ETV Bharat / state

সৰভোগত অবৈধ কাঠফলা মিল উচ্ছেদ বন বিভাগৰ

author img

By

Published : Jun 12, 2022, 2:18 PM IST

অবৈধ কাঠৰ বেহাত নাম সাঙুৰ খালে স্থানীয় খণ্ড বিষয়াৰ ৷ সৰভোগৰ নেউলাৰভিঠাত বন বিভাগে অভিযান চলাই এটা অবৈধ কাঠফলা কল উচ্ছেদ কৰে (Illegal saw mill seized at Sarbhog) ৷

সৰভোগত অবৈধ কাঠফলা মিল উচ্ছেদ বন বিভাগৰ
সৰভোগত অবৈধ কাঠফলা মিল উচ্ছেদ বন বিভাগৰ

বৰপেটা, 12 জুন : বন বিভাগৰ চকুত ধূলি ছটিয়াই বৰপেটা ৰোডৰ চুকে কোণে অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ শনিবাৰে বৰপেটাৰোড বনাঞ্চলিক বিষয়াৰ নিৰ্দেশক্ৰমে বনপালক মুনীন্দ্ৰ তালুকদাৰৰ নেতৃত্বত সৰ্থেবাৰীৰ নেউলাৰভিঠাত বন বিভাগে অভিযান চলাই এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰে (Illegal shaw mill seized at Sarbhog) ৷ বৰপেটা আৰু সৰভোগৰ খণ্ড বন বিষয়াৰ সহযোগত বন বিভাগে কলটোত উচ্ছেদ চলাই এটা জেনেৰেটৰসহ কলটোত ব্যৱহৃত বিভিন্ন যন্ত্ৰপাতি আৰু কাঠ জব্দ কৰে ৷

ইফালে কাঠফলা মিলটোত অভিযান চলোৱাৰ উমান পাইয়েই কলটোৰ কৰ্মীসকল সেই ঠাইৰ পৰা পলায়ন কৰে ৷ উক্ত অঞ্চলটো বহৰি খণ্ড বন বিভাগৰ অধীনত পৰে যদিও অবৈধ কাঠৰ বেহাত স্থানীয় খণ্ড বিষয়াজনো জড়িত থকাৰ অভিযোগ উত্থাপিত হয় ৷ আনহাতে কিছু দিনৰ পূৰ্ব বহৰিৰ খণ্ড বন বিষয়া হেমেন্দ্ৰ পাঠকৰ পৃষ্ঠপোষকতাত অসাধু চক্ৰৰ লগত লাগি ধনৰ বিনিময়ত অবৈধভাৱে কাঠফলা মিল চলাই থাকিবলৈ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল ৷

সৰভোগত অবৈধ কাঠফলা মিল উচ্ছেদ বন বিভাগৰ

ইয়াৰ পিছতো খণ্ড বিষয়াজনৰ বিৰুদ্ধে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল ৷ সেই তথ্যৰ ভিত্তিত অবৈধ কাঠৰ মিলটো হাতে লোটে ধৰা পেলাবলৈ খবৰ নিদিয়াকৈ অঞ্চলটোত প্ৰৱেশ কৰে বৰপেটা আৰু সৰভোগৰ খণ্ড বন বিষয়াৰ দলটো ৷

লগতে চাওক : কাৰ পৃষ্ঠপোষকতাত কলগাছিয়াত অবৈধভাৱে চলিছে কাঠ ফলা মিল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.