ETV Bharat / state

ৰাষ্ট্ৰীয় পাঞ্জা খেলত দুটাকৈ সোণৰ পদক আজুৰিলে অসমৰ কৃতিকাই

author img

By

Published : Jun 12, 2022, 1:31 PM IST

ৰাষ্ট্ৰীয় ক্ৰীড়া জগতত উজ্বলিল অসম কন্যা ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত পাঞ্জা বডি প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদক আজুৰি আনিলে অসমৰ কৃতিকা দাসে (Kritika Das wins two gold medals )

Kritika Das of Dibrugarh Gold medal achieved on National Panja competition_
Kritika Das of Dibrugarh Gold medal achieved on National Panja competition_

মৰাণ, 12 জুন : ৰাষ্ট্ৰীয় ক্ৰীড়া জগতত অসম কন্যাৰ সাফল্য ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত পাঞ্জা বডি প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদক লাভ কৰি ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল । তেলেংগনাৰ হায়দৰাবাদস্থিত গাচিবৰ্লি ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত ৪৪ সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা বডি চেম্পিয়নশ্বিপৰ ৫০ কেজি শাখাত অংশ লৈছিল কৃতিকাই । প্ৰতিযোগিতাখনৰ ফাইনেলত কেৰালাৰ নিকটতম প্ৰতিদ্বন্দিক সোঁ-বাওঁ দুয়ো হাতত পৰাস্ত কৰি কৃতিকাই দুটাকৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয় (Kritika Das wins two gold medals on National Panja competition) ৷

কৃতিকাৰ সাফল্যই ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই নিছে ৷ চলিত বৰ্ষৰ ডিচেম্বৰ মাহত তুৰ্কীত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় পাঞ্জা বডিৰ চেম্পিয়নশ্বিপৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰিব কৃতিকাই ৷

ৰাষ্ট্ৰীয় পাঞ্জা খেলত দুটাকৈ সোণৰ পদক আজুৰিলে অসমৰ কৃতিকাই

কৃতিকা দাস ডিব্ৰুগড় চহৰৰ নালিয়াপুলস্থিত আয়ুব আলী পথৰ নিবাসী ৰে'লৱে কৰ্মচাৰী অধীৰ কুমাৰ দাস আৰু বেলি দাসৰ কন্যা ৷ তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ চূড়ান্ত ষান্মাসিকৰ বাণিজ্য বিভাগৰ ছাত্ৰী ৷ কৃতিকাই এই সাফল্যৰ পাছত এতিয়া আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ বাবে ৰাজ্য চৰকাৰৰ সহযোগিতাৰ বাবে আহ্বান জনাইছে ৷

লগতে চাওক : খেল' ইণ্ডিয়াত ৰূপৰ পদক অৰ্জন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী ইমন গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.