ETV Bharat / state

Assam cabinet meeting in Tezpur: মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে সন্মিলন কক্ষৰ দ্বাৰ

author img

By

Published : Jun 11, 2022, 12:30 PM IST

তেজপুৰৰ বিলাসী সন্মিলন কক্ষত অনুষ্ঠিত হৈছে অসম চৰকাৰৰ কেবিনেট বৈঠক (Assam cabinet meeting in Tezpur)। শনিবাৰে কেবিনেটৰ পূৰ্বে মুকলি কৰা হয় সন্মিলন কক্ষৰ দুৱাৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে সন্মিলন কক্ষৰ দুৱাৰ । কিন্তু এই নতুন সন্মিলন কক্ষৰ কেইবাটাও বিশেষত্ব আছে ।

Tezpur
কি কি সুবিধা আছে কেবিনেট অনুষ্ঠিত তেজপুৰৰ সন্মিলন কক্ষত

তেজপুৰ,১১ জুন : আজি তেজপুৰত ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠক (Assam cabinet meeting in Tezpur)। বাটমাৰীত নৱ-নিৰ্মিত সন্মিলন কক্ষত অনুষ্ঠিত হৈছে এই বৈঠক । বৈঠকৰ পূৰ্বে সন্মিলন কক্ষৰ দুৱাৰ মুকলি কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM inaugurates luxury Conference Room in Tezpur)। তেজপুৰত উপস্থিত হোৱাৰ লগে লগে গায়ন-বায়নসকলে নাম প্ৰসংগৰে মুখ্যমন্ত্ৰীগৰাকীক আদৰি আনে ।

মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী পীযুষ হাজৰিকা, জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰকে কেইবাগৰাকী নেতা-মন্ত্ৰী উপস্থিত থাকে । বিগত তিনিমাহৰ ভিতৰত নিৰ্মাণ কাম সম্পূৰ্ণ কৰা এই সন্মিলন কক্ষত মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ কেবিনেটৰ সম্প্ৰসাৰণ কৰাৰ পিছত প্ৰথমখন কেবিনেটৰ বৈঠক অনুষ্ঠিত হয় ।

Tezpur
তেজপুৰৰ বিলাসী সন্মিলন কক্ষত অসম চৰকাৰৰ কেবিনেট বৈঠক

উল্লেখ্য যে সন্মিলন কক্ষৰ ভিতৰচ'ৰাত একেলগে ১২০ গৰাকী লোকে বহি বৈঠকত অংশগ্ৰহণ কৰিব পাৰিব । লগতে সম্পূৰ্ণ ডিজিটেল ৰূপত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰৰ বাবে কম্পিউটাৰ আৰু মাইক্ৰফোন মুখ্যমন্ত্ৰী বহা আসনত লগোৱা হৈছে । এই সন্মিলন কক্ষৰ ভিতৰতে আছে এটা ভোজনালয় । য'ত ২০০ গৰাকী লোকে একেলগে আহাৰ গ্ৰহণ কৰিব পাৰে ।

দুটা অত্যাধুনিক বিলাসী আশ্ৰয় কোঠাও আছে সন্মিলন কক্ষত । এই বিলাসী কোঠাতে মুখ্যমন্ত্ৰীয়ে আজি নিশা কটাব বুলি জানিব পৰা গৈছে । আনহাতে সন্মিলন কক্ষত পৃথক জিৰণি কক্ষ, সুৰক্ষা কৰ্মীৰ কোঠাও আছে । মুঠ ১৯ কোটি টকা ব্যয়েৰে এই সন্মিলন কক্ষৰ ভিতৰ'চৰা নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক :কেবিনেট বৈঠকৰ পূৰ্বে শোণিতপুৰৰ কেইবাটাও স্থান পৰিদৰ্শন মন্ত্ৰী অজন্তা নেওগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.