নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্য: সংস্থাপনৰ বাবে হাহাকাৰ লাখ লাখ যুৱক-যুৱতীৰ

author img

By

Published : Jun 12, 2022, 2:14 PM IST

unemployment problems 12 lakh applicants for 26 thousand posts

২৬ হাজাৰ পদৰ বাবে ১২ লাখ আবেদন । নিবনুৱা সমস্যাৰ ভয়াৱহ ছবি (Unemployment problem in Assam)। তৃতীয় বৰ্গৰ ১৩,১৪১টা পদৰ বাবে ৬,৭১,৮০৫ গৰাকী আৰু চতুৰ্থ শ্ৰেণীৰ ১৩,৩০০টা পদৰ বাবে ৪,৪৩,৬৫৫ গৰাকী প্ৰাৰ্থীৰ আবেদন । চালকৰ ১,১২০ টা পদৰ বাবে ৭৭,০৪৯ খন আবেদন ।

গুৱাহাটী, ১২ জুন: নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰা ৰাজ্যখনত চৰকাৰী চাকৰি এটাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে লাখ লাখ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে(Unemployment problem in Assam) । শেহতীয়াকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ খালী পদসমূহ পূৰ্ণ কৰাৰ বাবে দিয়া বিজ্ঞাপনৰ পাছতেই ৰাজ্যখনৰ নিবনুৱা সমস্যাৰ ৰূপটো স্পষ্ট ৰূপত প্ৰকাশ পাইছে ।

উল্লেখ্য যে, মাৰ্চ মাহত ৰাজ্য চৰকাৰখনে তৃতীয় বৰ্গৰ ১৩,১৪১টা আৰু চতুৰ্থ বৰ্গৰ ১৩,৩০০টা পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল । উক্ত বিজ্ঞাপন প্ৰকাশৰ পাছতেই তৃতীয় বৰ্গৰ ১৩,১৪১টা পদৰ বাবে ৬,৭১,৮০৫ গৰাকী আৰু চতুৰ্থ শ্ৰেণীৰ ১৩,৩০০টা পদৰ বাবে ৪,৪৩,৬৫৫ গৰাকী প্ৰাৰ্থীয়ে আবেদন দাখিল কৰে । আনহাতে তৃতীয় বৰ্গৰ খালী পদৰ ভিতৰত ড্ৰাইভাৰ (চালক)ৰ পদ আছে ১,১২০টা । উক্ত পদৰ বাবে প্ৰাৰ্থীৰ যোগ্যতা উচ্চতৰ মাধ্যমিক উত্তীর্ণ নিৰ্ধাৰণ কৰা হৈছে ।

unemployment problems 12 lakh applicants for 26 thousand posts
নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্য: সংস্থাপনৰ বাবে হাহাকাৰ লাখ লাখ যুৱক-যুৱতীৰ

ইয়াৰ উপৰিও প্ৰাৰ্থীৰ গাড়ী চলোৱাৰ বৈধ অনুজ্ঞা পত্ৰ থকাটো বাঞ্ছনীয় । কিন্তু এই ১,১২০টা চালকৰ পদৰ বাবে আৱেদন কৰা প্ৰাৰ্থীৰ সংখ্যা হৈছে ৭৭,০৪৯ গৰাকী । অর্থাৎ ৰাজ্য চৰকাৰখনে প্ৰকাশ কৰা মুঠ ২৬,৪৪১টা পদৰ বিপৰীতে আৱেদনকাৰীৰ সংখ্যা হৈছে ১১,৯২,৫০৯ জন । এই সংখ্যাৰ পৰাই বুজা যায় যে ৰাজ্যত এটা চৰকাৰী চাকৰিৰ বাবে যুৱক-যুৱতীসকলে কিদৰে হাহাকাৰ কৰিবলগীয়া হৈছে ।

মন কৰিবলগীয়া যে, কিছু দিনৰ পূৰ্বে চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি নামৰ সংস্থাটোৱে প্ৰকাশ কৰা তথ্য মতে, বিগত মে' মাহত অসমত নিবনুৱাৰ হাৰ হৈছে ৮.২ শতাংশ । ইয়াৰ বিপৰীতে মে’ মাহত ৰাষ্ট্ৰীয় গড় হাৰ হৈছে ৭.১ শতাংশ । অর্থাৎ ৰাষ্ট্ৰীয় হাৰতকৈও অসমত নিবনুৱাৰ হাৰ অধিক ।

unemployment problems 12 lakh applicants for 26 thousand posts
নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্য: সংস্থাপনৰ বাবে হাহাকাৰ লাখ লাখ যুৱক-যুৱতীৰ

ইফালে, প্রতিদিনেই ৰাজ্যখনত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে যদিও সেই অনুপাতে কর্ম সংস্থাপনৰ বাট মুকলি হোৱা নাই । ৰাজ্য চৰকাৰখনে কর্মসংস্থাপনৰ বাবে উৎপাদনমুখী আঁচনি গ্ৰহণ কৰাৰ পৰিৱৰ্তে ভোটৰ অংকত হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰাতহে গুৰুত্ব দিছে । যাৰ ফলত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকল বহিঃৰাজ্যলৈ কৰ্ম সংস্থাপন বিচাৰি ওলাই যাবলৈ বাধ্য হৈ পৰিছে । দেশৰ বিভিন্ন চহৰলৈ সংস্থাপন বিচাৰি ৰাজ্যৰ লাখ লাখ নিবনুৱা ওলাই গৈছে ।

ইফালে, ৰাজ্যখনত আজিৰ তাৰিখত কিমান নিবনুৱা যুৱক-যুৱতী আছে তাৰ কোনো নির্দিষ্ট তথ্য চৰকাৰৰ হাতত নাই । অৱশ্যে বেচৰকৰী তথ্য অনুসৰি আজিৰ তাৰিখত ৰাজ্যখনত থকা নিবনুৱাৰ সংখ্যা হৈছে প্রায় ২৫ লাখ । এনে পৰিস্থিতিত কর্ম সংস্থাপনৰ অভাৱত ৰাজ্যখনত অনাগত দিনত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

unemployment problems 12 lakh applicants for 26 thousand posts
নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্য: সংস্থাপনৰ বাবে হাহাকাৰ লাখ লাখ যুৱক-যুৱতীৰ

লক্ষণীয় বিষয় যে, নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনত শেহতীয়াকৈ চিন্তনীয় ৰূপত বৃদ্ধি পাইছে অপৰাধমূলক কাৰ্যকলাপ । সেইদৰে সশস্ত্ৰ সংগ্ৰামৰ পথলৈয়ো ওলাই গৈছে বহু যুৱক-যুৱতী । যিটো ৰাজ্যখনৰ বাবে শুভ সংকেট নহয় ।

লগতে পঢ়ক : হঠাৎ নিবনুৱা হৈ পৰিল 900 গৰাকী শিক্ষক-কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.