ETV Bharat / state

তেজপুৰ অনুষ্ঠিত উপায়ুক্ত সন্মিলনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jun 12, 2022, 12:41 PM IST

Updated : Jun 12, 2022, 1:10 PM IST

তেজপুৰৰ বাটমাৰীত নৱ-নিৰ্মিত সন্মিলন কক্ষত অসমৰ উপায়ুক্তসকলৰ(DC Conference held at Tezpur) সৈতে অনুষ্ঠিত কৰা হয় এখনি বৈঠক ৷ সন্মিলনখন উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ।

dc-conference-held-at-tezpur
তেজপুৰ অনুষ্ঠিত উপায়ুক্ত সন্মিলনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

তেজপুৰ, 12 জুন : তেজপুৰৰ নৱ-নিৰ্মিত সন্মিলন কেন্দ্ৰত দেওবাৰে অসমৰ উপায়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক অনুষ্ঠিত হয় ৷ এই সন্মিলনখন আদৰণি ভাষণৰে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । লগতে এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ৷ ইফালে, মুঠ 35 খন জিলাৰ উপায়ুক্তই এই বৈঠকত অংশগ্ৰহণ কৰে(DC Conference held at Tezpur) ৷

অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, অসমৰ সামগ্ৰিক পৰিবেশ উন্নত কৰাৰ বাবে উপায়ুক্তসকলৰ লগত এই বৈঠক অনুষ্ঠিত কৰা হয় । আনহাতে গোপীনাথ বৰদলৈৰ জন্ম জয়ন্তীৰ দিনা অসমৰ নন গেজেটেত শিক্ষকসকলক পুৰষ্কৃত কৰা হ'ব বুলি সিদ্ধান্ত লোৱাৰ বিষয়ে জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰী পীযুষ হাজৰিকা

লগতে কাৰ্বি আংলঙত চলি থকা নিৰ্বাচনৰ ভোট গণনাৰ ফলাফলত কংগ্ৰেছ শূন্য হ'ব আৰু বিজেপিয়ে ভাল ফলাফল আগবঢ়াব বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে, "বিজেপিয়ে আশা কৰা ধৰণে ফলাফল আগবঢ়াব কাৰণ আমি তুষ্টিকৰণৰ ৰাজনীতি নকৰো, উন্নয়নৰ ৰাজনীতি কৰো ৷"

লগতে পঢ়ক : Assam cabinet meeting in Tezpur: মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে সন্মিলন কক্ষৰ দ্বাৰ

Last Updated : Jun 12, 2022, 1:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.