ETV Bharat / state

আয়ুষ খণ্ডক অধিক শক্তিশালী কৰাত গুৰুত্ব কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ

author img

By

Published : Jun 12, 2022, 2:09 PM IST

জয়পুৰৰ ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠানত সংযোজিত নতুন প্রকল্প । প্রতিষ্ঠানৰ গুণগত মান উন্নয়নত গুৰুত্ব কেন্দ্ৰীয় মন্ত্রীগৰাকীৰ ।

New project at jaipur National Institute of Ayurvedic
জয়পুৰৰ ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠানত সংযোজিত নতুন প্রকল্প

গুৱাহাটী,১১ জুনঃ জয়পুৰস্থিত ৰাষ্ট্ৰীয় আয়ুর্বেদিক প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি শক্তিশালীকৰণৰ দিশত নতুন সংযোজনেৰে কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে দেওবাৰে কে'বাটাও প্ৰকল্প উদ্বোধন কৰে(New project linked to National Institute of Ayurvedic in Jaipur) । মন্ত্রী সর্বানন্দ সোণোৱালে উক্ত প্রতিষ্ঠানখনত পঞ্চকৰ্ম ভৱন, কেণ্টিন, ঔষধ অনুসন্ধান আৰু বিকাশ কেন্দ্ৰ, অত্যাধুনিক বিজ্ঞানাগাৰ, যোগ কেন্দ্র, ফার্মাচী, সভাঘৰ আদি বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ কৰে।

ভাষণ প্ৰসংগত মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে, উক্ত পদক্ষেপসমূহে প্রতিষ্ঠানখনৰ গুণগত মান অধিক উন্নত কৰিব । তদুপৰি আন্তঃগাঁথনিক সবল ৰূপ প্ৰদান কৰিব বুলিও তেওঁ কয় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ এই ভ্ৰমণকালত শিক্ষার্থী,গৱেষক, বিশেষজ্ঞ তথা ফেকাল্টীসকলৰ সৈতে মত বিনিময় কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মানৱ সমাজৰ কল্যাণৰ হকে আয়ুষ খণ্ডক শক্তিশালী কৰি তোলাত গুৰু দায়িত্ব পালন কৰিবলৈ সকলোকে আহ্বান জনায় (Central minister Sarbananda Sonowal asked people to strengthening the AYUSH sector) ৷

উক্ত অনুস্থানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভাই কালুভাই আৰু জয়পুৰৰ সাংসদ ৰামচৰণ ব'হৰাই । উল্লেখ্য যে ১৯৭৬ চনত প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰাই ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক প্রতিষ্ঠানে শিক্ষা, প্রশিক্ষণ, গৱেষণা, ৰোগী যত্ন আদি বিভিন্ন ক্ষেত্ৰত অনবদ্য ভূমিকা পালন কৰি আহিছে । সম্প্রতি ইয়াত স্নাতকোত্তৰ শিক্ষাৰ বাবে ১৪টা বিশেষ পাঠ্যক্ৰম আৰু লগতে পি এইচ ডিৰ বাবে নিয়মীয়া ফেল'শ্বিপ কাৰ্যসূচীৰ ব্যৱস্থা আছে । তদুপৰি আণ্ডাৰ গ্ৰেজুৱেট পাঠ্যক্রম (বি এ এম এছ), আয়ুষ নাৰ্ছিং আৰু ফাৰ্মাচীৰ ডিপ্ল'মা তথা অন্যান্য বিভিন্ন প্রমাণপত্র সম্বলিত পাঠ্যক্রম প্ৰচলিত হৈ আছে ৷

লগতে পঢ়ক:নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগৰ পৰা মুক্ত হ'ল মুখ্যমন্ত্ৰী ড৹ শৰ্মা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.