা অসুবিধাৰ বাবে তেওঁলোক দুঃখিত আৰু যাত্ৰীৰ সকলো ধৰণৰ সুৰক্ষাৰ বাবে বিমানসেৱা প্ৰতিষ্ঠানটো দায়বদ্ধ বুলিও তেওঁ মন্তব্য কৰে । আনহাতে কাৰিকৰী বিজুতিৰ সম্পূৰ্ণৰূপে পৰ্যালোচনা কৰাৰ পাছতহে পুনৰ দিল্লীৰ পৰা শ্ৰীনগৰলৈ বিমানখনৰ উৰণ সুনিশ্চিত কৰা হ'ব । অৱশ্যে বিমান নিৰ্মাণকাৰী এয়াৰবাছে এতিয়ালৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক :Shootout at Park Circus : পশ্চিমবংগৰ কালিম্পঙত কনিষ্টবলৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.