ETV Bharat / state

খেল' ইণ্ডিয়াত ৰূপৰ পদক অৰ্জন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী ইমন গগৈৰ

author img

By

Published : May 12, 2022, 2:07 PM IST

Updated : May 12, 2022, 3:25 PM IST

খেল' ইণ্ডিয়াত জিলিকিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ । কাৰাটে প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে ইমনে গগৈয়ে(Eamon Gogoi wins silver medal in Khelo India karate competition) । দেশৰ ১৯২ খন বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰিছিল খেল' ইণ্ডিয়াত ।

emon gogoi wins silver medal at khelo india
খেল'ইণ্ডিয়াত ৰূপৰ পদক অৰ্জন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী ইমন গগৈৰ

মৰাণ,১২ মে': খেল' ইণ্ডিয়াত ৰূপৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী ইমন গগৈয়ে । দেশৰ ১৯২ খন বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত কাৰাটে প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে ইমনে (Eamon Gogoi wins silver medal in Khelo India karate competition)।

খেল' ইণ্ডিয়া খেলত ৰূপৰ পদক লাভ কৰি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী ইমন গগৈক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা উষ্ম আদৰণি জনায় । উল্লেখ্য যে বাংগালোৰত অনুষ্ঠিত হোৱা দেশৰ ১৯২ খন বিশ্ববিদ্যালয়লে অংশ গ্ৰহণ কৰা খেল'ইণ্ডিয়া খেলত প্ৰথম বাৰৰ বাবে অসমৰ ৩ গৰাকী কাৰাটে খেলুৱৈ নিৰ্বাচিত হৈ ইতিহাস সৃষ্টি কৰাৰ লগতে পদক লাভ কৰি ইতিহাস গঢ়িবলৈ সক্ষম হয় ।

খেল'ইণ্ডিয়াত ৰূপৰ পদক অৰ্জন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী ইমন গগৈৰ

ৰূপৰ পদক লাভ কৰি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইমন গগৈক (কুমিটে-৬৮ কেজি) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । বেংগালুৰুত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখন ২০২১ চনতে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক'ভিদ পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছিল । ইতিমধ্যে এই প্ৰতিযোগিতাত অসমৰ কোনো কাৰাটে খেলুৱৈয়ে এই পৰ্যন্ত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰা নাছিল ।

অসম অলিম্পিক সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আছাম ষ্টেট কাৰাটে এচ’ছিয়েশ্যনৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জোনমণি দাস ( কুমিটে-৬৮ কেজি) আৰু চান্দনি জৈন (কাটা) লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ইমন গগৈ (কুমিটে-৬৮ কেজি)য়ে অংশগ্ৰহণ কৰি এক ইতিহাস সৃষ্টি কৰিছিল এইবাৰ ।যোৰহাটৰ বচাপথাৰ গাঁৱৰ কৃষ্ণ গোপাল গগৈ আৰু কৰবী বৰুৱা গগৈৰ কন্যা ইমন গগৈ ।

জে বি কলেজৰ বিজ্ঞান শাখা দ্বিতীয় ছেমিষ্টাৰত অধ্যায়নৰত ছাত্ৰী ইমন গগৈক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা উষ্ম আদৰণি জ্ঞাপন কৰাৰ লগতে তেওঁক এই সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে । বিশ্ববিদ্যালয়ৰ কাৰাটে সন্থা, বিশ্ববিদ্যালয় ক্ৰীড়া বিভাগৰ সঞ্চালক ড° দ্বীপজ্যোতি গগৈ,বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ, বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র একতা সভা, ডিব্ৰুগড় জিলা কাৰাটে সন্থা আদিয়েও সম্বৰ্ধনা জনাই ।

লগতে পঢ়ক: Sensational incident in Guwahati : গুৱাহাটীত বোৱাৰীৰ চাঞ্চল্যকৰ মৃত্যু

Last Updated : May 12, 2022, 3:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.